জলফাই পাতৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 26, 2021

জলফাই পাতৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips


জলফাইৰ পাত ডায়েবেটিচ আৰু হাইপ্ৰেচাৰ, নিয়ন্ত্রণ কৰিবলৈ মহৌষধ।  Assamese Health Tips ) 


ডায়েবেটিচ ৰোগৰ বাবে, বিশেষজ্ঞাসকলে মূলতঃ দায়ী কৰিব বিচাৰে আমাৰ অনিয়ন্ত্রিত জীৱন যাপন। এবাৰ ডায়েবেটিচ দেখা দিলে ই কাৰ্য্যত শৰীৰৰ বিভিন্ন অংগত লাহে লাহে সমস্যাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। 


এই ডায়েবেটিচ নিয়ন্ত্রণৰ বাবে বহু ধৰণৰ ঘৰুৱা পদ্ধতি আছে। তাৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ ঘৰুৱা উপকাৰ হল, জলফাইৰ পাত। ডায়েবেটিচ নিয়ন্ত্রণ কৰিবলৈ জলফাইৰ পাত, কিদৰে ব্যৱহাৰ কৰা যায়, আৰু ইয়াৰ পৰা শৰীৰত কি ধৰণৰ উপকাৰ হব পাৰে, তাৰে কথাৰে, সাধাৰণভাৱে জলফাইৰ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ ফলত জলফাইৰ পাত সেৱন কৰিলে তেজৰ শৰ্কৰাৰ হাৰ কমাই দিব পাৰে। ইয়াৰ উপৰি জলফাইৰ পাতে দেহত ইনছুলিনৰ হাৰ বৃদ্ধি কৰিব পাৰে। ফলত জলফাইৰ পাতে ডায়েবেটিচ নিয়ন্ত্রণৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 


 প্ৰথমে জলফাই গছৰ পাত ৪/৫ টা ‌মান পাত সংগ্রহ কৰি ধুই লব। ইয়াৰ পাছত উক্ত পাত মিক্সিৰ সহায়ত বা আন কোনো উপায়ে পিহি লৈ, চেকনিৰে চেকি তৰলখিনি উলিয়াই লব লাগিব। এই প্ৰক্ৰিয়া ভালদৰে কৰিলে ১কৰপৰা ২চামুচ তৰল ৰস উলাব। উক্ত ৰস তিনিদিন সেৱন কৰিলে ডায়েবেটিচ ৰোগৰ পৰা উপকাৰ পোৱাৰ লগতে হাৰ্টৰ বেমাৰ, এলজাইমাৰ, পেংক্ৰিয়াছসহ, একাধিক অসুবিধা দূৰ কৰাত সহায় কৰিব পাৰে।  Assamese Health Tips ) 


ইয়াৰ উপৰিও তেজত থকা কোলেষ্টৰল অথবা এইচডিএলৰ মাত্রা বৃদ্ধি কৰি এচডিএছৰ (বেয়া কলেষ্টৰল) মাত্ৰা কমাই দিয়ে। ই এন্টিঅক্সিডেন্ট আৰু এন্টিইনফ্লেমেটৰি হোৱাৰ বাবে আপোনাৰ শৰীৰৰ ছাল সতেজ কৰি তুলিব পাৰে। 


উল্লেখযোগ্য যে, ভূমধ্যসাগৰীয় অঞ্চলৰ দৈনন্দিন খাদ্যত জলফাইৰ ব্যৱহাৰ প্ৰাধান্য পায়। বেছি পৰিমাণে আমাৰ অসমীয়া খাদ্য তালিকাটো জাৰকালি জলফাইৰ চাটনিয়ে এক বিশেষ স্থান পায় থাকে। কিন্তু জলফাই ফল আমাৰ আহাৰত গুৰুত্ব পালেও এতিয়ালৈকে জলফাইৰ পাতে আমাৰ খাদ্য তালিকাত তেনে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। 


হাইপ্ৰেচাৰ নিয়ন্ত্রণৰ ক্ষেত্রত জলফাইৰ পাতে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। আনকি নিয়মিত জলফাইৰ পাতৰ ৰস সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব পাৰে। 


উল্লেখযোগ্য যে জলফাইৰ গছ প্ৰাচীন কালৰে পৰা গ্ৰীক সকলে শান্তি আৰু বন্ধুত্বৰ প্ৰতীক হিচাপে ব্যৱহৃত কৰে। আনহাতে তেতিয়া অলিম্পিকৰ পদক বিজেতাসকলক জলফাইৰ পাতৰ মুকুট উপহাৰ দিয়াৰ উদাহৰণ পোৱা যায় ইতিহাসে পাতত।।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages