মাজুলী আৰু যোৰহাটবাসী সকলৰ বাবে ভাল খবৰ : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 29, 2021

মাজুলী আৰু যোৰহাটবাসী সকলৰ বাবে ভাল খবৰ : Assamese News


আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মাজুলীৰ দক্ষিণপাটত ৮.২৫ কিল’মিটাৰ দৈর্ঘ্যৰ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।Assamese News ) 


লক্ষ্ণৌৰ ‘ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকচন কৰ্প’ৰেচন লিমিটেডে’ নিৰ্মাণ কৰিব লগীয়া দলংখনৰ বাবে কেন্দ্রীয় চৰকাৰে ৯২৫.৪৭ কোটি টকা মঞ্জুৰ কৰিছে।



প্রকল্পটি সম্পূর্ণকৰণৰ বাবে সময়সীমা নির্ধাৰণ কৰা হৈছে ৪৮ মাহ। উদ্বোধনী অনুষ্ঠানত প্ৰকল্পটো অনুমোদন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্রীনৰেন্দ্ৰ মোদী  ডাঙৰীয়া আৰু পথ, যাতায়াত আৰু ঘাইপথ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্রীনীতিন গাডকাৰি ডাঙৰীয়ালৈ কৃতজ্ঞতা প্রকাশৰ লগতে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীসৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অৱদানৰ কথা স্মৰণ কৰে। 


এই দলংখন মাজুলীৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু সম্পূৰ্ণ হোৱাৰ পাছত ই যোৰহাট আৰু মাজুলীৰ মাজত যোগাযোগৰ ক্ষেত্ৰত এক দৃষ্টান্তমূলক পৰিৱৰ্তন সূচনা কৰাৰ উপৰি নদীদ্বীপ জিলাখনৰ দ্ৰুত বিকাশ ঘটাব বুলিও মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে।  Assamese News ) 


তদুপৰি অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰা মাজুলী-লখিমপুৰ সংযোগী ধূনাগুৰিত এখন নতুন দলং ৭৫০ কোটি টকাৰ নিজা ব্যয়ৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলিও মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।



এই কাৰ্যসূচীৰ লগতে দক্ষিণপাটত অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ আঁচনি, ২০২১ৰ অধীনত মাজুলীৰ ৫৩৩গৰাকী হিতাধিকাৰীৰ লগতে ভূমি অধিগ্ৰহণ ক্ষতিপূৰণৰ ৫টা ক্ষতিগ্ৰস্ত পৰিয়ালক মুখ্যমন্ত্রীৰ দ্বাৰা চেক প্ৰদান কৰা হয়।


এই অনুষ্ঠানত মাননীয় মন্ত্ৰী শ্রীবিমল বৰা আৰু মাননীয় বিধায়ক শ্রীনৱ কুমাৰ দলেও উপস্থিত থাকে।Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages