স্বাস্হ্য ৰক্ষাৰ ক্ষেত্ৰত আমলখিৰ লাভালাভ জানোঁ আহক: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 8, 2021

স্বাস্হ্য ৰক্ষাৰ ক্ষেত্ৰত আমলখিৰ লাভালাভ জানোঁ আহক: Assamese Fact

       

Assamese Fact

আমলখি হৈছে এবিধ ৰসায়ন দ্ৰব্য। এই আমলখিৰ আছে বিভিন্ন স্বাস্থ্য সন্মত উপকাৰ। এই কথা প্ৰমাণ কৰে আমলখিত থকা পোষক দ্ৰব্য বিশেষে।( Assamese Fact )


    সেয়ে প্ৰবাদ আছে যে, এটা আমলখিয়ে এটা কণীতকৈ বা এগিলাছ গাখীৰতকৈ ভাল ফল দিয়ে। আমলখিয়ে যৌৱন শক্তি অটুট ৰখাত বিশেষ সহায়তা কৰে। ই শক্তিবৰ্ধক আৰু স্বাস্থ্যবৰ্ধক। এজন লোকক দৈনিক যিমান ভিটামিন চি'ৰ প্ৰয়োজন, সেয়া ২টা আমলখিয়ে পূৰ্ণ কৰিব পাৰে। 


    ১০০গ্ৰাম আমলখিৰ ৰসত পানী-৭৯.৮০%, শৰ্কৰা-১৩.৭০%, প্ৰটিন-০.৬৯%, ভিটামিন চি-৬০০মিঃগ্ৰাম, ফছফৰাছ- ২৮.২০মিঃগ্ৰাম, কেলছিয়াম ২৮.২০মিঃগ্ৰাম, লো-৩.৩মিঃগ্ৰাম, ছডিয়াম-৪.২০মিঃগ্ৰাম, তাম-০.২৮মিঃগ্ৰাম, মেগনেছিয়াম-১১.৮০, পটাচিয়াম-২৮২.২মিঃগ্ৰাম, লগতে এমিন এচিড, চেবুলিক এচিড, চেবুলেজিক এচিড, ইলাজিক এচিড আদি সমৃদ্ধ হৈ থাকে। 


       আমলখিৰ স্বাস্থ্যৰ উপকাৰ-


১/শৰীৰত হিম'গ্লবিনৰ অভাৱ বা ৰক্তহীনতা হলে এই আমলখি সেৱন কৰিলে উপকাৰ হয়। 


২/চুলি সৰিলে আমলখিৰ পেষ্ট বা ৰস চুলিত ঘঁহিলে, কেইদিনমানতে সুফল পাব। 


৩/সৰু লৰা ছোৱালীৰ পয়া লগা ৰোগত আমলখিৰ ৰসে সুফল দিয়ে। নিয়মিয়াকৈ কেঁচুৱাক আমলখিৰ ৰস ১০গ্ৰামতকে প্ৰতিদিনে খোৱালে শিশুৰ পয়লগা ৰোগ দূৰ হয়। 


৪/সৰু লৰা ছোৱালীয়ে বিছনাত প্ৰস্ৰাৱ কৰিলে, ১গ্ৰাম আমলখিৰ ৰসৰ লগত ২গ্ৰাম কালজিৰা পিহি মিচিৰিৰ লগত খুৱালে, বিছনাত প্ৰস্ৰাৱ কৰা বন্ধ হয়। 


৫/স্বপ্নদোষ দূৰ কৰিবলৈ, প্ৰতিদিনে ৰাতিপুৱা ২টা আৰু গধূলি ২টা আমলখি সেৱন কৰিলে উপকাৰ পাব। ( Assamese Fact )


৬/ৰক্ত শৰ্কৰাৰ নিয়ন্ত্রণত সহায়তা কৰে আমলখিয়ে। আমলখিত ক্ৰমিয়াম থাকে, যিয়ে শৰীৰত ইনসুলিন উৎপাদনত সহায় কৰে। 


৭/এচিডিটি সমস্যাৰ পৰা সকাহ পাবলৈ, এক চামুচ আমলখিৰ ৰস বা গুৰি ৰাতি শোৱাৰ সময়ত খাব পাৰে। 


৮/ওজন হ্রাস কৰাত সহায় কৰে আমলখিয়ে। ইয়াৰ বাবে দৈনিক ৩-৪টা আমলখি সেৱন কৰিব লাগে। 


৯/ছাল স্বাস্হ্যবান সতেজ কৰি ৰাখিব পাৰে, দৈনিক এটাকৈ আমলখি সেৱন কৰি। 


১০/মধু মেহ ৰোগীয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্রণ কৰি ৰাখিবলৈ এচামুচ আমলখি গুৰি, একাপ পানীত দৈনিক মিহলাই দৈনিক দুবাৰকৈ খাদ্য খোৱাৰ পাছত খালে উপকাৰ পাব। 


১১/মগজুৰ সক্ৰিয়তা পাবলৈ আৰু স্মৃতি শক্তিৰ বাবে আমলখি বহু উপকাৰী। দৈনিক ৩-৪টা আমলখিয়ে এই উপকাৰ সাধিব। 


১২/দৃষ্টি শক্তিৰ বৃদ্ধিৰ বাবে দৈনিক ২-৩টা আমলখি খোৱা দৰকাৰী। 


১৩/আমলখি সেৱনে মানুহক ডেকা কৰি ৰাখিব পাৰে। এই কাম সম্পন্ন কৰে ইয়াত থকা এন্টি অক্সিডেন্ট সমূহে। আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে যে ২৫গ্ৰাম আমলখি গুৰি এক চামুচ ঘিঁউ আৰু দুই চামুচ মৌজোল মিহলাই প্ৰতিদিনে খালে চিৰ যৌৱন প্ৰাপ্তি লাভ হয় আৰু দেহৰ সৌন্দর্য্য বৃদ্ধি হয়। 


 ইয়াৰ উপৰিও হৃদযন্ত্র, লিভাৰ, কিডনী আদি সকলো অংগৰ বাবে উপকাৰী এই আমলখি। 


      আমলখিৰ পাৰ্শ্বক্ৰিয়া-

আমলখিৰ বহু স্বাস্থ্যকৰ উপকাৰ থকাৰ পাছটো, যদিহে কাৰোবাৰ ৰক্ত ক্ষৰণ সমস্যা থাকে তেনে ক্ষেত্রত আমলখি খোৱাটো হানিকাৰক। ( Assamese Fact ) (সংগ্ৰহিত)

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages