ইমান বছৰত এবাৰো সি ভাৰতলৈ যোৱা নাই । শব্দময়ীয়ে কোৱাৰ দৰে সি সচাকৈ এজন সফল মানুহ হল । কিন্তু এজন সুখী ব্যক্তি হব নোৱাৰিলে । তাইক পাহৰিব নোৱাৰিলে সি । ( Assamese Storyboard )
প্ৰতি মূহুৰ্তত মনৰ মাজত কঢ়িয়াই ফুৰে তাইলৈ অপাৰ ভালপোৱা । হঠাতে তাৰ তাইৰ খবৰ এটি জানিবলৈ খুৱ মন গল। কেনে আছে তাই । কুশলে আছেনে তাৰ মৰমৰ শব্দময়ী ?
সি বেলকনীৰ পৰা উঠি আহি লাইটটো জ্বলাই ঘৰিটো চালে । এঘাৰটা বাজিছে ।সি নিৰ্বাণক ফোন কৰিলে । কিছু সময় কথা পতাৰ পিচত ফোন থৈ নিৰ্বানে নন্দিতাৰ পৰা লৈ শব্দময়ীৰ ফোন নম্বৰ টো তাক দিয়ে ।
কপা কপা হাতেৰে সি ডায়েল কৰিলে ।
হেল্লো ....
উচাপ খাই উঠিল সি। সেই ফোনৰ সিটো মূৰে শব্দময়ী ।কিমান বছৰৰ পিছত যে শুনিলে সি সেই মাত।( Assamese Storyboard )
হেল্ল কোনে কৈছে ।
শব্দময়ী ....মই.... মই..
নীল .....স্বপ্ননীল....
মৌন হৈ পৰিল ফোনৰ সিটো পাৰ । মৌনতা ভাগি তাই মাত লগালে কেনে আছা তুমি নীল ?
আছো ভালে । তুমি কেনে আছা সংসাৰ ঠিকেই চলি আছেনে তোমাৰ ? তুমি সুখিনে শব্দময়ী ? পুনৰ মৌণ হৈ পৰিল শব্দময়ী । হঠাতে উচুপি উঠিল তাই । ধৰফৰাই উঠিল তাৰ বুকুখন। কিয় ?
কিয় কান্দিছে তাই ?...
আগলৈ..........
প্ৰীতিৰেখা দাস
বাংগালোৰ
কৰ্ণাটক
ফোন _৮১০৫২৫২৩৫০
( Assamese Storyboard )
বিঃদ্ৰঃ উক্ত গল্পটি প্ৰীতিৰেখা দাসৰ দ্বাৰা লিখিত (যোগাযোগ নম্বৰ -৮১০৫২৫২৩৫০)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( এই ধাৰাবাহিকখন মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰকাশ পায় সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ গুগলত চাৰ্ছ কৰিব smj24.in )
No comments:
Post a Comment