কাজু বাদামৰ গুণাগুণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 24, 2021

কাজু বাদামৰ গুণাগুণ : Assamese Fact

             Assamese Fact


কাজু বাদাম(Cashew)ক   চাহাবী বাদাম বুলিলেও ভুল কোৱা নহব । কাৰন  অইন বাদামতকৈ  দাম কিছু বেছি  হোৱা বাবে সাধাৰণতে চাহাব বা আঢ্যৱন্ত লোকৰ  খাদ্য তালিকাতহে সীমিত ।  ( Assamese Fact )

   

যাহ'ক আমি সাধাৰণ বোৰেও  কিছু জানো আহক  ইয়াৰ  পুষ্টি আৰু ঔষধী গুণবোৰ । 

    

কাজু  সচৰাচৰ  ব্ৰাজিল,দক্ষিন ভাৰত,  বাংলাদেশ বা  প্ৰখৰ ৰ'দ পৰা  গ্ৰীষ্মপ্ৰধান অঞ্চলত উৎপাদন হয় । ইয়াৰ ফল কোনো কোনোৱে খায় যদিও  তলত হোৱা  বাদাম সদৃশ গুটিটোকহে " কাজু বাদাম "কোৱা হয়।   কাজু  গছ  জোপোহা, মধ্যম ওখ আৰু   বহু বছৰলৈ ফল দিয়া   অতি লাভকাৰী   ফলবৃক্ষ ।


কাজুবাদামক শুকান ফলৰ ৰজা  বুলি কোৱা হয় ।      আমাৰ শৰীৰৰ  প্ৰায় সকলো ধৰনৰ পুষ্টিকৰ উপাদান যেনে---অধিক মাত্ৰাত প্ৰটিন ,ভিটামিন   আইৰন, ক'পাৰ, কেলচিয়াম ,পটেচিয়াম , মেগনেচিয়াম,চিলিয়াম ,মেংগানীজ,জিন্ক,ফাইবাৰ ,কেলৰী ,খনিজ , ধাতব লবন , স্নেহ পদাৰ্থ আদি  সুক্ষ্ম পোষক তত্বৰে (micro-nutrient) ভৰপুৰ । 


সঠিক মাত্ৰা আৰু ব্যৱহাৰ বিধি - 

দামত বেচি হলেও বহুতে ভাল বস্তু বুলি জানি  নিজে বা লৰাছোৱালীক অধিক মাত্ৰাত খাবলৈ  দিয়াতো " হিতে বিপৰীত " হোৱাৰহে সম্ভাৱনা বেছি   বহুতে মিঠাই বা অইন আহাৰত মিহলায়ো খায় । ( Assamese Fact )

 

সৰু লৰাছোৱালীয়ে  এবাৰত ৩-৪টা ডাঙৰে ৪-৮টালৈ  দিনে দুবাৰ   খাব । গ্ৰীষ্মদিনত এবাৰেই  যথেস্থ্য । গাখীৰ ,মৌ নাইবা গুড়ৰ লগত খালে বেচি ফল পোৱা যায় । 


নিয়মিত কাজু সেৱনত হব পৰা দেহৰ লাভ আৰু ক্ষতি ।


লাভকাৰী গুন -

১। কাজু নিয়মিত সঠিক মাত্ৰাত খালে   সুস্বাস্থ্যৰ বাবে টনিক বা ভিটামিন  খোৱাৰ দৰে হয়  লগতে  সকলো বয়সৰ লোকৰ দেহগঠন আৰু নানা প্ৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় । শাৰীৰিক ও মানসিক সুস্থতা অনুভৱ  হয় ।


২।  কাজুৱে  মগজুৰ কোষ  সুস্থ্য কৰায়,  স্মৃতিশক্তি বঢ়ায় , ভাগৰ, দুখ দুঃচিন্তা , অৱসাদ আতৰায় ।


৩। দুৰ্বল,ৰুগীয়া  বা নিৰোগী   লোকৰ গাত  বলশক্তি  বাঢ়ে। 

৪।  পাচনতন্ত্ৰ সৱল হয় । হজম শক্তি ,অজীৰ্ণ,অভোক দুৰ হয়।  লিভাৰ আৰু কিডনী সৱল হয়। পেটৰ নানা সমস্যা দুৰ হয় ।


৫। দেহৰ অম্লতা, কোলেষ্ট্ৰল ,ইউৰিক এচিড আৰু   হৰমোন  নিয়ন্ত্ৰন বা সন্তুলন হয়।


৬।  কৰ্কট আৰু  হৃদয় ৰোগ প্ৰতিৰোধ কৰে । 


৭। ৰক্ত বৃদ্ধি  তথা পৰিস্কাৰ  কৰে ।


৮। বায়ু পিত্ত কফৰ সমতা ৰক্ষা কৰে । 


৯। দেহৰ ওজন   স্বাভাৱিক  কৰায়  । 


১০। কাজু খালে চুলিৰ  সৌন্দৰ্য বাঢ়ে  ,গাৰ চাল সুন্দৰ আৰু মসৃন কৰে । ( কাজু পিহি গোলাপজল সহ চালত ঘহিব পাৰে)


১১।  দাঁত আৰু দাঁতৰ আলু মজবুত হয় ।


১২।  হাড়ৰ গঠন সুদৃঢ় হয় ,  হাড়ৰ বিষ বেদনা  নিৰাময় হয় ।


১৩ । #নিয়মিত_কাজু_খালে  পুৰুষ-নাৰীৰ যৌন ক্ষমতা বাঢ়ে । যৌন দুৰ্বলতা,শীঘ্ৰপতন আদি দূৰ হয় ।


১৪। সৰু লৰাছোৱালীক ২-৪ টাকৈ গাখীৰ সহ নিতৌ খুৱালে স্বাস্থ্য সুৰক্ষিত তথা  পঢ়াত মনোযোগ  বৃদ্ধি হয় 


কাজুৰ_ক্ষতিকাৰক_দিশ-

১। অধিক মাত্ৰাত খালে   পেটৰ অসুখ হাগনী আদিৰ লগতে নানা পাৰ্শ্বক্ৰিয়া হব পাৰে ।


২। ব্লাড চুগাৰ বৃদ্ধি হব পাৰে ।


৩। নাকেৰে তেজ যোৱা ৰোগীয়ে নাখাব ।


৪। মাইগ্ৰেইন পেইন / ঘনাই মুৰৰ বিষ হোৱা   লোকে নাখাব ।


৫। মহিলাৰ পেটৰ নানা ৰোগত ভুগী থাকিলে কাজু নাখাব । 

৬। কাজুয়ে দেহৰ উত্তাপ বৃদ্ধি কৰায় । সেয়ে  গৰম সহ্য কৰিব নোৱাৰা লোকে বা অতি গৰম বতৰত  কাজু  নাখাব । 

৭। চিকিৎদাধীন ৰোগীয়ে ডক্তৰৰ পৰামৰ্শমতে খাব ।


৮। অধিক শকত , কম পৰিশ্ৰমী লোকে কাজু নাখাব  ।

 

বন্ধুসকল অইন দামী ভাল বস্তুৰ তুলনাত কাজু বাদামৰ যিমান গুণ    নিয়মিত নিজে বা লৰাছোৱালীকো খুৱাই চাওকচোন ।  দাম বেছি হলেও   সঠিক মাত্ৰাত খালে  দিনে  চাহ একাপৰো মুল্য নহয়। (বেচি নাখাব হলে ।) 

( Assamese Fact )

     

✍🏻 শ্ৰী যতীন দাস।

মালয়বাৰী , কামৰূপ ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য শ্ৰী যতীন দাসৰ  দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



 

No comments:

Post a Comment

Advertisement

Pages