শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ২) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 2, 2021

শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ২) : Assamese Storyboard

Assamese Storyboard


পাৰ হৈ থাকিল  সময় ।দিন মাহ । নাই ছোৱালীজনীক সি আৰু কতোয়েই দেখা নাপালে । অন্তহীন নিৰাশাৰে ভৰি থাকিছিল স্বপ্ননীলৰ মনৰ আকাশ ।। Assamese Storyboard )

সিদিনা আছিল দেওবাৰ । কলেজ বন্ধ । নিৰ্বানে লগ কৰিছিল তাক । মাহীয়েকৰ ছোৱালী এজনী নতুনকৈ সন্দিকৈ কলেজত নাম লগাইছে । গাৰ্লছ হোষ্টেলত থাকে । খবৰ এটা লব লাগে ।  সি না কৰিছিল। তাৰ গাৰ্লছ হোষ্টেলত যাব ভাল নালাগে । নিৰ্বানে বৰ জোৰ কৰিছিল তাক । তাৰো হেনো অকলে যাব ভাল নালাগে । অবশেষত সি মান্তি হৈছিল। 


ভিজিটিং ৰূমত দহ মিনিট মান অপেক্ষা কৰাৰ পিছত নিৰ্বাণৰ ভনীয়েক নন্দিতা ওলাই আহিল । লগত তাইৰ বান্ধৱী । নন্দিতাই চিনাকি কৰি দিলে বান্ধবী গৰাকীক । এইয়া মোৰ বান্ধবী শব্দময়ী । শব্দময়ী বৰঠাকুৰ । ভাল গান গায় তাই । প্ৰতি নমস্কাৰ দিবলৈ মুখলৈ চাই উচপ খাই উঠিল স্বপ্ননীল ।সময় যেন অলপ সময় ৰৈ গল তাতে । এইয়া সি সচাকৈ দেখিছেনে ? সেই দেৱকন্যাক ? যাক বিচাৰি সি ঘূৰ্মূতিয়াই ফুৰিছিল অতদিন? । নিৰ্বানে কলে ই মোৰ ভাল বন্ধু স্বপ্ননীল ।পঢ়াশুনাত যেনেকৈ চোকা তেনেকৈ ভাল গীটাৰ বজাই ।Assamese Storyboard )

শব্দময়ীয়ে কলে আমাক গীটাৰ বজাই শুনাব লাগিব এদিন ।


শুনাম, তেতিয়া তুমি গান গাব লাগিব । সলজ্জ হাঁহি এটি বিয়পী পৰিল তাইৰ ওঁঠত । সিঁহতে বহুত সময় কথা পাতিলে । যাবৰ সময় হৈছিল ।


সি কৈছিল তাইক তোমাৰ সতে চিনাকি হৈ ভাল লাগিল শব্দময়ী । আকৌ লগ  পামনে তোমাক ?


উম। পাবা ।তোমাৰ গীটাৰৰ সতে ।


সূহুৰীয়াই সূহুৰিয়াই সি হোষ্টেল পাইছিল ।মনতো এক অবুজ সুখানুভূতিৰে ভৰি পৰিছিল । বাটত সকলো বোৰ কথা কৈ পেলাইছিল নিৰ্বানক । এইজনী ই সেই ছোৱালী ।যাক সি পূজাৰ মণ্ডপত দেখা পাইছিল। বাৰে বাৰে ধন্যবাদ জনাইছিল নিৰ্বানক তাৰ বাবে আজি সি তাইক পুনৰ লগ পালে ।.....


আগলৈ..........


প্ৰীতিৰেখা দাস 

বাংগালোৰ 

কৰ্ণাটক

ফোন _৮১০৫২৫২৩৫০

Assamese Storyboard )

বিঃদ্ৰঃ উক্ত অসমীয়া গল্পটি প্ৰীতিৰেখা দাসৰ দ্বাৰা লিখিত (যোগাযোগ নম্বৰ -৮১০৫২৫২৩৫০)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে ।

শব্দময়ী, শৰতৰ তুমি এপাহি শুভ্ৰ শেৱালি (খণ্ড- ১) - https://www.smj24.in/2021/10/assamese-storyboard_31.html

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 



No comments:

Post a Comment

Advertisement

Pages