মেঘদুত ভৱনত কাম এটা আছিল তাৰ । ওলাব লওঁতেই বৰষুণ এজাক আহিল । বাছ আস্থানৰ ফালে সি খৰ খোজে গৈ থাকোতেই পিছফালৰ পৰা তাক কোনোবাই মাতিলে ।স্বপ্ননীল....( Assamese Storyboard )
ঘূৰি চালে সি ।ৰঙীন ছাটি এটি হাতত লৈ তাৰ ফালে চাই হাত জোঁকাৰি আছে শব্দময়ী ।
....
আহ..কি মধুৰ লাগিছে তাইৰ কণ্ঠত তাৰ নামটো । মাতক আকৌ এবাৰ মাতক তাই তাক ।নাই তাই আৰু নামাতিলে । মাথো আগুৱাই আহিল তাৰ কাষলৈ । স্বপ্ননীল তুমি ইয়াত ?
.....
উম কাম এটা আছিল । তোমাৰ ইমান মনত আছে মোৰ নামটো ?
মূহুৰ্ততে এছাতি লাজে আৱৰি পেলালে শব্দময়ীৰ ধুনীয়া মুখনি
.....
বাৰু তুমি ইয়াত কি কৰিছা শব্দময়ী? আজি কলেজ নাই?( Assamese Storyboard )
আছে। মইহে ইয়ালৈ আহিব লগা হল । মেঘদূত ভৱনত আমাৰ ঘৰৰ কাষৰ খুৰা এজন চাকৰি কৰে । তেওঁ ঘৰলৈ যাওঁতে মায়ে মোৰ কাৰণে কিবা দি পঠাইছে।তাকে নিবলৈ আহিছিলো ।
অহ । ভালে হল দিয়া তোমাক আকৌ লগ পালো । তাই হাহিলে ।বৰ্ষা মুখৰ দুপৰীয়াটোত দুয়ো একেলগে খোজ কাঢ়ি থাকিল । তাই অনৰ্গল কথা কৈ আহিল । তাইৰ মৰমৰ ঘৰখন, মাক দেউতাকক সৰু ভায়েকক এৰি দূৰত থকা দুখ, প্ৰিয় চহৰ খনৰ পৰা আঁতৰ হোৱা অনুভৱ । অলেখ কথা । সি শুনি গৈছিল ।
তাইৰ নিভাজ আন্তৰিকতাই তাক মুগ্ধ কৰিছিল । হৃদয় খন কিমান নিৰ্মল হলে কোনোবাই কাৰোবাক হিয়া উজাৰি এনেদৰে কথা কব পাৰে । হঠাতে সি ৰৈ দিলে । আৰু তাইৰ চকুলৈ চাই কলে
শব্দময়ী তুমি খুব ভাল ছোৱালী । তোমাৰ দৰে বান্ধবী এজনী বিচাৰো মই মোৰ জীৱনত । কোৱা তুমি মোৰ সেই বান্ধবী জনি হবা ?...
আগলৈ..........
প্ৰীতিৰেখা দাস
বাংগালোৰ
কৰ্ণাটক
ফোন _৮১০৫২৫২৩৫০
( Assamese Storyboard )
বিঃদ্ৰঃ উক্ত গল্পটি প্ৰীতিৰেখা দাসৰ দ্বাৰা লিখিত (যোগাযোগ নম্বৰ -৮১০৫২৫২৩৫০)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( এই ধাৰাবাহিকখন মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰকাশ পায় সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ গুগলত চাৰ্ছ কৰিব smj24.in )
No comments:
Post a Comment