ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 5 ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 27, 2021

ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 5 ) : Assamese Storyboard

Assamese Storyboard


এইবাৰ দুয়ো অফিচাৰ নয়নাৰ মাতৃগৃহত উপস্থিত হল ককায়েক সমৰ শইকীয়া আৰু দেউতাক বিশাল শইকীয়াক সকলো সুধ পুছ কৰি থানালৈ লৈ গল।( Assamese Storyboard )

             

সমৰে চিঞৰি চিঞৰি কবলৈ ধৰিলে মই খংৰ ভমকত কৈ দিছিলো সেইদিনা সেইবুলিয়ে মই অৰিন্দমক মই হত্যা কৰিম নেকি? যিমান যি হলেও সি মোৰ ভনীজনীৰ স্বামী।

          

পাৰ্থসাৰথিয়ে অলপ দমেৰে কলে নিচিঞৰিব কি ঠিক খংত কোৱাৰ দৰে আপুনি খংৰ ভমকত হত্যাও কৰিছে।

            

এনেকুৱাতে বাহিৰৰ পৰা এজন কনিষ্টবল আহি কলে ছাৰ আপোনালোকক লগ কৰিবলৈ এগৰাকী মহিলা আহিছে।

               

ৰক্তিমে কলে আপুনি তেওঁক অলপ বহিব দিয়ক আমি গৈ আছো।নহয় ছাৰ তেওঁ এই কেছটোৰ লগতে জড়িত হত্যাকাৰী কোন তেওঁ জানে।


কি লৈ আহা তেওঁক।


এয়া কি আচৰিত অৰিন্দমৰ মাকচোন ঘৰত যাওতে তেওঁ একো প্ৰশ্নৰ উওৰ দিয়া নাছিল আৰু মিষ্টাৰ চৌধুৰীয়েও তেওঁ অসুস্থ আৰু পুত্ৰ শোকত একো কব নোৱাৰা অবস্থাত আছে বুলি কৈছিল।

            

তেওঁক দেখাৰ লগে লগে মিষ্টাৰ চৌধুৰী এক প্ৰকাৰৰ লকআপৰ ভিতৰৰ পৰা গৰজি উঠিল তুমি ইয়াত কিয় কেনেকৈ আহিলা যোৱা এতিয়াই।( Assamese Storyboard )

             

পাৰ্থসাৰথিয়ে  কলে কিয় মিষ্টাৰ চৌধুৰী তেওঁক আহিব দিয়ক আপুনি ইমান ভয় কিয় খাইছে।

           

কওঁক মিচেছ চৌধুৰী আপুনি কি জানে হত্যাকাৰী কোন ভয় নকৰিব কওঁক আমি আছো।

             

অৰিন্দমৰ মাকে কান্দি কান্দি কবলৈ ধৰিলে ছাৰ হত্যাকাৰী আন কোনো নহয় মোৰ স্বামী অথাৎ অৰিন্দমৰ নিজ পিতৃ।

        

কি??? সকলো আচৰিত হৈ উঠিল।

      

পাৰ্থসাৰথিয়ে সুধিলে  মিষ্টাৰ চৌধুৰী আপোনাৰ পত্নীয়ে কোৱা কথা সচাঁনে? 


নহয় নহয় ছাৰ মই কিয় তাক হত্যা কৰিম মোৰ পত্নী অৰিন্দমৰ চিন্তাত পগলা হল যি টি কৈছে।

        

এটা ডাঙৰ ধমক দি ৰক্তিমে আৰু কিমান আনক মিছা আৰু পগলা সজাব আপুনি উলিয়াই আনক তেওঁক লকআপৰ পৰা।

      

দুয়ো অফিচাৰে মুখৰ আগৰ চকী খনত বহুৱাই তেওঁক সুধ পুছ কৰিবলৈ ললে।

        

কক মিষ্টাৰ চৌধুৰী কিয় আৰু কেনেকৈ আপুনি নিজ পুত্ৰক হত্যা কৰিলে?

         

অবৈধ ব্যৱসায়ৰ লগত আমি যিহেতু জড়িত আছিলো সেইদিনা তাৰ কি হল নাজানোঁ এইবোৰ দায়িত্ব সি আৰু লব নোৱাৰো কৈছিল এই সকলোবোৰৰ পৰা মুক্ত হ'ব বিচাৰিছিল।

  

কিন্তু সি নাথাকিলে মোৰ বহুত লোকচান হব আৰু মই যত তত এতিয়া যাবও নোৱাৰো ব্যৱসায়ীক কামত সিয়ে সকলোবোৰ দায়িত্ব লৈছিল।কিন্তু সেইদিনা সি এইবোৰ এৰিম কোৱাত আমাৰ মাজত ডাঙৰ তৰ্ক হৈছিল মোৰ পত্নীয়েও দেখিছিল কিন্তু নয়নাই এইবোৰ গম নাপায়।


সি মোক ভাবুকি দি কৈ গৈছিল ইমান জোৰ কৰিছে মই এতিয়াই পূলিচক সকলোবোৰ কৈ দিম নিজেও যাম জেইল আৰু আপোনাকো।

         

মই বহুত ভয় খালো সেয়েহে মইও তাৰ পিছা ললো কিন্তু সি থানাত অহা নাছিল হয়তো মোক ভাবুকি দি ভয় খোৱাইছিল। কিন্তু মই ৰিক্স লব নিবিচাৰিলো।


আগলৈ------------


জাহ্নবী কেওঁট


( Assamese Storyboard )

বিঃদ্ৰঃ উক্ত ধাৰাবাহিকটি জাহ্নবী কেওঁটৰ দ্বাৰা লিখিত ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 4 )- https://www.smj24.in/2021/11/4-assamese-storyboard.html

No comments:

Post a Comment

Advertisement

Pages