যমৰ বন্তি কিয়, কেতিয়া আৰু কেনেকৈ জ্বলাব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 2, 2021

যমৰ বন্তি কিয়, কেতিয়া আৰু কেনেকৈ জ্বলাব : Assamese Fact

Assamese Fact


যমৰ চাকি যমৰজাক উদ্দেশ্যি বা যমৰজাক দিয়া আগবঢ়োৱা এগচি চাকি। প্ৰকৃততে সংস্কৃতত দ্বীপ দান বুলি কোৱা হয়। ( Assamese Fact ) 


যম হৈছে মৃত্যুৰ ৰজা। যমৰজাক সন্তষ্ট কৰিবলৈ, যমৰজাৰ আৰ্শীবাদ পাবলৈ, যমৰজাৰ ক্ৰদৃষ্টিৰ পৰা, অভিশাপৰ পৰা, নিজকে সুৰক্ষা কবচ প্ৰস্তুত কৰিবলৈ আমি এগচি চাকি জ্বলাও। যাক কোৱা হয় যম চাকি।


২০২১বৰ্ষৰ ২নৱেম্বৰ মংগলবাৰৰ পৰা, শণিবাৰলৈ এই পাঁচটা দিন ৰাতি শুৱাৰ আগে ঘৰৰ দক্ষিণ দিশত জ্বলাব লাগে প্ৰত্যেকজন হিন্দু লোকে। এই পাঁচ টা দিন যমক উদ্দেশ্যি এই চাকি যমক আগবঢ়াব লাগে। এয়া অত্যন্ত শুভ। যমক পূজা কৰা নহয়। যম হৈছে মৃত্যুৰ দেৱতা। যি ঘৰত মানুহৰ অকাল মৃত্যু হৈছে, এই পৰিঘটনা যাতে ঘৰখনত যাতে পুনৰাবৃত্তি নহয়, সেই পৰিয়ালত যাতে পুনৰাবৃত্তি নহয়, কাৰো জীৱনত যাতে পুনৰাবৃত্তি নহয়, তাৰবাবে যমৰজাৰ কৃপা দৃষ্টি লাভ কৰিবলৈ এই চাকিগচ যমৰজাক আগবঢ়োৱা হয়। অকাল মৃত্যুৰ সমস্যা আহে দক্ষিণ দিশৰ ফালৰ পৰা। 


দক্ষিণ দিশ দোষিত হলে, দক্ষিণ দিশ ভুল হলে, ই অকাল মৃত্যু দুৰ্ঘটনা, অশান্তি আদি দিব পাৰে। আপোনাৰ ঘৰৰ দুৱাৰ দক্ষিণ মুখী হলে, সেয়া কেতিয়াও বেয়া নহয়। কোনে এটা দিশে মূল দুৱাৰ বেয়া নহয়। ( Assamese Fact ) কিন্তু যদি দক্ষিণ দিশৰ দুৱাৰ ভুল স্থানত থাকে, তেনেহলে ই আপোনাৰ বহু ক্ষতি কৰিব পাৰে। দক্ষিণ দিশে ভাল দিশে দুৱাৰ থাকিলে যি যি প্ৰভাৱ পৰিছে, সেয়া আপোনাৰ ঘৰৰ লগত মিলাই চাব, তেতিয়া আপুনি যানিব। আপোনাৰ ঘৰৰ দুৱাৰ শুদ্ধ ঠাইত থাকিলে সদায়ে ভাল বস্তু আহিব। 


২০২১বৰ্ষৰ ২নৱেম্বৰ দিনা পৰা আৰম্ভ কৰি ৬নৱেম্বৰলৈ এই পাঁচটা দিন যমৰ চাকি দিয়ক। এই চাকি ৪মুখী হব লাগে। যদি চাকিগচ ৪মুখী নহয়, তেতিয়া দুডাল শলিতা যোগ চিনৰ নিচিনা কৰি চাৰিটা মূৰ উলিয়াই লব পাৰে। চাকিত মিঠাতেল দিব। চাকিগচ আপোনাৰ ঘৰৰ দক্ষিণ দিশত দিব। দক্ষিণ ফালে মুখ কৰি ঘৰৰ বাহিৰত দিব। 


২নৱেম্বৰৰ পৰা আৰম্ভ কৰি ৬নৱেম্বৰৰ লৈকে এই পাঁচটা দিন এই চাৰিমুখী চাকিগচ ৰাতি শুৱাৰ আগে আপুনি ঘৰৰ বাহিৰত দক্ষিণ দিশে চাকিগচ দিব। যমৰজাৰ কথা ভাৱিব। যাতে নিজৰ ঘৰখনত কেতিয়াও দুৰ্ঘটনা সংঘটিত নহয়। এই চাকিগচ দি ভুলটো কেতিয়াও পাচফালে ঘূৰি নাচাব। এই চাকিগচ কেৱল মৃত্যুক জয় কৰিব পৰা বন্তি হৈছে যমৰ বন্তি। (কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰ পৰা সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Assamese Fact ) Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages