ভগৱান বুদ্ধৰ চুলিৰ ৰহস্য জানিলে আপুনি আচৰিত হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 14, 2021

ভগৱান বুদ্ধৰ চুলিৰ ৰহস্য জানিলে আপুনি আচৰিত হব : Assamese Fact

 

Assamese Fact

কিছুমান জ্ঞানৰ প্ৰাপ্তৰ বাবে, কিছুমান নিয়ম থাকে। এনে কিছুমান নিয়মৰ বাবে গৌতম বুদ্ধই নিজৰ চুলি খুৰাই দিছিল। Assamese Fact )


এদিনাখন গৌতম বুদ্ধই মুকলি আকাশৰ তলত ধ্যানত বিলীন হৈ আছিল। সেই সময়ত গৰমৰ সময় আছিল। আৰু সূৰ্য্য দেৱতা ঠিক তেওঁৰ মূৰৰ ওপৰতে আছিল। 


সেই সময়তে গৌতম বুদ্ধৰ সন্মুখেদি এটা শামুক যাব ধৰিলে। আৰু শামুকৰ দৃষ্টি পৰিল সাধনাত বিলীন হৈ থকা গৌতম বুদ্ধৰ ওপৰত। তেতিয়া শামুকে ভাৱিলে, ইমান গৰম পৰিছে, আৰু অথচ তেওঁৰ মূৰত চুলিও নাই! সেইবাবে হয়তু, তেওঁ সাধনাত মন স্থিৰ কৰিব পৰা নাই! তাকে ভাৱি লৈ শামুকটোৱে গৈ গৌতম বুদ্ধৰ মূৰৰ ওপৰত বহিলেগৈ। Assamese Fact )


তাৰপাছত শামুকটোৱে ভাৱিলে, মই যদি গৌতম বুদ্ধৰ মূৰৰ ওপৰত থাকো, তেতিয়া তেওঁ গৰমৰ অনুভৱ কম হবলৈ ধৰিব। তাকে ভাৱি শামুকটোৱে গৌতম বুদ্ধৰ মূৰতে থাকিল। 


সেই প্ৰথম শামুকটোক দেখা পায় আন শামুকেও প্রথম শামুকটোৰ পাছে পাছে গৌতম বুদ্ধৰ মূৰলৈ উঠি গল। এনেদৰে ১০৮টা শামুকে গৌতম বুদ্ধক গৰমৰ উত্তাপৰ পৰা ৰক্ষা কৰিবলৈ তেওঁৰ মূৰতে বহি থাকিল আৰু  তাতে শামুকবোৰে  প্ৰাণ ত্যাগ কৰিলে।।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Assamese Fact ) Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages