স্বাস্থ্যৰ ক্ষেত্ৰত চফ বা পাণমুৰিৰ ঔষধি গুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 20, 2021

স্বাস্থ্যৰ ক্ষেত্ৰত চফ বা পাণমুৰিৰ ঔষধি গুণ : Assamese Health Tips

Assamese Health Tips


চফ বা পাণমুৰি সাধাৰণতে মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। পাণমুৰিয়ে যে, কেৱল মুখশুদ্ধিয়ে কৰে এনে নহয়। ইয়াৰ ঔষধি গুণো আছে। ( Assamese Health Tips ) সেয়া হৈছে-


১) পাণমুৰি মিছিৰি পানীত তিয়াই, সেই পানী পাণমুৰি সৈতে খালে টেঙা উগাৰত আৰাম পোৱা যায়। 


২) পাণমুৰি গুড়ি কৰি চালি লৈ ৰাতি গাখীৰৰ লগত শুৱাৰ আগে খালে মস্তিষ্ক সবল হোৱাৰ লগতে কোষ্ঠকাঠিন্য দূৰ হয়। 


৩) কেতিয়াবা হঠাৎ হিকতি আহি আমাক আমনি কৰে। তেতিয়া পাণমুৰি গুড়ি এগিলাচ পানীত তিয়াই খালে হিকতি নোহোৱা হয়। 


৪) পাণমুৰি যিহেতু আহাৰ খোৱাৰ পাচত খোৱা হয়। সেয়ে ই আমাৰ খাদ্য সজম হোৱাত সহায় কৰে। 


৫) দৃষ্টিশক্তি বৃদ্ধিটো পাণমুৰিয়ে সহায় কৰে। ( Assamese Health Tips ) 


৬) কেতিয়াবা পেট কামুৰি শৌচৰ লগত শাও পৰে। তেতিয়া গুড়ৰ লগত পাণমুৰি মিহলাই খালে, শাও পৰা কমে। 


৭) পুৰণি জ্বৰত পাণমুৰি খালে আৰাম পোৱা যায়। দুচামুচ পাণমুৰি গুড়ি কৰি, পানীত তিয়াই কম জুইত উতলাই কুহুমীয়া অৱস্হাতে ৰোগীক খোৱালে ভাল। 


৮) পেটৰ বিষত পাণমুৰি খালে, বিষ কমে 


৯) প্ৰস্ৰাৱ কম হলে, পাণমুৰিৰ চৰবত বনাই খালে, প্ৰস্ৰাৱ বৃদ্ধি হয়। 


১০) কোষ্ঠিকাঠিন্যত কষ্ট পালে, পাণমুৰি গুড়ি কৰি ৰাতি শুৱাৰ আগে এগিলাচ  কুহুমীয়া পানীৰ সৈতে খালে পেট পৰিষ্কাৰ হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages