৬ টা ফেশ্বন সম্পৰ্কীয় ভুল কাম যিকেইটা পুৰুষে প্ৰায় কৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 6, 2021

৬ টা ফেশ্বন সম্পৰ্কীয় ভুল কাম যিকেইটা পুৰুষে প্ৰায় কৰে : Assamese Fact

Assamese Fact


আজিকালি লৰা বোৰে ফেশ্বনৰ নামত বহুতো ভুল কৰে। আজিকালি লৰা সকলে যিটো ফেশ্বন ট্রেণ্ডত থাকে তাকেই কৰে আৰু নিজকে বহুত ষ্টাইলত থকা বুলি ভাবে।(Assamese Fact ) 


বন্ধুসকল আপোনালোকে এইবোৰ ভুল কৰিব নালাগে। যদি সঁচা অৰ্থত আপোনালোকে নিজকে ষ্টাইলিছ আৰু স্মাৰ্ট দেখুৱাব বিচাৰিছে তেন্তে এই লিখনিটো মনোযোগেৰে পঢ়ক।


আজি আমি এনেকুৱা ৬ টা ফেশ্বন সম্পৰ্কীয় ভুলৰ বিষয়ে আলোচনা কৰিম যিবোৰ লৰাবোৰে সদায় কৰে আৰু সেই ভুলবোৰ কিদৰে শুধৰাব লাগে সেই বিষয়েও আলোচনা কৰিম। 


১)প্ৰথমটো ভুল হৈছে- " Loose Cloths" 

যদি আপুনি কাপোৰ পৰিধান কৰিছে তেন্তে সেই কাপোৰ ঢিলা হব নালাগে। ঢিলা চাৰ্ট, টি- চাৰ্ট পিন্ধিব নালাগে। যদি আপুনি দেখাত ক্ষীণ হয় তেন্তে ঢিলা কাপোৰ পিন্ধিলে দেখাত আপোনাক একেবাৰে বেয়া লাগিব। যদি আপুনি শকত হয় তেন্তে আপোনাক সেই ঢিলা কাপোৰত ২ সন্তানৰ দেউতাক যেন লাগিব। আপুনি যেতিয়াই এটা টি-চাৰ্ট পিন্ধিব মনত ৰাখিব যাতে সেইটো আপোনাৰ গাত ভালদৰে খাপ খাই পৰে আৰু পেটৰ ওচৰত অলপ ঢিলা হব লাগে আৰু আপোনাৰ চাৰ্টৰ দীর্ঘতা পেনৰ জিপলৈকে পোৱাকৈ হব লাগে, তাতকৈ তলত হব নালাগে। 


২) দুই নম্বৰ ভুলটো হৈছে - বন্ধুসকল আপোনালোকে প্ৰায়ে এটা ভুল কৰে যে যিসকল লোকে সামাজিক মাধ্যমত ৰিলছ বনাই জনপ্ৰিয় হৈছে সেইসকলক  দেখি তেওঁৰ দৰেই প্ৰিণ্টেদ কাপোৰ পিন্ধিবলৈ যায়। আপুনি ভাবিব যে আপোনাক বহুত স্মাৰ্ট যেন লাগিছে কিন্তু প্ৰকৃতাৰ্থত তেনেকুৱা নহয়। তেনেধৰণৰ কাপোৰ বোৰত বহুত ৰং থাকে আৰু অজিব ল'গ' থাকে। এনেকুৱা ফেশ্বন ট্রেণ্ডৰ ওপৰত আপুনি টকা খৰচ কৰিব নালাগে। আপোনাৰ টকা মিছাতে খৰছ হব আৰু আপোনাক দেখাত ভাল নালাগিব। এনেকুৱা কাপুৰবোৰ পিন্ধিলে মানুহ আপোনাৰ কাপোৰৰ প্ৰতি বেছি আকৰ্ষিত হয় ।  গতিকে যেতিয়াই কাপোৰ পিন্ধিব সদায় মনত ৰাখিব যাতে সেই কাপোৰ সাধাৰণ হয় আৰু তাত দুটাতকৈ বেছি ৰং নাথাকে। তাৰোপৰিও কোনো ব্ৰেণ্ডৰ ল'গ' থাকিব নালাগে। আপুনি নিজকে ভাল দেখাবৰ বাবে ক'লা, আকাশ নীলা, মেৰুণ, সেউজীয়া ইত্যাদি ৰঙৰ টি চাৰ্ট অথবা চাৰ্ট পৰিধান কৰিব পাৰে। এইকেইটা ৰঙ যিকোনো লৰাই পিন্ধিব পাৰে । সেইয়া লাগে তেওঁ ক'লা বৰণৰ হওক বা বগা।( Assamese Fact ) 


৩/ তৃতীয়তো ভুল হৈছে পেন্ট আৰু জিনচ্ সম্বন্ধত। যিবোৰ জিনচ্  পেন্টত বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ ল'গ' থাকে অথবা বিভিন্ন প্ৰিন্ট থাকে তেন্তে সেইবোৰ পিন্ধা এৰি দিয়ক। এনেকুৱা পেন্ট পিন্ধিলে দেখাত বৰ বেয়া লাগে আৰু কেতিয়াবা কিছুমান লোকে পেন্টটো জোখতকৈ বেছি চুটিকৈ পিন্ধে আৰু কেতিয়াবা বেছি দীঘলকৈ পিন্ধে। জিনচ্ পেন্ট পিন্ধোতে অলপ সাধাৰণ ডিজাইনৰ পিন্ধিব লাগে। আপুনি ডেনিম জিঞ্চ পিন্ধিব পাৰে।


৪/ চতুৰ্থটো ভুল হৈছে- কিছুমান মানুহে কাপোৰৰ লগত মিলাই চেন্ডেল পিন্ধিব নাজানে। কোনযোৰ কাপোৰৰ লগত কি পিন্ধিব লাগে সেইটো মিলাই লব লাগে। যদি নিজকে ষ্টাইলিষ্ট দেখাব বিচাৰে তেন্তে আজিকালিৰ ফ্লিপ ফ্লপ চেন্ডেল বা ক্রক্স  পিন্ধিব পাৰে। 


৫/ পঞ্চমটো ভুল হৈছে- প্ৰায় মানুহে বিয়া অথবা পাৰ্টিত Sports Shoes পিন্ধা দেখা যায়। পৰাপক্ষত বিবাহ অনুষ্ঠানত এনেধৰণৰ জোতা পিন্ধিব নালাগে। এনেধৰণৰ জোতা আপোনাৰ কাপোৰৰ লগত নিমিলে। Sports Shoes তেতিয়া পিন্ধিব লাগে যদি আপুনি কিবা খেল খেলিব গৈছে। আপুনি নিজৰ কাপোৰৰ লগত মিলাই ল'ফাৰ পিন্ধিব পাৰে। 


 ৬/ ষষ্ঠতো ভুল হৈছে-  "Digital or Sports Watch" আজিকালি এনেকুৱা নহয় যে আপুনি ডিজিটেল ঘড়ী পিন্ধিলে আপোনাক মানুহে ঘূৰি ঘূৰি চাব। আজিকালি সেইবোৰ দিন গল। নিজৰ কাপোৰৰ লগত মিলাই অলপ ষ্টাইলিষ্ট ঘড়ী পিন্ধিব লাগে। যদি আপুনি কিবা খেল সম্বন্ধীয় কাম কৰিছে তেন্তে 'Sports Watch' পিন্ধিব পাৰে।


( Assamese Fact )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page





No comments:

Post a Comment

Advertisement

Pages