শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৮) অন্তিম খণ্ড : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 20, 2021

শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৮) অন্তিম খণ্ড : Assamese Storyboard

Assamese Storyboard

মইয়ো বহুত ভাল পাওঁ তোমাক নীল। সেইহে তোমাৰ বাহিৰে আনৰ কথা কেতিয়াও ভাবিব নোৱাৰিলোঁ নীল । মোক ক্ষমা কৰা তুমি  । চিঠিখন মই তোমালৈ পঠিয়াব নালাগিছিল ।( Assamese Storyboard )


আকৌ এবাৰ ফেঁকুৰি উঠিল তাই ।


প্লিজ আৰু নাকান্দিবা মোৰ কলিজা । বহুত কষ্ট পালা তুমি । বহুত দুঃখ। মোৰো বহুত ভুল হৈ গল ।মই এবাৰ খবৰ লব লাগিছিল তোমাৰ । মোক তুমি ক্ষমা কৰা শব্দময়ী । যি হল সকলো পাহৰি যোৱা । 


মই তোমাক আনিবলৈ গৈ আছো । একেবাৰে মোৰ জীৱনলৈ । জীৱনৰ বাকী দিন কেইটা মই তোমাৰ কাষত পাৰ কৰিব খোজো । মোক এবাৰ সুযোগ দিয়া বিগত দিনৰ তোমাৰ দুঃখ চকুপানীবোৰ ধুই পেলাবলৈ । ( Assamese Storyboard )


আহিবানে তুমি একেবাৰে মোৰ কাষলৈ । কোৱা । তুমি অবিহনে মই বৰ অকলশৰীয়া ....

তুমি শুনি আছা শব্দময়ী ??


উম শুনিছোঁ নীল । তুমি জানা পূজালৈ আৰু বেছি দিন নাই ।তুমি আহিলে আমি এইবাৰ একেলগে পূজা চাম হা নীল। কিমান বছৰ যে হল মই পূজা চোৱা নাই ।


 উম চাম । তুমি প্ৰথমদিনা দেখা ৰঙা শাৰী খন পিন্ধিবা দেই । সেই শাৰীখনত খুউব ধুনীয়া লাগে তোমাক ।।শব্দময়ী তুমি শৰতৰ এপাহি শুভ্ৰ শেৱালি । আহা তুমি আহি সুৱাসীত কৰি দিয়া মোৰ উকা বুকুৰ পদূলি ।।

              <<   সমাপ্ত  >>


প্ৰীতিৰেখা দাস 

বাংগালোৰ 

কৰ্ণাটক

ফোন _৮১০৫২৫২৩৫০

( Assamese Storyboard )

বিঃদ্ৰঃ উক্ত গল্পটি প্ৰীতিৰেখা দাসৰ দ্বাৰা লিখিত (যোগাযোগ নম্বৰ -৮১০৫২৫২৩৫০)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৭) -  https://www.smj24.in/2021/11/assamese-storyboard_18.html




No comments:

Post a Comment

Advertisement

Pages