জন্মৰ পৰা ইমান ডেকা হ’লহি এচাটো পিটি নাপালো - মাতৃ : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 30, 2021

জন্মৰ পৰা ইমান ডেকা হ’লহি এচাটো পিটি নাপালো - মাতৃ : Assamese news

Assamese news


পুত্ৰ অনিমেষ ভূঞাৰ মৃত্যুক লৈ দুৰ্ভগীয়া মাতৃ গৰাকীয়ে মন্তব্য আগবঢ়াই যে, - মই তাক আজিলৈকে এচাটও পিটি নাপালোঁ। সেই ল'ৰাই আজি লোকৰ মাৰ খাই মাৰ খাই প্ৰাণ হেৰুৱায় দিলে। সংসাৰৰ পৰা বিদায় ল'লে লোকৰ মাৰ খাই। ( Assamese news )


আমি মাক-দেউতাকে এচাট পিটি নাপালোঁ জন্মৰ পৰা ইমান ডেকা হ'ল সি। দোকানৰ বস্তু আনিবলৈ গৈছিলে সি। কম্পিউটাৰৰ দোকান এখন আছেই,তাৰ পৰা আকৌ মমায়েকৰ কাৰণে দোকান এখন থিক কৰিছিলে ।তাৰ কাৰণে বস্তু কেইটামান আনিবলৈ লগতে লগৰ ল'ৰা এটাৰ দোকান এখনতো লাগি দিছে ।সেয়ে তাৰ আৰু লগৰ ল'ৰাটোৰ দোকানৰ একেলগে বস্তু কেইটামান আনিম বুলি যোৰহাটলৈ যোৱা কথা পাতিলে কালি গধুলি।


 তাৰ পাছত ৰাতিপুৱা দোকান গৈছে দোকান খুলি আহি গা -পা ধুই মোক ক'লে- ভাত হ'লনে মা? মই ক'লো হ'ল। দে মই যোৰহাটলৈ যাওঁ। মই ক'লো এতিয়া কি লৈ যাবি। সি বাইককে লৈ যাম বুলি  ক'লে। তাৰ অকণমান দেৰি পাছত দুয়োটাই  গাড়ীকে লৈ যাওঁ বুলি পাতিলে চাগে। মই আকৌ সেইটো কথা গম নাপাওঁ বাৰু। পাছতহে গম পাইছোঁ। চাৰিচকীয়া লৈ গ'ল আমাৰ এই কাষৰ মানুহ এঘৰৰ পৰাই। ১২ টা মান বজাত উলাই গৈছে। সন্ধিয়া পাবহি চাগে আৰু মই ভাবি আছোঁ। আবেলি আকৌ ঘৰতো মানুহ নাই ছোৱালীজনী স্কুলৰ পৰা আহিছে । মই তাইক খাবলৈ দিছোঁ। খাবলৈ দিওঁতে ভতিজাটোৰ ছোৱালীজনীয়ে তাইক মাতিছে এইফালে আহা চোন এইফালে আহা। মই তেতিয়া লক্ষ্য কৰিছোঁ তাইক মতা ৰূপটো অলপ বেলেগ হৈছে। ( Assamese news )


তাৰ পাছত মই সুধিছোঁ কেলেই মাতিছ তাইও কৈছে কেলেই মাতিছ। তাই কৈছে আঁহা চোন আঁহা ।তাই মানে মোৰ ওচৰত ক'বলৈ সাহস কৰা নাই।তাই সেইফালে দি গ'ল মই পাছফালে দি গ'লো গৈ দেখিছোঁ গোটেইকেইজনী নবৌয়ে কথা পাতি আছে ।গাড়ী গ'ল আৰু যিবোৰ ভতিজা ককায়েকহঁত আছিলে চব গ'ল। মই যোৱা নেদেখিলো। মই ভিতৰত থাকোঁতেই গ'ল। নবৌহঁতে কথা পাতি আছে ।তেনেকুৱাতে ভতিজা বোৱাৰীজনী আগবাঢ়ি আহিছে। অ' খুৰী আপুনি চিন্তা নকৰিব আমি এনেকে খবৰ এটা পাইছোঁ। কি খবৰ? ৰঘু যোৰহাটলৈ গৈছিলে যে অকণমান দুখ পাইছে হ'বলা। আমাৰ এওঁলে ফোন কৰিলে এতিয়া চব গৈছে। এক্সিডেন্টত হোৱা নাই অলপ মান দুখ পাইছে। তাৰ পৰা অলপ মান দুখ পাইছে বুলি কোৱা পাছত এইফালৰ পৰা চাৰিচকীয়া গৈছে বাইক গৈছে সেইফালৰ পৰা ভিনিয়েক আহিছে। দেৰগাঁৱৰ পৰা গৈছে । ভাগিন আছে ভাগিন গৈছে। 


মোৰ তেতিয়া মনটো গুন্ধাইছে যে নিশ্চয় ঘটনাটো ডাঙৰেই হ'ব। কিন্তু  মই ভবা নাই মাৰি পেলাই কোনোবাই মোৰ ল'ৰাটো শেষ কৰি দিছে বুলি। মই ভাবিছোঁ চাৰিচকীয়া লৈ গৈছিলে চাগে এক্সিডেন্টত হ'ল। মই সেইটোহে ভাবিছিলোঁ। মোক সিহঁতি ক'বলৈ ভয় কৰিছে অকণমান বেছি আৰু চাগে। সেইকাৰণে গোটেইবোৰ গৈছে। তাৰ ৫মিনিট মানৰ পাছত ইহঁতি আলেঙে-আলেঙে কথা পাতি আছে মই ধৰিব পাৰিছো আৰু । মই এইফালে থাকোঁতে পাছফালে মাহীয়েকে ফোনত গম পাই গ'ল। মাহীয়েকে ৰাওঁচি জোৰোতে মই জানিছো আৰু যে কিবা হ'ল। সেই সিমানকে ক'ব পাৰো আৰু। মই এচাট পিটি নাপালোঁ। সেই ল'ৰাই আজি মাৰ খাই মাৰ খাই প্ৰাণ হেৰুৱায় দিলে।সংসাৰৰ পৰা বিদায় ল'লে লোকৰ মাৰ খাইয়ে।আমি মাক-দেউতাকে এচাট পিঠি নাপালোঁ জন্মৰ পৰা ইমান ডেকা হ'ল সি।"

সাংবাদিকৰ আগত কান্দী কান্দী উক্ত কথা ব্যক্ত কৰে যোৰহাট কাণ্ডত প্ৰাণ হেৰুৱা অনিমেষ ভূঞাৰ দুৰ্ভগীয়া মাতৃ গৰাকীয়ে।( Assamese news )

No comments:

Post a Comment

Advertisement

Pages