প্ৰেমক অধিক শক্তিশালী কৰি তোলাৰ উপায় :Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 17, 2021

প্ৰেমক অধিক শক্তিশালী কৰি তোলাৰ উপায় :Assamese Fact

Assamese Fact


এগছি বন্তি প্ৰজ্বলিত কৰিবলৈ কিহৰ প্ৰয়োজন ? চাকি , তেল বা ঘিঁউ আৰু জুইৰ প্ৰয়োজন হয়নে ?  নহয়, বাস্তৱিক সত্য এইটো যে বন্তি গচি প্ৰজ্বলিত হবলৈ বায়ুৰো সহযোগিতা থাকে ।( Assamese Fact )


বায়ু যিয়ে আমাক জীয়াই থকাত সহায় কৰে, সেই বায়ুয়ে বন্তি গচি প্ৰজ্বলিত হোৱাতো সহায় কৰে। কিন্তু অধিক জোৰৰে বায়ু চলাচল কৰিলে কি হব ? বতাহৰ ফলত বন্তি গচি নুমাই যাব। 


বায়ুৰ গতি অলপ বেছি থকাৰ বাবেই  বন্তি গচি নুমাই  যাব লগা হয় অৰ্থাৎ সকলো ভাৱৰ আৰু এটা সীমা থাকে , যাক অতিক্ৰম কৰিব নালাগে,সেই সীমাক সদায় মাথো মনত ৰাখি থব লাগে।


আমি যাক প্ৰেম কৰো তেওঁৰ সহায় কৰোঁতে কৰোঁতে আমি তেওঁক দুৰ্বল বনাই দিওঁ । এইটো কেতিয়াও হব নালাগে । আপুনি যাক ভাল পায় তেওঁৰ ইমানহে সহায় কৰক যাতে তেওঁৰ বাবে আপুনি তেওঁৰ প্ৰেৰণা বনিব পাৰে ‌,অন্যথা এইটো সহায় নহব , এই সহায় তেওঁৰ বাবে অস্ত্ৰ হৈ যাব আৰু প্ৰত্যেক মূহুৰ্ততে কেৱল আপোনাৰ সহায়ৰ বাবেহে ৰৈ থাকিব । যিটোৱে তেওঁক সকলোতকৈ দুৰ্বল কৰি তুলিব ।   ( Assamese Fact )

 

যেনেদৰে বায়ুৰ অলপ সহযোগিতাই বন্তি গচি জ্বলোৱাত সহায় কৰে তেনেদৰে বায়ুৰ অধিক সহযোগিতা অৰ্থাৎ অধিক বতাহ দিলে বন্তি গচি নুমাই যায়।  ঠিক তেনেদৰে তেওঁৰ অধিক সহায় কৰিবলৈ গৈ তেওঁক পৰনিৰ্ভৰশীল কৰি তোলা হয় । 


তেওঁক শক্তিশালী কৰি তোলক , সকলো সময়তে সহায় কৰি তেওঁক দুৰ্বল কৰি নিদিব , তেওঁক বিশেষকৈ স্বনিৰ্ভৰশীল হোৱাতহে সহায় কৰাটো উচিত । প্ৰেম এক বিশেষ অনুভৱ যাক ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীলৈ মনুষ্য ৰূপত আহি সকলোকে সুন্দৰকৈ পৰিচয় কৰাই দিলে । মনত ৰাখিব যত স্বাৰ্থ থাকে তাত প্ৰেম নাথাকে , যত প্ৰেম থাকে তাত স্বাৰ্থ নাথাকে । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages