প্ৰকৃত পুৰুষৰ ৬ তা লক্ষণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 24, 2021

প্ৰকৃত পুৰুষৰ ৬ তা লক্ষণ : Assamese Fact

Assamese Fact


বন্ধুসকল আপোনালোকে জানে নে এজনী ছোৱালীয়ে এজন লৰাৰ ওপৰত কেতিয়া বিশ্বাস কৰে?  এনেকুৱা কি কাৰণৰ বাবে মাত্ৰ কিছুমান পুৰুষে এজনী ছোৱালীক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে আৰু বাকীবোৰ পুৰুষৰ বাবে তেওঁ প্ৰেৰণাদায়ক হৈ পৰে? ( Assamese Fact )


ইয়াত যিসকল পুৰুষৰ বিষয়ে কোৱা হৈছে তেওঁলোকক 'Superior Man' উৎকৃষ্ট বুলি কোৱা হয়। এইসকল পুৰুষৰ ব্যক্তিত্ব বাকীবোৰ পুৰুষৰ তুলনাত বেছি আকৰ্ষণীয় হয়।  আমি এই লিখনিটোত লিখক  'Devid Deida' ৰ কিতাপ 'The way of the Superior Man'ৰ পৰা এইবোৰ গুণৰ বিষয়ে কিছুকথা জানিম।


১) প্ৰথমটো বিষয় হৈছে - 

" Live With An Open Heart Even If It Hurts" 

আমি সকলোৱে জানো যে আমাৰ অভিভাৱক অৰ্থাৎ মা- দেউতা গোটেই জীৱন আমাৰ লগত নাথাকে। আপোনালোকে ভাবে নেকি যে যিসকল লোকক আপুনি ভাল পায় সেইসকল লোক সদায় আপোনাৰ লগত থাকিব?  কিন্তু সত্য এইটো যে এদিন তেওঁলোক যাবই লাগিব। পৃথিৱীৰ নিয়ম এইটো যে যি আহিছে সি যাবই লাগিব। অৰ্থাৎ জন্মিলে মৃত্যু হবই আৰু এই লোকচান বহুত দুখৰ হয়। জীৱনৰ আৰু এটা নিয়ম আছে যে আমি জীৱনত যিমানেই আগুৱাই যাওঁ আমাৰ জীৱনটো সিমানেই প্ৰত্যাহ্বানেৰে ভৰি পৰে।  কিয়নো আমাৰ দায়িত্ব বাঢ়ি যায়, খৰছ বাঢ়ি যায় কিন্তু আমাৰ শক্তি নাবাঢ়ে। আমি এটা শক্তিৰ সীমাৰ মাজত থাকি কাম কৰিব লাগে। কৰ্মক্ষেত্ৰৰ লগতে ঘৰখন আৰু সন্তানৰ প্ৰতিও মনোযোগ দিব লাগে। বয়সৰ লগে লগে আমাৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা বাঢ়িব ধৰে। জীৱনত এনেকুৱা এটা সময়ো আহে যেতিয়া দুখ বাঢ়ি যায় আৰু শান্তি কম হৈ যায়। এই সময়তেই জীবনে আপোনাৰ সন্মুখত দুটা বিকল্প বাছি দিয়ে। প্ৰথমে হৈছে , আপুনি এজন কমজুৰি ব্যক্তিৰ দৰে সেই দুখৰ লগত যুঁজিবলৈ চেষ্টা কৰক। সেই দুখৰ পৰা হাত সাৰি থাকিবলৈ নিজৰ দায়িত্বৰ পৰা পলাই যাওক, নিচাজাতীয় বস্তু গ্ৰহণ কৰক বা অন্য কিবা উপায় কৰক। দ্বিতীয়তে হৈছে এজন শক্তিশালী ব্যক্তি হিচাপে সেই দুখৰ লগত সন্মুখীন হওক। সকলো দুখ সহ্য কৰি নিজৰ সকলো দায়িত্ব পালন কৰি যাওক। নিজৰ পৰিয়াল, পত্নী, সন্তানৰ সুখৰ বাবে এটা কঠিন জীৱনক হাঁহি মুখেৰে মানি লওক আৰু জীয়াই থাকিবলৈ শিকক।


২/ দ্বিতীয়টো বিষয় হৈছে- " Live As If Your Father Were Dead" 

এই কথাষাৰ শুনিবলৈ অলপ আচৰিত লাগিব কিন্তু ইয়াৰ মাজতো এক গভীৰ শিক্ষা সোমাই আছে। সৰু সময়ত আমাৰ দেউতাই আমাৰ বাবে কি ভাল কি বেয়া এই বিষয়ে সিদ্ধান্ত লয়।  আমি ডাঙৰ হৈও বহু সময়লৈকে নিজৰ দেউতাৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয়। কোৱা হয় যে এজন শক্তিশালী , বুদ্ধিমান পুৰুষৰ আটাইতকৈ ভাল গুণটো হৈছে  তেওঁৰ সিদ্ধান্ত লোৱাৰ শৈলী। আপুনি জীৱনৰ সকলো সিদ্ধান্তৰ ১০০% ই নিজে নলয়। গতিকে superior হবলৈ হলে আপুনি সকলো দায়িত্ব নিজেই পালন কৰিব লাগিব । সদায় যিকোনো সিদ্ধান্ত লবলৈ হলে নিজৰ দেউতাৰ ওপৰতেই নিৰ্ভৰ নকৰিব। কেতিয়াবা এনেকুৱাও কৰি চাব যাতে আপোনাৰ দেউতাই যিকোনো এটা সিদ্ধান্ত লবলৈ আপোনাৰ পৰামৰ্শ বিচাৰে। ( Assamese Fact )

 ৩/ তৃতীয় বিষয়টো হৈছে- 

"Never Change Your Mind  Just To Please A Woman " 

 আপুনি ভাবে নেকি যে যিকোনো এজনী ছোৱালীয়ে এনেকুৱা এজন লৰাৰ লগত থাকিব বিচাৰিব নেকি যিয়ে নিজৰ বুদ্ধিমতা আৰু সিদ্ধান্তৰ ওপৰত বিশ্বাসেই নকৰে। সাধাৰণ কথা যদি আপুনি নিজৰ সিদ্ধান্ততেই বিশ্বাস নকৰে তেন্তে কোনোবাই আপোনাৰ ওপৰত কিয় বিশ্বাস কৰিব?  লিখকৰ মতে যেতিয়া এজনী ছোৱালীয়ে তেওঁৰ সংগীজনক কিবা কৈ থাকে আৰু আপুনি নিজৰ সিদ্ধান্ত সলাবলৈ তেওঁক অনুনয় বিনয় কৰে তেতিয়া আপুনি তেওঁৰ বিশ্বাস জয় কৰাৰ সলনি তেওঁৰ বিশ্বাস হেৰুৱাব।  এনে কৰিলে ছোৱালীজনীয়ে আগলৈ ভাবিব যে 'এওঁ তো সহজেই মান্তি হব , এওঁৰ সিদ্ধান্ত সলনি কৰাটো কোনো ডাঙৰ কথা নহয়' । এতিয়া আপুনি নিজেই ভাবক যে আপুনি নিজৰ বিষয়ে কোনোবাই এনেকৈ চিন্তা কৰাটো ভাবে নে? যদি আপুনি এইটো মানি লয় তেন্তে আপুনি এজন দুৰ্বল মানুহ হোৱাৰ সংকেত দিছে যিয়ে নিজৰ সিদ্ধান্তৰ পক্ষে থিয় নহয়। এনে পৰিস্থিতিত এজন superior পুৰুষে কাৰোবাক ভাল লগাবলৈ নিজৰ সিদ্ধান্ত সলনি নকৰে। তেওঁৰ সিদ্ধান্ত সলনি কৰাটো ইমান সহজ নহয়।


৪/ চতুৰ্থটো বিষয় হৈছে- " Enjoy Your Friends Criticism"

 লিখকে এই বিষয়টোত পুৰুষ এজনৰ "Musculing Nature"ৰ বিষয়ে কথা কৈছে। এজন পুৰুষে আন এজন পুৰুষে তেওঁৰ অপমান কৰাটো সহ্য কৰিব পৰা ক্ষমতাতো তেওঁৰ "Masculine Energy" জুখিব পৰা এটা উপায় হয়। যেনে, যদি এজন দুৰ্বল ব্যক্তিয়ে এনেধৰণৰ অপমানসূচক কথা বেলেগ এজন ব্যক্তিৰ পৰা শুনে লাগিলে সেইয়া তেওঁৰ দেইতাকেই হওক তেওঁ সেই বিষয়টো লৈ বহুত গভীৰ হৈ পৰে অথবা অত্যন্ত দুখীত হয়। অপমান সহ্য কৰিব নোৱাৰি এজন দুৰ্বল মানুহে শুনাৰ লগে লগেই কাজিয়া কৰিব ধৰিব। তেওঁ কব যে এইবোৰ কথা তেওঁ মানি নলয় । কিন্তু তেন্তে স্থলত এজন superior মানুহে এনেকুৱা নকৰে । তেওঁ যিকোনো প্ৰকাৰৰ অপমানসূচক কথাত প্ৰতিক্ৰিয়া নকৰে। তেওঁ কাজিয়া লগাৰ সলনি আগলৈ সেই বিষয়ে আলোচনা কৰিব বিচাৰে। তেওঁ প্ৰশ্ন কৰিব যে এই সমালোচনাৰ পিছত কাৰণ কি আছে?  তেওঁ কাজিয়া নকৰি বিষয়টো ভালদৰে জানিব বিচাৰে কথা পাতি।


৫/ পঞ্চমটো বিষয় হৈছে-  "Don't Use Your Family As An Excuse" 

ধৰি লওক, এজন পুৰুষে নিজৰ পত্নী আৰু সন্তানক বহুত ভাল পায়। প্ৰায়ে তেওঁ কাম শেষ কৰাৰ পাছত নিজৰ ঘৰলৈ সোনকালে আহে আৰু তেওঁলোকক সময় দিব বিচাৰে। এইটো কাৰণে সেই পুৰুষজনৰ পত্নীয়ে তেওঁক বহুত সন্মান কৰে। কিন্তু ইফালে এনেকুৱা পুৰুষ থাকে যিয়ে নিজৰ পত্নীক ইমানেই মৰম কৰে যে তেওঁ নিজৰ কামত মনোযোগ দিব নোৱাৰে আৰু কামৰ পৰা চুটি লৈ নিজৰ পত্নীৰ লগত সময় কটাব বিচাৰে। আপুনি কি ভাবে যে ইমান মৰম কৰাৰ পাছতো এইজন পুৰুষৰ পত্নীয়ে তেওঁৰ সন্মান কৰিব নে?  প্ৰথমটো উদাহৰণ এজন Superior পুৰুষৰ আছিল আৰু দ্বিতীয়তো উদাহৰণ আছিল এজন দুৰ্বল পুৰুষৰ । লিখকৰ মতে এজন superior পুৰুষে নিজৰ কামতকৈ আগত কেতিয়াও পৰিয়ালক প্ৰাধান্য নিদিয়ে। তেওঁৰ বাবে নিজৰ পৰিয়ালটো সদায় গুৰুত্বপূৰ্ণ হয় কিন্তু যদি কামৰ ক্ষেত্ৰত এই বিষয়ে বুজাবুজি কৰিব লগা হয় তেন্তে তেওঁ কেতিয়াও মানি নলয়। তেওঁ নিজৰ কামত নিজকে এনেদৰে নিয়োজিত কৰি ৰাখে যে তেওঁৰ পত্নীৰ লগতে আশে পাশে থকা ব্যক্তিয়েও বহুত সন্মান কৰে। এজন দুৰ্বল ব্যক্তি যাৰ কোনো লক্ষ নাথাকে তেওঁ জীৱনত একো কৰিব নোৱাৰে আৰু নিজৰ সম্পৰ্কত সন্মান লাভ কৰিবও নোৱাৰে।


৬/ ষষ্ঠতো বিষয় হৈছে- 

"Praise Her" 

যদি আপুনি এজনী নাৰীক সন্মান কৰিব বিচাৰে তেন্তে এই বিষয়টো বহুতেই গুৰুত্বপূৰ্ণ।  পুৰুষ আৰু নাৰীৰ ব্যৱহাৰ বহুত বেলেগ হয় । এজন পুৰুষে নিজকে উৎসাহিত তেতিয়া বেছি কৰে যেতিয়া তেওঁৰ সন্মূখীত কিবা এটা প্ৰত্যাহ্বান আহি পৰে আৰু সেই প্ৰত্যাহ্বান সফলতাৰে সম্পূৰ্ণ কৰিব পাৰে। কিন্তু এগৰাকী মহিলাৰ ক্ষেত্ৰত এনেকুৱা নহয়। এগৰাকী মহিলা তেতিয়া উৎসাহিত বেছিকৈ হয় যেতিয়া তেওঁৰ প্রশংসা কৰা হয়। ধৰি লওক, আপুনি নিজৰ সংগী গৰাকীক কব লাগে যে তেওঁৰ হাঁহি থকা মুখখন আপুনি পছন্দ কৰে আৰু খং কৰিলে আপুনি বেয়া পায়। আপুনি এনেকৈ কব নালাগে যে তুমি খং কৰিলে ভাল নালাগে বুলি, আপুনি কব লাগে যে তোমাৰ হাঁহিটো বহুত ধুনীয়া আৰু সদায় হাঁহি থাকিবা।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages