শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৭) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 18, 2021

শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৭) : Assamese Storyboard

Assamese Storyboard


মই তোমাৰ বাহিৰে আনৰ হব নোৱাৰিলো নীল। যদিও তোমালৈ চিঠি খন পথাইছিলো । মনক বুজাব নোৱাৰি বিয়াৰ এসপ্তাহ আগত দেউতাক সকলো কথা কৈ দিলো ।Assamese Storyboard )


কথাবোৰ জানি তেওঁ বিয়াখন কেন্সেল কৰে সিদিনাই ।তেওঁ তোমাক লগ পাব বিচাৰিলে । দেউতাৰ সতে মই তোমাৰ হোষ্টেল লৈ আহিচিলো । তুমি নাই। বহুদিন পিছত গম পালো তুমি বিদেশলৈ গুচি গৈছা। ।অসহায় হৈ পৰিছিলো মই নীল। তোমাৰ গাটো  কোনো ভুল নাই । মই নিজে আঁতৰাই পঠাইছো তোমাক মোৰ পৰা । 



দেউতা এদিন ঢুকাই থাকিল । দেউতাৰ শেষ ইচ্ছা পূৰণ নহল নীল । কিছু বছৰ পিছত মাও গুচি গল দেউতাৰ কাষলৈ। যোৱা বছৰ ভাইতিয়ে বিয়া পাতিলে । ঘৰৰ কাষৰ স্কুল এখনত চাকৰি কৰি আছো মই এতিয়া। 


স্তব্ধ হৈ সি শুনি থাকিল তাইৰ কথাবোৰ । আঁহ ইমানবোৰ দুখ অকলে বুকু পাতি ললে তাৰ শব্দময়ীয়ে । সিটো তাইৰ কথা ভাবি তাইৰ পৰিয়ালৰ কথা ভাবি আঁতৰি আহিছিল  দূৰলৈ । অথচ কি হৈ গল এইয়া ।Assamese Storyboard )


নীল কি হল মনে মনে আছা যে?

তোমাৰ কথা কোৱা । বৰ মন যায় কেতিয়াবা তোমাৰ খবৰ জানিবলৈ ।


খবৰ ভালে । মেলবোর্ন চহৰত চাকৰি কৰি আছো । ইয়াতে ঘৰ এটিও কিনিছো। সকলো ঠিকে আছে। কিন্তু তুমি কোৱাৰ পিছতো তোমাক পাহৰি যাব নোৱাৰিলোঁ । সেইহে অকলশৰে পাৰ কৰি আছো জীৱন । বহুত ভাল পাওঁ তোমাক বহুত। কপি উঠিল তাৰ মাতটো ।


আগলৈ....


প্ৰীতিৰেখা দাস 

বাংগালোৰ 

কৰ্ণাটক

ফোন _৮১০৫২৫২৩৫০

Assamese Storyboard )

বিঃদ্ৰঃ উক্ত গল্পটি প্ৰীতিৰেখা দাসৰ দ্বাৰা লিখিত (যোগাযোগ নম্বৰ -৮১০৫২৫২৩৫০)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৬) -  https://www.smj24.in/2021/11/assamese-storyboard_13.html


No comments:

Post a Comment

Advertisement

Pages