অনিমেষ ভূঞা হত্যাকাণ্ড সন্দৰ্ভত অখীল গগৈয়ে কলে এনেদৰে : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 30, 2021

অনিমেষ ভূঞা হত্যাকাণ্ড সন্দৰ্ভত অখীল গগৈয়ে কলে এনেদৰে : Assamese news

Assamese news

"যোৰহাট নগৰৰ মাজমজিয়াত আজি দুপৰীয়া  গণপ্ৰহাৰত মৃত্যু হোৱা সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ মৃত্যুত অতি মৰ্মাহত হলোঁ।( Assamese news )


প্ৰয়াত অনিমেষ ভূঞালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷ তদুপৰি ঘটনাটোত আঘাতপ্ৰাপ্ত আন এগৰাকী প্ৰণয় দত্ত আৰু ‘প্ৰতিদিন টাইম’ৰ সংবাদকৰ্মী মৃদুষ্মন্ত বৰুৱাৰ আৰোগ্য কামনা কৰিছোঁ।( Assamese news )


দিন দুপৰতে হোৱা এই বৰ্বৰ হত্যাকাণ্ডৰ সৈতে জড়িত প্ৰতিজন অপৰাধীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিলোঁ। 


এখন গণতান্ত্ৰিক দেশত এইধৰণৰ গণ উন্মাদনা (Mob Lynching) ৰ দৰে ঘটনা কেতিয়াও গ্ৰহণযোগ্য হব নোৱাৰে। সেইবাবে চৰকাৰক দাবী জনাওঁ যে গণ উন্মাদনাৰ বিৰুদ্ধে চৰকাৰে এখন কঠোৰ আইন প্ৰণয়ন কৰক।" - অখীল গগৈ ( বিধায়ক,শিৱসাগৰ )

Assamese news )

No comments:

Post a Comment

Advertisement

Pages