ৰাতিপুৱা কিছুমান অভ্যাসৰ জৰিয়তে সুস্বাস্থ্য গঢ়ি তোলক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 25, 2021

ৰাতিপুৱা কিছুমান অভ্যাসৰ জৰিয়তে সুস্বাস্থ্য গঢ়ি তোলক : Assamese Health Tips

Assamese Health Tips


মানুহে যেতিয়া স্বাস্থ্যৰ কথা ভাৱিবলৈ লৈ, তেতিয়া সকলোৱে নিজকে সুস্থ কৰি ৰাখিবলৈ বহুতো পদ্ধতি অৱলম্বন কৰে। সেয়া কৰাই হওক, নাইবা যোগাভাস কৰাই হওক। ইয়াৰ উপৰিও আমি যথেষ্ট পৰিমাণত পানী সেৱন কৰোঁ। কিন্তু স্বাস্থ্যবান আৰু শৰীৰ সুস্থ কৰি ৰাখিবলৈ বিয়াম, যোগাভ্যাসৰ লগতে সঠিক খাদ্য খোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ।  Assamese Health Tips ) 


ৰাতিপুৱা শুই উঠি কিছুমান বস্তু খোৱাৰ ফলত, আমাৰ শৰীৰৰ বাবে যথেষ্ট লাভজনক বুলি গণ্য কৰা হয়। ইয়াৰ বাবে এনে কিছুমান খাদ্য আছে, যিবোৰ ৰাতি তিয়াই পুৱা খোৱাৰ ফলত শৰীৰ সুস্থ হৈ থকাত সহায়ক হয়। লগতে এই খাদ্যবোৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ৰোগৰ পৰা আঁতৰ কৰি ৰাখে। 


এইকেবিধ সামগ্রী ৰাতি তিয়াই পুৱা গ্ৰহণ কৰিলে, যথেষ্ট সুফল পোৱা যায়। 


১) মেথি গুটি

ৰাতি মেথি গুটি এগিলাচ পানীত তিয়াই ৰাখক। তাৰ পাছত ৰাতিপুৱা শুই উঠি মেথি গুটিৰ সৈতে পানীগিলাচ খাওক। এনে কৰিলে গাঁঠিৰ বিষৰ পৰা সকাহ পাব পাৰি। আজিকালি গাঁঠিৰ বিষ এটা সাধাৰণ সমস্যাত পৰিণত হৈছে। মেথি গুটি পেটৰ বাবেও উপকাৰী। ই কোষ্ঠকাঠিন্য উপশম কৰাত সহায় কৰে। আৰু অন্ত্ৰবোৰ পৰিষ্কাৰ আৰু হজম শক্তি বৃদ্ধি কৰি ৰাখে। মেথি গুটিৰ সেৱনে মহিলাৰ ঋতুস্রাৱৰ সময়ত হোৱা বিষৰ পৰাও উপশম দিয়ে। 

Assamese Health Tips


২/খিচমিচ

আইৰণ আৰু এন্টিঅক্সিডেন্টৰ গুণাগুণেৰে সমৃদ্ধ খিচমিচ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী। যেতিয়া আপুনি ৰাতি খিচমিচ তিয়াই পুৱা খাব, ইয়াৰ ফলত আপোনাৰ ছাল স্বাস্থ্যবান আৰু উজ্জ্বল হৈ উঠিব। খিচমিচ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হৈ থাকে। ই কোষ্ঠকাঠিন্য আঁতৰাই পেট পৰিষ্কাৰ আৰু স্বাস্থ্যৱান কৰি ৰাখে। Assamese Health Tips ) 

Assamese Health Tips

 ৩/শনগছৰ গুটি

ৰাতি এক চামুচ শনগছ বা তিসিৰ গুটি পানীত তিয়াই পুৱা কৰিলে, মধুমেহৰ লগত কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ বীজত আইৰণ প্ৰটিনেৰে সমৃদ্ধ। যি ওজন হ্রাস কৰাতো সহায়ক হব পাৰে। 

Assamese Health Tips


৪/কাঠবাদাম ( Almond)

বাদামবোৰ গোটেই ৰাতি তিয়াই ৰখাৰ পাছত, ইয়াৰ পুষ্টি যথেষ্ট বৃদ্ধি হয়। কাঠবাদাম মেগনেছিয়াম থাকে। যি উচ্চ ৰক্তচাপ আৰু কলেষ্টৰেল সমস্যা উপশম কৰাত সহায় কৰে। তিয়াই থোৱা কাঠবাদামে ওজন হ্রাস কৰাত সহায়ক। কাঠবাদাম খোৱাটো মগজুৰ শক্তি বৃদ্ধি কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। 

Assamese Health Tips


৫/ডিমৰু

ডিমৰুত, ভিটামিন, মেংগানিজ, পটাছিয়াম, ফাইবাৰ আৰু ফছফৰাছ আদি উপাদানেৰে সমৃদ্ধ হৈ থাকে। ইয়াত এন্টিঅক্সিডেন্ট, ফ্লেভোনইড আৰু পলিফেনেল থাকে যি শৰীৰৰ ছালৰ সমস্যাৰ পৰা উপশম কৰে। ডিমৰুবোৰ গোটেই ৰাতি পানীত তিয়াই ৰাখক আৰু পাছদিনা পুৱা সেয়া খাওক। 

Assamese Health Tips


৬/বুট

বুট স্বাস্থ্যৰ বাবে অতি উপকাৰী। বুটত বৃহৎ পৰিমাণে প্ৰটিন আৰু আঁহজাতীয় উপাদান পোৱা যায়। ৰাতি তিয়াই থোৱা বুট পুৱা সেৱন কৰিলে, ওজন হ্রাস কৰাত সহায় কৰে। একে সময়তে শৰীৰৰ ভাগৰো আঁতৰ কৰে। 

Assamese Health Tips


৭/মগু

ৰাতি তিয়াই থোৱা মগু, পুৱা খালে, হজম শক্তি বৃদ্ধি কৰি ৰাখে। ই পেটৰ অন্যান্য সমস্যাৰ বাবেও অতিকে উপকাৰী। ইয়াৰ উপৰিও শৰীৰৰ ওজন হ্রাস কৰাটো মগু যথেষ্ট কাৰ্য্যকাৰী।।

Assamese Health Tips


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 





No comments:

Post a Comment

Advertisement

Pages