পনীৰ ক্ৰয় কৰোতে আপুনি ঠগ খাইছে নেকি: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 8, 2021

পনীৰ ক্ৰয় কৰোতে আপুনি ঠগ খাইছে নেকি: Assamese Fact

 


স্বাস্হ্যৰ বাবে পনীৰ অতি উপকাৰী। কিন্তু প্ৰকৃত আৰু নকল পনীৰ চিনাক্ত কৰিব কিদৰে! 


বজাৰত যিদৰে খাদ্য দ্ৰব্যৰ উভয়নদী, সেইদৰে এনে সামগ্ৰীৰ বহুততে ভেজালকৰণৰ মাত্ৰাও অধিক বৃদ্ধি হোৱা দেখা গৈছে। এই ক্ষেত্রত যদি নিজে সচেতন হোৱা দেখা নাযায়, তেন্তে আপুনি ঠগ খোৱাৰ উপৰিও ভেজাল খাদ্যৰ বাবে স্বাস্থ্যজনিত অসুবিধাত পৰিব পাৰে।( Assamese Fact ) কিন্তু আপুনি সেইবোৰ চিনাক্ত কৰাৰ উপায় আছে।


সম্ৰতি ভেজালকৰণৰ কবলত পৰা এবিধ সামগ্রী হৈছে পনীৰ। পনীৰ হৈছে গাখীৰৰ দ্বাৰা তৈয়াৰ কৰা এবিধ সামগ্রী। ই স্বাস্থ্যৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। গতিকে প্ৰকৃত আৰু নকল পনীৰ চিনাক্ত কৰাটো স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কথা। প্ৰকৃত আৰু নকল পনীৰ চিনাক্ত কৰাৰ উপায়-


   পনীৰ টুকুৰা সামান্য বল দি পিটিকি দিয়ক। যদি ই ভাঙি যায়, তেতিয়া বুজিব ই নকল। কিয়নো ইয়াত থকা স্কিমড মিল্ক পাউডাৰে বেছি চাপ সহ্য কৰিব নোৱাৰে। 


  পনীৰ  প্ৰকৃত আৰু নকল চিনাক্ত কৰাৰ দ্বিতীয় উপায় হৈছে, পনীৰ সাধাৰণতে কোমল বা নৰম হয়। কিন্তু কোনো পনীৰ যদি টান হয়, তেন্তে ই ভেজাল পনীৰ। ( Assamese Fact )


   পনীৰৰ ভেজালকৰণৰ তৃতীয় উপায় হৈছে-আয়'ডিন টিঞ্চাৰ। প্ৰথমে পনীৰ পানীত উতলাই ঠাণ্ডা কৰক। এতিয়া ইয়াত কেইটোপালমান আয়'ডিন টিঞ্চাৰ যোগ কৰক। যদি আপোনাৰ পনীৰ নীলা হয়, তেতিয়া বুজিব আপোনাৰ পনীৰ ভেজালকৰণ। 


 পনীৰ কেৱল সুৱাদৰ বাবেই নহয়, স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়। ৰাতিপুৱা কেঁচা পনীৰ খালেও শৰীৰ লাভাম্বিত হয়। পনীৰত চেলনিয়াম, কেলছিয়াম, ফছফৰাছ আৰু পটাছিয়াম থাকে। ইয়াত পোৱা কেলছিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে। লগতে পনীৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিটো সহায়ক। 


যদি আপুনি মেদবহুলতাত ভুগি আছে আৰু ওজন হ্ৰাস কৰিব বিচাৰে, আপুনি পনীৰ খাব পাৰে। প্ৰতিদিনে খালী পেটত পনীৰ খায় চৰ্বি দহন কৰিব পাৰে। কিয়নো ইয়াত লিনোলিক এছিড থাকে। যি আমাৰ শৰীৰৰ চৰ্বি দহন প্ৰক্ৰিয়াটো দ্ৰুত কৰাত সহায় কৰিব পাৰে।(সংগ্ৰহিত)

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages