তাজমহলত আজিলৈকে কিয় বিজুলীৰ ব্যৱস্থা নাই: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 8, 2021

তাজমহলত আজিলৈকে কিয় বিজুলীৰ ব্যৱস্থা নাই: Assamese Fact

Assamese Fact

 তাজমহল চাহজাহানে তেওঁৰ প্ৰিয় পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল। এই সুন্দৰ মহলৰ নিৰ্মাণ ১৬৪৮ চনত কৰা হৈছিল। বৰ্তমান প্ৰতি বছৰে এই সুন্দৰ মহল চাবৰ বাবে ইয়ালৈ বহু দৰ্শনাৰ্থী আহে।( Assamese Fact )

       

       এইটো বনাবলৈ সময় লাগিছিল ২২বছৰ আৰু মজদুৰ লাগিছিল ২০০০০। আজি তাজমহল পৃথিৱীৰ ৭টা আশ্চৰ্যকৰ ভিতৰত এটা। কিন্তু ইমান জনপ্ৰিয়তাৰ পিছতো এই বগা মাৰ্বল খুদিত তাজমহলৰ আছে কিছুমান ক'লা অধ্যায়। যিবোৰৰ সত্যতা আজিলৈকে উদঘাটন কৰিব পৰা নাই। আপোনালোকৰ মাজেৰ কিছুমানেহে চাগৈ এই কথা জানে আৰু ইয়াক লৈ এনে কিছুমান প্ৰশ্ন আছে যিবোৰ আজি আপোনালোকে জানিবলৈ পাব। এতিয়ালৈকে সকলোলৈত ডাঙৰ প্ৰশ্ন এইটো হৈ আছে যে কিয় ইমান ধুনীয়া বস্তু বিধৰ ভিতৰত কোনো পোহৰৰ ব্যৱস্থা নাই।

       

      তাজমহলক লৈ এতিয়ালৈকে চলি অহা সকলোতকৈ ডাঙৰ মিছা কথাটো হ'ল যে, বহুলোকে কয় তাজমহল বনাই হোৱাৰ পিছত চাহজাহানে এইটো বনোৱা মিস্ত্ৰী জনৰ হাত কটোৱাইছিল। চাহজাহানে সেই মিস্ত্ৰী জনৰ লগত তেনেকুৱা এই বাবেই কৰিছিল যাতে তেওঁ আকৌ এটা তাজমহলতকৈ ধুনীয়া বস্তু তৈয়াৰ কৰিব নোৱাৰে।কিন্তু এইটো তাজমহলক লৈ এতিয়ালৈকে প্ৰচলিত হৈ থকা সকলোতকৈ ডাঙৰ মিছা কথা। কিয়নো চাহজাহানে সেই মজদুৰ সকলৰ লগত এনেকুৱা একো কৰা নাছিল।

      

       তাজমহলৰ ভিতৰৰ ৰহস্য; ই এনেকুৱা এটা ৰহস্য যিটো ক'বলৈ চৰকাৰেও ভয় কৰে। বহু কেইজন গৱেষকৰ মতে তাজমহলৰ ভিতৰ ভাগত হাজৰতকৈও বেছি কোঠা আছে। তেওঁলোকৰ মতে তাজমহলৰ মাটিৰ উচ্চতা যিমান থিক সিমান খিনি মাটিৰ তলতো আছে। সেই সময়ত যদি কিবা দুৰ্গ বনোৱা হৈছিল তেতিয়া তাৰ ভিতৰেদি বাহিৰলৈ আহিবলৈ ৰাস্তাও বনোৱা হৈছিল। এনেকুৱা এটা ৰাস্তা তাজমহলৰ ভিতৰতো বনোৱা আছে আৰু এই ৰাস্তাতোৰে বাহিৰৰ বহু কেইটা দিশলৈ ওলাব পাৰি। কিন্তু তাজমহলৰ ৰহস্যময় কোঠাবোৰৰ নিচিনাকৈ চাহজাহানৰ দিনৰ পৰা এই ৰাস্তাতোও বন্ধ কৰি দিয়া হয়। তাজমহলৰ তলত থকা এই কোঠাবোৰ ইটাৰে বন্ধ কৰা হৈছে। কিন্তু সেই ইটাবোৰ তাজমহল কোঠাসমূহ নিৰ্মাণৰ সময়তকৈ বহুত পিছত বনোৱা। কিন্তু কি কাৰণত এই কোঠাসমূহ বনোৱাৰ পিছত এইসমূহ বন্ধ কৰিব লগা হ'ল। এই লৈ বহুজনৰ নিজৰ নিজৰ বক্তব্য আছে। কিছুমানৰ মতে এই কোঠাটোত মমতাজৰ কবৰ ৰখা হৈছে আৰু সেয়ে কোঠাতো চৰকাৰীভাৱে বন্ধ কৰা হৈছে। কিন্তু এনে কিয় কৰা হ'ল ইয়াৰ সম্পূৰ্ণ তথ্য কাৰো হাতত নাই। ( Assamese Fact )

       

        ইয়াৰ উপৰিও কিছুমানৰ মতে তাজমহলৰ ভিতৰ ভাগত মূল্যবান ধাতু যেনে- সোণ-ৰূপৰ অলংকাৰ আদি আছে আৰু এইবোৰৰ উপস্থিতি মেটেলদিটেক্টৰে চাওঁতে পোৱা গৈছিল বাবে তাজমহলৰ ভিতৰ ভাগৰ কোঠাসমূহ বন্ধ। 

        

        অন্য কিছুমানৰ মতে তাজমহলত এনেকুৱা কিছুমান ঐতিহাসিক তথ্য লুকুৱাই ৰখা হৈছে যি সমূহ উদ্ধাৰ হ'লে দেশৰ নক্সাই সলনি হৈ যাব সেয়ে তাজমহলৰ ভিতৰৰ কোঠা সমূহ বন্ধ কৰি ৰখা হৈছে। মাজতে ইয়াৰ কিছুমান কোঠাৰ দুৱাৰ খুলি দিয়া হৈছিল যদিও পিছত সেইসমূহ আকৌ বন্ধ কৰি দিয়া হয়।যাৰ বাবে তাজমহলৰ ৰহস্য আৰু ঘৰ্ণীভূত হৈ পৰে।

        

        কিন্তু আচলতে তাজমহলৰ ভিতৰত কি আছে সেইখিনি জানিবলৈ চৰকাৰেও ভয় কৰে। কিন্তু এদিন নহয় এদিন এই ৰহস্য ভেদ হ'ব। কিয়নো কথাতে কয় সত্য লুকুৱাব পাৰি কিন্তু নোহোৱা কৰিব নোৱাৰি।

        

       তাজমহলৰ মূল্য কিমান? আপোনালোকে জানে যে তাজমহল ১৭শতিকাত বনোৱা হৈছিল আৰু ইয়াক বনাওতে খৰছ হৈছিল প্ৰায়ে ৩২০লাখ টকা। কিন্তু গৱেষণাৰ সময়ত ২০২০ চনত তাজমহলৰ মূল্য  ১বিলিয়ন ডলাৰ হ'ব। 

       

       যদি আপুনি কেতিয়াবা আগ্ৰালৈ যায় তেতিয়া সাধাৰণতে তাজমহলতোক সম্পূৰ্ণকৈ চাবলৈ ২-৩ঘন্টা সময় লাগিব আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতিদিনে বিশ্বৰ পৰা ৪০হাজাৰতকৈও অধিক লোক আহে। সাধাৰণতে ভাৰতীয় লোকে ইয়াক খুব কমকৈহে চাব পাবলৈ পায় কিয়নো ইয়াৰ সৌন্দৰ্যতা উপভোগৰ বাবে ভাৰতীয় সকলে ৫০- ২৫০টকা দিব লাগে। কিন্তু যিসকল লোক বিদেশৰ পৰা তাজমহল চাবলৈ আহে তেওঁলোকে ইয়াৰ সৌন্দৰ্য উপভোগৰ বাবে ১৬-১৯ ডলাৰ পৰিশোধ কৰিব লগা হয়। 

       

       তাজমহলৰ ভিতৰত আজিলৈকে কিয় কোনো পোহৰৰ ব্যৱস্থা নাই এইটো সকলোতকৈ ডাঙৰ প্ৰশ্ন আৰু ৰহস্য। তাজমহল নিৰ্মাণ হোৱাৰ পৰা ৪০০বছৰ পিছলৈকে তাজমহলৰ ভিতৰত কোনো পোহৰৰ ব্যৱস্থা নাছিল। কিন্তু ভাৰত চৰকাৰে এদিন তাজমহল কাষতে থকা বাগিচাত লাইট লগাই দিছিল। লাইট লগোৱাৰ পিছত প্ৰথম নিশাই সেই লাইট সমূহ কোনো কাৰণ নোহোৱাকৈ ফুটিছিল আৰু ভাঙি গৈছিল আৰু তাত আন্ধাৰ হৈ গৈছিল। তাৰ পিছতো ভাৰত চৰকাৰে আকৌ এবাৰ লাইট লগাইছিল যদিও আকৌ আগৰ দৰেই লাইটসমূহ ফুটি ভাগি গৈছিল। এইসমূহ দেখি চৰকাৰেও ভাবিলৈ বাধ্য হৈছিল কিয়  তাজমহলত কোনো লাইট জ্বলাব পৰা নাযায়। 

       

       বহুজন ‍ঐতিহাসিক লোকে এইটো বিশ্বাস কৰে যে তাজমহলৰ ভিতৰত মমতাজৰ আত্মা আছে আৰু মমতাজৰ এইটো পচন্দ নাই যে তেওঁক কোনোবাই অশান্তি কৰে আৰু তাত লাইট লগায়। এইটোৱেই এতিয়ালৈকে সকলোতকৈ ডাঙৰ কাৰণ বুলি গণ্য কৰা হৈছে। সেয়ে আজিলৈকে তাজমহলত কোনো লাইট নাই আৰু সেয়ে আজিলৈকে তাজমহলক চন্দ্ৰ পোহৰেই আলোকিত কৰি ৰাখিছে।

       

       এইসমূহৰ উপৰিও তাজমহলত লাইট নথকাৰ বহুখিনি বিজ্ঞানসন্মত কাৰণো আছে। কিয়নো লাইটৰ পোহৰত পোক-পৰুৱা আকৰ্ষিত হৈ  তাজমহললৈ আহিব আৰু  তাজমহল মাৰ্বলবোৰৰ উজ্জ্বলতা পোক-পৰুৱাবোৰে হ্ৰাস কৰিব। ইয়াৰ উপৰিও বিশ্বায়নৰ বাবে তাজমহলৰ উজ্জ্বলতাও ম্লান হৈ আহিছে। সেয়ে লাইটৰ ব্যৱস্থা কৰিলে তাজমহলৰ সৌন্দৰ্যত আঘাত হানিব বুলি ভয়। ( Assamese Fact )

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

2 comments:

  1. তাজমহলৰ বিষয়ে জানি বহুত ভাল লাগিল।

    ReplyDelete
  2. আপুনি কেনেকৈ জানিলে পিছে ??

    ReplyDelete

Advertisement

Pages