মাকৈ বা গোমধানৰ ঔষধি গুণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 16, 2021

মাকৈ বা গোমধানৰ ঔষধি গুণ : Assamese Fact

Assamese Fact


গোমধান বা মাকৈ এবিধ পুষ্টিকৰ খাদ্য। শীতকালত জুইৰ কাষত অঙঠাত সেকা গোমধান খোৱাৰ আনন্দই সুকীয়া। গোমধানত কেলৰি, চৰ্বি, প্ৰটিন, কাইব্ৰহাইড্ৰেট, ছডিয়াম, পটাচিয়াম, ফাইবাৰ, ফলিক এচিড আদি পোৱা যায়। ( Assamese Fact ) সিজোৱাৰ পাছত ইয়াৰ পুষ্টি গুণ বৃদ্ধি পায়। 


বৰ্তমান গোমধানৰ পৰা সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয়। বহু সমাদৃত কৰ্ণফ্লেক্স গোমধানৰ পৰা তৈয়াৰ কৰা হয়। খাদ্য সম্পর্কে সচেতন লোকৰ ব্ৰেকফাষ্টৰ টেবুলত কৰ্ণফ্লেক্স থাকেই। ইয়াৰ পৰা তৈয়াৰ কৰা চাটুৱা ভিটামিনেৰে ভৰপূৰ। গোমধানৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-


১) বৰ্তমান পৰিস্থিতত শকত হোৱাটো এটা ডাঙৰ সমস্যা ।গোমধানৰ পৰা তৈয়াৰ কৰা কৰ্ণ অয়েল'এ কলেষ্টৰল প্ৰতিৰোধ কৰাত সহায় কৰে। যাৰ বাবে আপুনি শকত হোৱাৰ পৰা যথেষ্ট পৰিমাণে সকাহ পায় ।( Assamese Fact )


২) বৰ্তমান বহু সংখ্যক ব্যক্তিৰে হৃদয় সম্পকীয় সমস্যা আছে । গোমধান হৃদয় ৰোগীৰ বাবে যথেষ্ট উপকাৰী । ইয়াত থকা কেৰ'টিনাইডে হৃদৰোগ হোৱাত বাধা দিয়ে। 


৩) বহুত ব্যক্তিৰে কিছুমান বাহিৰা বস্তু খালে  কোষ্টকাঠিন্য সমস্যাত ভুগিব লগা হয়। কোষ্টকাঠিন্যত কষ্ট পোৱা সকলে গোমধান খালে উপকাৰ পায়, কাৰণ গোমধানে শৌচ খোলোচা কৰে। 


৪) শিশুৰ বাবেও গোমধান আৰু ইয়াৰ পৰা তৈয়াৰী চাটু গুড়ি উপকাৰী। শিশুসকলক চাটু গুৰিয়ে শাৰিৰীক বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে আৰু যিহেতু গোমধানে পেট খোলোচা কৰে সেইবাবে শিশুসকলে আমনি কৰি নাথাকে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages