শীতকালত শৰীৰৰ যত্ন কেনেদৰে লোৱা হয় জানোঁ আহক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 25, 2021

শীতকালত শৰীৰৰ যত্ন কেনেদৰে লোৱা হয় জানোঁ আহক : Assamese Health Tips

Assamese Health Tips


ঠাণ্ডাৰ দিন পৰাৰ লগে লগে প্ৰকৃতিত  'বাত'ৰ প্ৰকোপ বাঢ়ে । 'বাত' মানে হল বায়ু  বা বতাহ । যিদৰে বতাহত  তিতা কাপোৰ থলে শুকাই যায় , ঠিক সেইদৰে ঠাণ্ডাৰ দিনত আমাৰ শৰীৰটোও শুকাই যায় ।  Assamese Health Tips ) 


যাৰ বাবে বিভিন্ন ছালৰ সমস্যা , খৰ খজুৱতি , ছাল ফাটি যোৱা , ওঁঠ  গোৰোহা আদি ফাটি যোৱা চুলিৰ আগবোৰ ফাটি যোৱা , ছালৰ উজ্জলতা কমি যোৱা  আদি সমস্যা আহে । 


বয়সীয়াল ব্যক্তিসকলৰ ক্ষেত্ৰত ঠাণ্ডাৰ দিনত গাৰ বিষ , গাঁঠিৰ বিষ আদি বেছি হয় । শৰীৰ শুকাই যোৱা বাবে গাঁঠিৰ জুলীয়া বস্তুবোৰ  শুকাই যায় আৰু বিষ বেছি হয় । 


ঠাণ্ডাৰ দিনত শৰীৰ ভালে ৰাখিবলৈ তলৰ নিয়মকেইটা পালন কৰক আৰু সুস্থ হৈ থাকক । 


সকলোৱে ৰাতিপুৱা উঠি পোন প্ৰথমে গৰম পানী খাওঁক । খাদ্যৰ লগত  প্ৰাকৃতিক তেলৰ পৰিমাণ বঢ়াই দিয়ক । প্ৰাকৃতিক তেল মানে হল যিবোৰ তেল  বীজৰ পৰা ওলায় । যেনে তিল , সৰিয়হ , বাদাম , নাৰিকল আদি । 

অপ্ৰাকৃতিক তেল বৰ্জনীয় । 


প্ৰাকৃতিক তেল ব্যৱহাৰ কৰিলে শৰীৰৰ দৰকাৰ হোৱা তেলৰ যোগান ধৰিব । যিদৰে ঠাণ্ডাৰ দিনত ওঁঠ ফাটিলে আমি মিঠাতেল লগাও  আৰু মিঠাতেল লগালে কিছুসময় ভাল হয় । ঠিক সেইদৰে ভাল তেল খালেও শৰীৰৰ ভিতৰত দৰকাৰ হোৱা তেল যোগান পাব আৰু আমাৰ শৰীৰটো ভিতৰৰ পৰা উজ্বল কৰি তুলিব ।  Assamese Health Tips ) 

উজ্জ্বল কৰাৰ উপৰিও বাকী বেছিভাগ সমস্যাই ঠিক হৈ যায় । 


সেইবাবেই আমাৰ মাঘ বিহুত তেলজাতীয় বস্তুৰ বেছিকৈ ব্যৱহাৰ হয় ।  যেনে তিল পিঠা , নাৰিকল পিঠা , বাদাম , তেলপিঠা আদি । 


ইয়াৰ পাছত ঠাণ্ডাৰ দিনকেইটা ডাঙৰ সৰু সকলোৰে বাবে মালিছৰ খুব দৰকাৰ হয়।   গা ধুৱাৰ এঘণ্টা আগতে কালজিৰা তেল আৰু মিঠাতেল মিহলাই লৈ শৰীৰটো মালিচ কৰি লৈ বেচন-হালধীৰ মিশ্ৰণেৰে গা ধুব । ঠাণ্ডাৰ দিনত চাবোন একেবাৰেই নলগাব । কাৰণ চাবোনে  আমাৰ ছালৰ তেলটো  উলিয়াই দিয়ে আৰু এই তেলবিধ নোহোৱা হলে ছালৰ ভয়ংকৰ বেমাৰবোৰ যেনে চৰাইছিছ , একঝিমা , ছালৰ কৰ্কট ৰোগ আদি হয় ।  


ইয়াৰ পিছত ঠাণ্ডাৰ দিনত গধূলি সদায় বাদাম , শুকান নাৰিকল , তিলৰ লাড়ু বা নাৰিকলৰ লাড়ু সকলোৱে খাব পাৰে । ইয়াৰ পৰা শৰীৰে আৱশ্যকীয় তেল সংগ্ৰহ কৰিব পাৰিব । 


ঠাণ্ডাৰ দিনত শৰীৰৰ প্ৰতিষেধক শক্তি কমি যায় । প্ৰতিষেধক শক্তি বঢ়াই ৰাখিবলৈ গিলোয়ি ৰস খাব পাৰে নিতৌ । 


ত্ৰিফলা গুড়ি বিশেষকৈ ঠাণ্ডাৰ দিনত শিলিখা আৰু আমলখি বেছি পৰিমানে দি বনাই খালে এই কেইমাহ ভাল প্ৰতিষেধকৰ কাম কৰিব । 


ত্ৰিফলাৰ শিলিখাটো হল ' কফ'ৰ ঔষধ । এই সময়ত ঠাণ্ডা বেছি হোৱা বাবে 'কফ'ৰ সমস্যাও বাঢ়িব । 


ত্ৰিফলা গুড়ি যিসকলে ঘৰতে বনায় , তেওঁলোকে ঠাণ্ডাৰ দিনৰ বাবে ত্ৰিফলা গুড়ি তলৰ অনুপাতত বনাব । 


আমলখি : ভোমোৰা:শিলিখা 

3:1:3 


এইটো অনুপাত কেৱল ঠাণ্ডাৰ দিনৰ সাধাৰণ ব্যক্তিসকলৰ বাবে শৰীৰৰ প্ৰতিষেধক শক্তি বঢ়োৱা আৰু ঠাণ্ডাৰ দিনৰ সৰু সৰু ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ দিয়া হৈছে । 

ৰাতিপুৱা এচামুছ ত্ৰিফলা গুড়ি আৰু দুই চামুচ মৌ মিহলাই ডাঙৰে খাব পাৰে আৰু সৰুৰ বাবে পৰিমাণ আধা হব ।। 


ঠাণ্ডাৰ দিনত যিসকলৰ গাৰ বিষ বা গাঁঠিৰ বিষ আদি বেছি হয় , তেওঁলোকে তলৰ অনুপাত মতে ত্ৰিফলা বনাই খাব । 


ভোমোৰা :আমলখি:শিলিখা 

3:1:2 


খোৱাৰ নিয়ম হল ৰাতিপুৱা গুড় এক চামুচ , গৰম পানী এক কাপ আৰু ত্ৰিফলা এক চামুচ ।। 

মধুমেহ ৰোগীয়ে উল্লেখ কৰা ধৰণে ৰাতি গৰম পানীৰ লগত খাব । 


ঠাণ্ডাৰ দিনত ৰাতি শোৱাৰ সময়ত সদায় নাভিত মিঠাতেল লগাই 30 চেকেণ্ড লাহে লাহে আঙুলি ঘূৰাব আৰু  মুখত Young look Aloevera Gel লগাব পাৰে । ই মৰা কোষ বিলাক আঁতৰাই চালটো উজ্বল কৰি ৰাখিব ।। এইদৰে কৰিলে ঠাণ্ডাৰ দিনকেইটা বিশেষ কোনো সমস্যা নোহোৱাকৈ পাৰ হব । ধন্যবাদ ।।


ওপৰৰ দিয়া সামগ্ৰীবোৰ তলৰ লিংকটোত online যোগে উপলব্ধ -  https://sanjeevan.catalog.to/s/sanjeevan/ayurvedic/17z


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages