সূৰ্য্যমুখী ফুলৰ বীজ স্বাস্হ্যৰ বাবে অতি উত্তম: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 8, 2021

সূৰ্য্যমুখী ফুলৰ বীজ স্বাস্হ্যৰ বাবে অতি উত্তম: Assamese Fact

 

Assamese Fact


    সূৰ্য্যমুখী ফুল দেখাত বৰ ধুনীয়া। কিন্তু অকল ৰূপেৰে নহয়, গুণেৰেও ই শ্ৰেষ্ঠ। সূৰ্য্যমুখী ফুলৰ বীজ স্বাস্থ্যৰ বাবে পৰম উপকাৰী। ওজন হ্ৰাসৰ পৰা ৰক্তচাপ নিয়ন্ত্রণলৈ এই ফুলৰ বীজৰ আশ্ৰয় লোৱা হয়। ইয়াৰ উপৰিও ইয়াৰ আছে আন বহুতো লাভালাভ। ইয়াত প্ৰটিন, এন্টি অক্সিডেন্ট, জিংক, পটাছিয়াম, মেগনেছিয়াম, লো, ভিটামিন বি, ভিটামিন ৬,স্বাস্হ্যকৰ চৰ্বি থাকে। সেইবোৰ আপোনাৰ আহাৰত অন্তর্ভুক্ত কৰিলে বহুতো লাভ হয়। ই ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। ( Assamese Fact )


১/ওজন হ্ৰাস কৰিবলৈ:- মানুহে ওজন হ্রাস কৰিবলৈ যথেষ্ট আহাৰ আৰু ফল পাচলি ব্যৱহাৰ কৰে। সূৰ্য্যমুখী বীজ সেইবোৰৰ ভিতৰত এটা। যদি আপুনি ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে, তেন্তে নিশ্চিত ভাৱে আপুনি ইয়াক আহাৰত অন্তর্ভুক্ত কৰিব পাৰে।  ( Assamese Fact )


২/ৰক্তচাপ হ্ৰাস কৰে :- যদি আপুনি ৰক্তচাপৰ ভুক্তভোগী, তেন্তে ইয়াক আপোনাৰ খাদ্যত অন্তর্ভুক্ত কৰক। ইয়াৰ ফলত ৰক্তচাপৰ স্তৰ হ্ৰাস হব। ইয়াত থকা পটাছিয়াম আৰু মেগনেছিয়ামে ৰক্তচাপ স্বাভাৱিক কৰি ৰাখে। 


৩/মগজুৰ বাবেও অত্যাৱশ্যকীয়:- সূৰ্য্যমুখী ফুলৰ বীজ মন আৰু মগজু দুয়োৰে বাবে উপযোগী। ভিটামিন বি'এ মস্তিকৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰে। 


৪/ছালৰ বাবে কাৰ্য্যকৰী:- উজ্জ্বল ছাল সকলোৰে কাম্য। এই ছালত থকা পুষ্টিবোৰে ছালখন উজ্জ্বল কৰি তুলে। কিয়নো ই ভিটামিন ই সমৃদ্ধ। ইয়াৰ উপৰিও সূৰ্য্যমুখী ফুলৰ বীজে থালক সূৰ্য্যৰ ৰশ্মিৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখে। 


আপুনি এই বীজ ভাজি লৈ চুপ, মফিন, কেক, ব্ৰেডৰ উপৰিও চালাড আৰু পাস্তাত যোগ দি খাব পাৰে। আপুনি সন্ধ্যাৰ চাহৰ সৈতেও একৰ পৰা দুই চামুচ সূৰ্য্যমুখী ফুলৰ বীজ খাব পাৰে। সূৰ্য্যমুখী ফুলৰ বীজ আপোনাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। এই বীজ অত্যাধীক গ্ৰহণ কৰিলে ক্ষতিও হব পাৰে। সূৰ্য্যমুখী ফুলৰ বীজত তুলনামূলকভাৱে অধিক কেলৰি আৰু ছডিয়াম থাকে। এটা কথা মনত ৰাখিব, অত্যাধিক সূৰ্য্যমুখী ফুলৰ বীজ গ্ৰহণে আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে কিয়নো সূৰ্য্যমুখী ফুলৰ বীজত থকা উচ্চ পৰিমাণৰ কেডমিয়েম থাকে। ( Assamese Fact ) (সংগ্ৰহিত)

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

 

No comments:

Post a Comment

Advertisement

Pages