জুয়ে পোৰা বা আঘাতৰ পৰা হোৱা ৰৈ যোৱা ক'লা দাগ আঁতৰ কৰিবলৈ এইসমূহ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক।( Assamese Fact )
আঘাত পোৱা বা জুয়ে পোৰাৰ ফলত ছালত ৰৈ যোৱা ক'লা দাগৰ পৰা বহুলোকে অস্বস্তিত ভুগা দেখা যায়। আঘাত বা পোৰাৰ দাগবোৰ ইমানে গভীৰ হৈ পৰে যে সেইবোৰে পাছলৈ ছালৰ আকৰ্ষণ হ্ৰাস কৰে।
১/সৰিয়হ আৰু হালধি :- আয়ুৰ্বেদিকৰ মতে, ছালত ৰৈ যোৱা আঘাত বা পোৰা দাগসমূহ আঁতৰ কৰাৰ বাবে হালধি আৰু সৰিয়হৰ তেল যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। ই এই দাগবোৰ পাতল কৰাত সহায় কৰে আৰু আপোনাৰ ছালখন নিখুঁত কৰি তোলে। পোৰা আৰু আঘাতৰ দাগ আঁতৰাবলৈ সৰিয়হ আৰু হালধিৰ ব্যৱহাৰ যথেষ্ট কাৰ্য্যকৰী। ( Assamese Fact )
২/ হালধি আৰু এলোভেৰা:- যেতিয়া ভুলতে গৰম পানী বা গৰম বস্তুৰ সংস্পর্শলৈ অহা যায়, তেতিয়া ছালত জোলা ফুটে আৰু ছাল ক্ষতিগ্রস্ত হয়। পাছলৈ এই পোৰা দাগ বহু দিনলৈ ৰৈ যায়। এই পোৰা দাগবোৰ আঁতৰ কৰিবলৈ হালধিৰ সৈতে এলোভেৰা জেল যোগ দি ব্যৱহাৰ কৰক। ই ছালৰ কোষবোৰ সতেজ কৰিব আৰু দাগবোৰ পাতল কৰিব। পোৰা দাগবোৰ আঁতৰ কৰিবলৈ এই ঘৰুৱা প্ৰতিকাৰৰ নিয়মীয়া ব্যৱহাৰে দাগবোৰ সম্পূর্ণৰূপে নাইকিয়া কৰিব। যদিহে পোৰা দাগবোৰ বহু পুৰণি হয়, তেন্তে হালধি আৰু এলোভেৰা জেলৰ সৈতে সৰিয়হৰ তেল যোগ দি ব্যৱহাৰ কৰক।
চকুৰ তলত পৰা কলা দাগ আঁতৰ কৰাৰ পদ্ধতি:-
চকুৰ আদ্ৰৰ্তা আৰু পুষ্টি কমি যোৱাৰ ফলত, চকুৰ তলত কলা দাগ পৰা দেখা যায়। অৱশ্যে এই কলা অথবা ডাৰ্ক চাৰ্কল আঁতৰাবলৈ এবিধ আয়ুর্বেদিক প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ১/৪চামুচ হালধিৰ সৈতে ১চামুচ মৌ আৰু ২চামুচ দৈ যোগ দিয়ক। এই সংমিশ্রণটো চকুৰ তলত পৰা কলা দাগ বোৰত প্ৰয়োগ কৰক আৰু ইয়াক ২০ৰপৰা ২৫ মিনিটৰ বাবে শুকাবলৈ থৈ দিয়ক। তাৰ পিছত পৰিষ্কাৰ পানীৰ ধুই পেলাওক। এটা সপ্তাহত ১-২দিন ব্যৱহাৰ কৰিব পাৰে।। (সংগ্ৰহিত)
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment