যোৰহাট কাণ্ডৰ সন্দৰ্ভত সমষ্টিটোৰ বিধায়কৰ প্ৰথম প্ৰতিক্ৰিয়া : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 30, 2021

যোৰহাট কাণ্ডৰ সন্দৰ্ভত সমষ্টিটোৰ বিধায়কৰ প্ৰথম প্ৰতিক্ৰিয়া : Assamese news

Assamese news

"যোৰহাটত কালি সংঘটিত বৰ্বৰ ঘটনাটো কেৱল যোৰহাটবাসী নহয় সমগ্ৰ মানৱ সমাজকেই লজ্জানত কৰা এটা ঘটনা। ( Assamese news )

কালি যোৰহাটৰ বাবে গুৰুত্বপূৰ্ণ অভিলাষী CIDF প্ৰকল্পৰ এখন অতি গুৰুত্বপূৰ্ণ সভা গুৱাহাটীত অনুষ্ঠিত হোৱাৰ বাবে মই যোৰহাটৰ বিধায়ক হিচাপে উক্ত সভাত উপস্থিত আছিলো। একান্ত গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থকাৰ মাজতে অতি দুখজনক এই ঘটনাৰ খবৰটো পাওঁ আৰু শীঘ্ৰেই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সবিশেষ জনোৱাৰ লগতে তেখেতৰ পৰা ঘটনাৰ উচিত আৰু ক্ষীপ্ৰ তদন্তৰ আশ্বাস লাভ কৰোঁ। ( Assamese news )

সভাখন নিশালৈকে সমাপ্ত কৰি উভতি আহো আৰু আজি পুৱা ভুক্তভুগী যুৱক কেইজনৰ পৰিয়ালৰ কাষত উপস্থিত হওঁ। 

এজন যোৰহটীয়া হিচাপে আৰু এজন মানুহ হিচাপে উক্ত ঘটনাটি   মোৰ বাবে অসহনীয়। ঘটনাৰ লগত জড়িত প্ৰতিজন দোষীক উচিত বিচাৰ কৰি কঠোৰ শাস্তি বিহিবৰ বাবে সকলো পক্ষৰ সহযোগিতাৰে চেষ্টা চলোৱা হ'ব।"- হিতেন্দ্ৰ নাথ গোস্বামী ( বিধায়ক,যোৰহাট )

 ( Assamese news )

No comments:

Post a Comment

Advertisement

Pages