পাণৰো আছে ঔষধি গুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 29, 2021

পাণৰো আছে ঔষধি গুণ : Assamese Health Tips

Assamese Health Tips


অসম দেশখন বিভিন্ন ঔষধি যুক্ত গছ-গছনিৰে পৰিপূৰ্ণ। পাণো এবিধ ঔষধি গছ। ই লতাজাতীয় গছ। সাধাৰণতে মুখ শুদ্ধি কৰিবলৈ তামোলৰ লগত নাইবা চুপাৰিৰ লগত পাণ খোৱা হয়। উদ্ভিদ বিজ্ঞানত পাণক piper betel নামেৰে জনা যায়। পাণত প্ৰটিন, চৰ্বী, খনিজ, কাৰ্বহাইড্ৰেট, থাইমিন, নাইচিম, ভিটামিন চি, কেলছিয়াম আদি থাকে। পাণৰ পৰা এবিধ তেলো তৈয়াৰ কৰা হয়। Assamese Health Tips ) 


এই তেল সুগন্ধি যুক্ত। পাণৰ ঔষধি গুণ সমূহ হৈছে-


১) জ্বৰ হলে শৰীৰ দুৰ্বল হয়। তেতিয়া নহৰু আদাৰ লগত পাণ দুখিলা থেতেলিয়াই ৰস উলিয়াই অকমাণ নিমখৰ লগত খালে দুৰ্বলতা কমে। 


২/কেচুঁৱাৰ শৌচ নহলে পাণৰ  ঠাৰিত মিঠাতেল সানি শৌচ দ্বাৰাৰে সুমুৱাই দিলে শৌচ হয়। 


৩/দাঁতৰ যিকোনো ৰোগত ধপাতৰ লগত পাণ চোবালে পাণ ভাল পোৱা যায়। 


৪/পাণে মুখৰ দুৰ্গন্ধ নাশ কৰে। 


৫/মূৰত ওকণি হলে পাণৰ ৰস মূৰত ঘহিলে ওকণি কমে। Assamese Health Tips ) 


৬/পাণৰ শিপা খুন্দি ৰস খালে মহিলাৰ যৌনশক্তি বৃদ্ধি হয়। 


৭/কেতিয়াবা হাড়ৰ জোৰাবোৰ ওখহি বিষ হয়। তেতিয়া কেইখিলামান পাণ মিহিকৈ পিহি ৰস উলিয়াই আক্রান্ত অংশত লেপ দিলে আৰাম পোৱা যায়। 


৮/মূৰৰ বিষ হলে, পাণ থেতেলিয়াই লগালে আৰাম পোৱা যায়। 


৯) অৰ্জীণ ৰোগত পাণ আৰু তুলসী পাতৰ ৰস উলিয়াই খালে অৰ্জীণ ৰোগ ভাল হয়। 


১০/কফ বহি উশাহ লোৱাত কষ্ট হলে, পাণত সৰিয়হ তেল লগাই জুইত সেকি বুকুত লগালে কফ ওলাই আৰু উশাহ লোৱাত কষ্ট দূৰ হয়। 


১১/স্নায়ু সবল কৰিবলৈ প্ৰতিদিনে অলপমান পাণৰ ৰসৰ লগত এচামুচ মৌ খালে ভাল ফল পোৱা যায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages