পুৱা সোনকালে শুই উঠাৰ সমস্যা এনেদৰে দূৰ কৰক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 3, 2021

পুৱা সোনকালে শুই উঠাৰ সমস্যা এনেদৰে দূৰ কৰক : Assamese Fact

Assamese Fact


ৰাতিপুৱা সোনকালে শুই উঠিম এই শব্দকেইটা আপুনি জীৱনত বহুতবাৰ ভাবিব পাৰে। কিন্তু ইয়াক সেইসকল লোকেহে কৰিব পাৰে যিয়ে সফলতা কি জানে।Assamese Fact )


ৰাতিপুৱা সোনকালে শুই উঠাৰ আটাইতকৈ সহজ উপায় আপোনালোকে এই লেখাটোৰ জৰিয়তে শেষলৈ জানিব পাৰিব। আপুনি কিমান ঘণ্টা শুই কেইটা বজাত শুই উঠিব লাগে যাতে ৰাতিপুৱাৰ সেই শক্তি আপোনাৰ চেহেৰা আৰু আপোনাৰ কষ্টৰ দ্বাৰা দেখা পোৱা যায়। আপুনি ৰাতিপুৱা ৩ তা এলাৰ্ম লগোৱাৰ দৰকাৰ নাই মাত্ৰ সেইটো কৰক যিটো আজি আপুনি ইয়াত জানিবলৈ পাব। তাৰ কিছুদিন পাছতেই আপোনাৰ এনেকুৱা অভ্যাস হৈ পৰিব যে ৰাতিপুৱা এলাৰ্ম  বজাৰ আগতেই আপুনি সাৰ পাব। টোপনি সন্দৰ্ভত আপোনাৰ যিবোৰ সন্দেহজনক প্ৰশ্ন আছে আজি আপোনাৰ সেই সকলোবোৰ নাইকিয়া হৈ যাব।  আজি আমি কেৱল ৰাতিপুৱা সোনকালে শুই উঠাৰ লাভ সমূহেই আলোচনা নকৰো বৰঞ্চ ইয়াৰ যুক্তিসংগত কাৰণ সমূহো আলোচনা কৰিম। 


যিকোনো এটা সমস্যা সমাধান কৰিবলৈ হলে প্ৰথমে তাৰ গুৰিলৈকে যাব লাগিব। আৰু ৰাতিপুৱা এলাৰ্ম বজাৰ পাছতো সোনকালে শুই উঠিব নোৱাৰা সমস্যাতো চিনি পাবৰ বাবে আপুনি এটা উদাহৰণ বুজি পোৱাটো বহুত জৰুৰী। ধৰি লওক আপুনি সদায় ৰাতিপুৱা ৮ বজাত শুই উঠে কিন্তু হঠাৎ আপুনি এদিন মনত ঠিক কৰিলে যে লাগিলে যিয়েই হৈ যাওক আপুনি পিছদিনা ৰাতিপুৱা ৪ বজাত উঠিহে এৰিব। আপুনি এটা এলাৰ্ম ৩:৫৫ বজাত লগালে , দ্বিতীয়টো,আপুনি এটা এলাৰ্ম ৩:৫৫ বজাত লগালে, দ্বিতীয়টো ৪ বজাত আৰু তৃতীয়তো ৪:১০ বজাত। আৰু মনতে ভাবিলে যে তিনিটা এলাৰ্ম লগালে যেতিয়া নিশ্চয় এটা এলাৰ্ম শুনি সাৰ পাবই।  কিন্তু ৰাতিপুৱা যদি আপুনি ৪ বজাত উঠিব নোৱাৰিলে তেন্তে তাত আৰু কব লগীয়া একো নাই। তাৰ পাছত আপুনি আকৌ ভাবিব যে কাইলৈৰ পৰা নিশ্চয় উঠিম। যদি আপুনি দ্বিতীয়দিনা ৪ বজাত শুই উঠে তেন্তে কি হব ভালদৰে জানি লওক , কেইদিনমান ৪ বজাত শুই উঠাৰ পাছত আপোনাৰ টোপনি আৰু অধিক গভীৰ হব ধৰিব। কিয়নো আপোনাৰ শৰীৰতোক আগতে যিমান টোপনিৰ দৰকাৰ হৈছিল বৰ্তমান সেইয়া সম্পূৰ্ণ হোৱা নাই। তাৰ পাছত আপুনি আটাইতকৈ সহজ উপায় অৱলম্বন কৰিব যিটো হৈছে দিনত টোপনি যোৱা। ধৰি লওক আপুনি দিনৰ ভাগত ২ ঘণ্টাকৈ শুবলৈ আৰম্ভ কৰি দিলে। আপুনি পোৱা সোনকালে শুই উঠাৰ এটা ভাল অভ্যাস কৰিছিল কিন্তু লগতে দিনৰ ভাগত শুবলৈ লোৱা এটা বেয়া অভ্যাস কৰিব ধৰিলে। ইয়াত দিনত টোপনি যোৱাটো এইবাবেই বেয়া বুলি কোৱা হৈছে কিয়নো ৫/১০ মিনিটৰ বাবে জিৰণি লোৱাটো ভাল কিন্তু যদি আপুনি দিনত ২/৩ ঘণ্টাকৈ শুইছে তেন্তে আপোনাৰ ৰাতিপুৱা সোনকালে শুই উঠি একো লাভ হোৱা নাই। যদি সোনকালে শুই উঠিও আপুনি দিনত আকৌ ২/৩ ঘণ্টাকৈ শুইছে তেন্তে আপুনি সুফল কেনেকৈ পাব?  দিনত টোপনি গলে আপুনি ৰাতি দেৰিলৈকে সাৰে থাকিব আৰু ৰাতি দেৰিলৈকে সাৰে থাকিলে আপুনি ৰাতিপুৱা সোনকালে শুই উঠিব নোৱাৰিব।


যদি কেনেবাকৈ আপুনি দিনৰ ভাগত টোপনি যোৱাটো এদিনৰ বাবে এৰি দিয়ে তেন্তে ইয়াৰ পৰিণাম আপুনি পিছদিনা ৰাতিপুৱা পাব। কিয়নো আপুনি যিমান চেষ্টা কৰিও ৰাতিপুৱা ৪ বজাত শুই উঠিব নোৱাৰিব। আপুনি সময় মিলাব নোৱাৰাৰ বাবে আকৌ সেই আগৰ অভ্যাসে লগ ধৰিব। লাভ তেতিয়াহে হব যেতিয়া আপুনি ৰাতিপুৱা সোনকালে শুই উঠিব আৰু দুপৰীয়া টোপনি যোৱাৰ প্ৰয়োজন নহব । এনে কৰিলেহে ৰাতিপুৱা উঠাৰ লাভ উঠাব পাৰিব আৰু দুপৰীয়াৰ কামো কৰিব পাৰিব। ইয়াৰ পৰা আমি গম পালোঁ যে ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস আমি ২/৩ দিনতে কিয় হেৰুৱাই দিওঁ।


এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ যে ৰাতিপুৱা কোন সময়ত শুই উঠিব লাগে আৰু কিদৰে নিজক পৰিৱৰ্তন কৰিব পাৰি। ৰাতিপুৱা সূৰ্য্য উদয় হোৱা আৰু ৰাতিৰ আন্ধাৰ শেষ হোৱাৰ সময়খিনিক (twilight) বুলি কোৱা হয় আৰু এই সময়ছোৱাৰ প্ৰথম আধা ঘণ্টাৰ ভিতৰত সদায় শুই উঠিব লাগে ।  এই সময়ছোৱাত শুই উঠিলে আপুনি পুনৰ দিনত টোপনি যোৱাৰ প্ৰয়োজন নাই  আৰু আপোনাক কোনেও দেৰিকৈ শুই উঠিছে বুলিও কব নোৱাৰে। এই সময়ছোৱাত আপুনি চৰাই চিৰিকটিৰ মাত শুনিব, ৰাতিৰ আন্ধাৰ লাহে লাহে নাইকিয়া হব ধৰিব আৰু সূৰ্য্য উদয় হবলৈ প্ৰস্তুত হৈ থাকে। সূৰ্য্যৰ প্ৰথম কিৰণটো আপোনাৰ ওপৰত সদায় পৰিব লাগে কিয়নো ই এক বহুত ভাল অভিজ্ঞতা। সেই সূৰ্য্যৰ প্ৰথম কিৰণ আপোনাৰ ওপৰত পৰালৈকে গা পা ধুই, পূজা অৰ্চনা কৰি সূৰ্য্যক স্বাগতম জনাব লাগে। আপোনাৰ ঘৰলৈ আলহী আহিবলগীয়া থাকিলে আপুনি জানো শুই থাকে? নিশ্চয় নহয় আৰু আপুনি আলহীক কেতিয়াও বাহি মুখেৰে গা পা নোধোৱাকৈ স্বাগত নকৰে। তেনেস্থলত সূৰ্যটোৱে আমাৰ গোটেই  জলবায়ুতোক জগাই তোলে  আৰু যদি আপুনি সূৰ্য্যক স্বাগত কৰে তেন্তে আপুনি বহুত শক্তি পাব। এই (twilight) ৰ সময়ছোৱাত আপুনি সাৰ পাই সূৰ্যক আদৰিব পাৰে। আপুনি ঠাণ্ডাৰ দিনত ৰাতিপুৱা ৫:১৫ বজাত আৰু গৰমৰ দিনত ৪:১৫ ত শুই উঠিব লাগে। ( Assamese Fact )


এতিয়া আহিছোঁ এই লিখনিতোৰ আটাইতকৈ জৰুৰী কথাটোলৈ যে ৰাতিপুৱা সোনকালে শুই উঠাৰ ৰহস্য কি? সিমান সময়ত শুই উঠিবলৈ আপুনি কিমান ঘণ্টা শুব লাগে ? 


ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাসটো এদিন আগৰ পৰাই আৰম্ভ হৈ যায় । এতিয়া জানো আহক সেই বিষয়ে- 
 যদি আপুনি মনত ঠিৰাং কৰি ললে যে কাইলৈ আপুনি ৪:১৫ বজাত শুই উঠিব আৰু আপোনাৰ বয়স যদি ১৮ বছৰ বা তাতকৈ বেছি হয় তেন্তে আপুনি ৬ ঘণ্টা টোপনি গলেও কোনো কথা নাই। যদি আপোনাৰ বয়স ১৪ৰ পৰা ১৭ বছৰ তেন্তে আপুনি ৭ ঘণ্টা টোপনি যোৱাটো প্ৰয়োজনীয়। ৰাতিপুৱা ৪:১৫ ত শুই উঠিব হলে আপুনি ৰাতি ১০:১৫ ৰ ভিতৰত যিকোনো প্ৰকাৰে টোপনি যাব লাগে। যদি আপোনাৰ বয়স ১৮ বছৰতকৈ কম তেন্তে আপুনি ৰাতি ৯:১৫ ৰ ভিতৰত শুই যাব লাগে। কিন্তু সদায় মনত ৰাখিব যে ৰাতি যে আপুনি ৯:১৫ আৰু ১০:১৫ ৰ সময়ছোৱাত শুবলৈ যাব ইয়াৰ লক্ষ মাত্ৰ এটাই যে আপুনি ৰাতিপুৱা ৪:১৫ মিনিটত সাৰ পাব লাগে।

এতিয়া চাওক, আপোনাৰ বয়স অনুপাতে আপোনাৰ টোপনি সম্পূৰ্ণ হৈ গল। কিন্তু ইয়াৰ পাছতো আপোনাৰ ৰাতিপুৱা এলাৰ্ম বজাৰ লগে লগে আপুনি সহজতে সাৰ নাপায়।সেই সময়ত কোনো ধৰণৰ পৰিৱৰ্তনশীল কথাই কামত নিদিয়ে কিয়নো আপুনি সেই বিষয়ে শুনিব লাগিব তেতিয়াহে কামত দিব। তেনেস্থলত আপুনি নিজকে অলপ কষ্ট দিব লাগিব। যেতিয়া আপুনি মাজৰাতি সাৰ পাই তেতিয়া আপুনি জোখতকৈ  অলপ বেছি পানী খাই লব। কিছুদিন আপুনি এনেকুৱা কৰিব লাগিব। এনে কৰাৰ ফলত আপোনাৰ সেই ৪:১৫ মান বজাৰ সময়ৰ ওচৰে পাজৰে প্ৰস্বাৱ কৰিব লাগিব । ই আপোনাক বিছনাৰ পৰা উঠি যাবলৈ বাধ্য কৰাব। প্ৰথমে যেতিয়া আপোনাৰ চকু মেল খাব তেতিয়া আপুনি ৰুমৰ লাইট জ্বলাই দিয়ক আৰু দুৱাৰ- খিৰিকী খুলি দিয়ক আৰু তাৰ পাছত বন্ধ কৰি নিদিব। বিছনাৰ পৰা নামি বাথৰুমলৈ যোৱাৰ আগতে নিজৰ বিচনাখন ঠিক থাক কৰি লওক কিয়নো পুনৰ আহি আপোনাৰ আকৌ তাত শুবলৈ মন যাব। এইবোৰ আপুনি নিজৰ ইচ্ছাৰে কৰিব নোৱাৰিব কিন্তু মনত জোৰ দি আপুনি এইবোৰ নিজে কৰিব লাগিব।


এতিয়া আহিছোঁ দ্বিতীয়টো মনোবৈজ্ঞানীক  পদ্ধতিলৈ -  বন্ধুসকল, যেতিয়া ৰাতিপুৱা কিবা বিশেষ কাম কৰিব লগা থাকে যেনে, ফ্লাইট সময়মতে পোৱা, ট্ৰেইন সময়মতে পোৱা ইত্যাদি।সেইদিনা কিন্তু আপুনি সহজতেই সময়মতে সাৰ পায় । আমি হয়তো বহুতেই ইয়াৰ কাৰণ নাজানো, ইয়াৰ কাৰণ হৈছে যে আপুনি ৰাতি নিজৰ মগজুতোক এইটো বুজাবলৈ সফল হৈছে যে কাইলৈ ইমান সময়ত যিকোনো প্ৰকাৰে শুই উঠিবই লাগিব। এই কথাটোৱে আপোনাৰ মগজুত ঠাই বনাই লয় আৰু আৰু আপোনাৰ মাজত এনে পৰিৱৰ্তন হয় যে আপুনি শুই উঠিব লগা হয়।  গতিকে আপুনি ৰাতিপুৱা সোনকালে শুই উঠাৰ এক শক্তিশালী কাৰণ বনাওক । তাৰ পাছত সেই শক্তিশালী কাৰণটোৱে আপোনাক সদায় সঠিক সময়ত জগুৱাই তুলিব। কিছুদিন পাছত আপুনি এলাৰ্মতকৈও আগত উঠি কব যে আজিটো চমৎকাৰ হৈ গল।


সোনকালে শুই উঠাৰ তৃতীয়তো পদ্ধতি হৈছে-  আমি সকলোৱে গান শুনি ভাল পাওঁ । এনেকুৱা কি গান শুনিলে আপোনাৰ কাৰোবাৰ কথা মনত পৰে বা আপোনাক আবেগিক ভাবে আঘাত কৰে?  এই বিষয়ত কোনোবাই গৱেষণা কৰিছে নে নাই নাজানো। কিন্তু বহুত বাৰ এনেকুৱা হয় যে কিছুমান গানে আমাৰ মগজুত প্ৰভাৱ পেলায়, আপোনাৰ মনোযোগ আকৰ্ষণ কৰে। আপুনি নিজেই পৰীক্ষা কৰিব লাগিব যে এই পদ্ধতি টোয়ে কাম দিছে নে নাই দিয়া ।  


গতিকে আমি এটা কথা নিশ্চিত হলো যে ৰাতিপুৱা সোনকালে শুই উঠাটো তেতিয়াহে লাভদায়ক হব যেতিয়া আপুনি পুনৰ দিনত শুব লগা নহয়। ইয়াৰ ফলত ৰাতিপুৱা সময়ৰ যি শক্তি আৰু দিনৰ সময়ছোৱা আপুনি কামৰ মাজেৰে কটাই দিব পাৰে। টোপনি সম্পূৰ্ণ কৰিবলৈ আপোনাৰ হাতত ৰাতিটো আছেই। গতিকে সদায় সুস্থ সবল হৈ থাকক। ( Assamese Fact )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page




No comments:

Post a Comment

Advertisement

Pages