যোৰহাট কাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কলে এনেদৰে : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 30, 2021

যোৰহাট কাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কলে এনেদৰে : Assamese news

Assamese news

"যোৰহাটত কালি দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা এক অবাঞ্ছিত তথা শোকাৱহ ঘটনাত অনিমেষ ভূঞা নামৰ উদীয়মান যুৱকজনে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাত গভীৰভাৱে মৰ্মাহত হৈছোঁ৷ ( Assamese news )


এই ঘটনাত জড়িত থকা বুলি চিনাক্ত কৰাসকলক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে৷ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশনা দিছোঁ৷ লগতে এমাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈ কৈ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান শ্ৰী জি পি সিঙক ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া ব্যক্তিগতভাৱে তদাৰকৰো নিৰ্দেশনা প্ৰদান কৰিছোঁ৷  ( Assamese news )


আমাৰ চৰকাৰৰ হৈ সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে আৰু অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ এই কৰুণ সময়ত ঘটনাত নিহত অনিমেষ ভূঞাৰ পৰিয়ালক আমাৰ চৰকাৰৰ তৰফৰ পৰা অত্যন্ত বিনম্ৰতাৰে ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰা হ'ব৷" - ড° হিমন্ত বিশ্ব শৰ্মা ( মুখ্যমন্ত্ৰী,অসম )

 ( Assamese news )

No comments:

Post a Comment

Advertisement

Pages