শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৫) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 11, 2021

শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৫) : Assamese Storyboard

Assamese Storyboard


বতৰটো সেমেকি আছিল সিদিনা । ভাল লগা নাছিল তাৰ । হঠাতে ঘৰলৈ যোৱা শব্দময়ীক বহুদিন দেখা নাছিল সি । পোৱা নাছিল তাইৰ কোনো খবৰ । তেনেকুৱাতে তাৰ নামত চিঠি এখন আহিছিল ।  হোষ্টেললৈ ।এখন অনাকাংখিত চিঠি । Assamese Storyboard )


শব্দময়ীৰ । তাই লিখিছিল । ।

হঠাতে তোমাক লগ নকৰাকৈ ঘৰলৈ আহিব লগা হল । দেউতাৰ গা বেয়া । ডাক্তৰে কৈছে তেওঁৰ লাষ্টষ্টেজ ।

তুমি বুজি পাইছা চাগে । তেওঁ কৰ্কট ৰোগত আক্ৰান্ত আছিল । দেউতাৰ শেষ ইচ্ছা তেওঁ জীয়াই থাকোঁতে মোৰ বিয়া খন চোৱাৰ । সেইহে মোৰ বাবে ঘৰত লৰা এজন চাইছে । অহা মাহত বিয়া । 

মনত আছে তোমাৰ তুমি এদিন মোক কৈছিলা তুমি তোমাৰ সপোন বোৰৰ কথা । কেৰিয়াৰৰ কথা । জীৱনত কিবা ডাঙৰ কৰাৰ কথা । সেইহে মোৰ সমস্যা বোৰৰ বোজা তোমাক দি  তোমাৰ সপোনবোৰ মই ধংস কৰিব নুখুজিলো । আশা কৰা মতে তুমি ডাঙৰ মানুহ হোৱা নীল । পাৰিলে মোক ক্ষমা কৰিবা  । 

মই তোমাৰ হব নোৱাৰিলোঁ । 

মোক পাহৰি যাবা  । Assamese Storyboard )

.....


ফেঁকুৰি ফেঁকুৰি কান্দিছিল নীলে বন্ধ কোঠাৰ ভিতৰত । তাইৰ শেষ চিঠি খনে নিমিষতে ভাগি দুটুকুৰা কৰি পেলাইছিল তাৰ ঠুনুকা কলিজা । তাইৰ ইচ্ছাক সন্মান জনোৱাৰ বাহিৰে তাৰ হাতত যে অন্য উপাই নাছিল । কিন্তু তাইৰ অবিহনে শান্তিত থকাটোও তাৰ বাবে সম্ভব পৰ নাছিল । 


পিছদিনাখনেই সি ঘৰলৈ গুচি গৈছিল । দেউতাকক কৈছিল সি বিদেশত পঢ়াৰ ইচ্ছা প্ৰকাশৰ কথা । সেইমতে সি গুচি আহিছিল অষ্ট্ৰেলিয়াৰ The Australian National University লৈ। তাতেই শিক্ষা শেষ কৰি Software company · Melbourne VIC, Australiat চাকৰিত যোগদান কৰে ।


আগলৈ..........


প্ৰীতিৰেখা দাস 

বাংগালোৰ 

কৰ্ণাটক

ফোন _৮১০৫২৫২৩৫০

Assamese Storyboard )

বিঃদ্ৰঃ উক্ত গল্পটি প্ৰীতিৰেখা দাসৰ দ্বাৰা লিখিত (যোগাযোগ নম্বৰ -৮১০৫২৫২৩৫০)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ৪) -https://www.smj24.in/2021/11/assamese-storyboard_9.html




No comments:

Post a Comment

Advertisement

Pages