ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 4 ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 26, 2021

ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 4 ) : Assamese Storyboard

Assamese Storyboard

আহোতে দুয়ো অফিচাৰ চাহৰ দোকানত সোমাল তাতে একাপ একাপ চাহ খাই পাতিবলৈ ললে যদি অৰিন্দমক পপীয়ে হত্যা কৰা নাই নিলাভে কৰা নাই তেন্তে কোনে কৰিছে পত্নী নয়নাই নেকি?( Assamese Storyboard )


নয়নাৰ আচৰনো তেনেই সাধাৰণ আছিল যেন একোৱেই হোৱা নাই চকুত এটোপালো চকুপানী আৰু মুখত বিষাদৰ চিন নাছিল।সকলোফালে ৰহস্য একো ক্লো পোৱা নাই।

    

এনেতে চাহ দোকানী জনে তেওঁলোকক উদ্দেশি কলে ছাৰ আপোনালোক পুলিচৰ মানুহ নেকি মই আপোনালোকৰ কথাবোৰ শুনিছো  এই  মানুহঘৰৰ লৰাজনক কোনোবাই হত্যা কৰি মাৰিছে বুলি কৈছে যদি বেয়া নাপাই মই আজি অলপ দিনৰ আগতে হোৱা ঘটনা এটা কব খোজো ছাৰ হত্যাকাৰীক বিচৰাত  আপোনালোকৰ অলপ সহায় হয় কিজানি।

   

পাৰ্থসাৰথিয়ে মানুহ জনক উদ্দেশি কলে নিশ্চয় আপুনি কি জানে আমাক কওঁকচোন আমাৰ বহুত সহায় হব আপুনি যে নিজেই আমাক সহায় কৰিবলৈ ওলাই আহিছে বহুত বহুত ধন্যবাদ।

           

ছাৰ অৰিন্দম চৌধুৰীৰ উপৰুৱাকৈ যিবোৰ ব্যৱসায়ৰ কথা আপোনালোকে জানে এতিয়ালৈকে কেৱল সেইবোৰৰে মালিক নহয় তাৰ উপৰিও তেওঁৰ বহুতো অবৈধ ব্যৱসায় আছে আৰু এইবোৰৰ কথা তেওঁৰ পিতৃয়েও জানে  তদুপৰি বিভিন্ন ছোৱালী লগত সম্পৰ্ক বিয়াৰ পিছতো আৰু বোৱাৰী নয়না তেনে আজলী দেখাত যি সেয়া নহয় আচলতে তাই কিবা কব খুজিও নোৱাৰে কাৰণ মুখ খুলিলে অৰিন্দমৰ পৰিয়ালে তাক মাৰ পিট কৰে মৃত্যুৰ ভাবুকি দিয়ে।বেচেৰী কেইবাবাৰো সন্তানটো লগত লৈ এই বন্দীশালৰ পৰা পলাবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হল কেৱল  পইচাই যে মানুহক সুখী কৰিব নোৱাৰে এইয়াই প্ৰমান আৰু ছোৱালী চাই চিতি হে মানুহে বিয়া দিব লাগে।( Assamese Storyboard )

            

বোৱাৰী জনীয়ে এইবোৰ কথা ঘৰৰ মানুহকো জনাইছিল ছাৰ তাইৰ মাকৰ ঘৰখন এইখন ঘৰৰ নিচিনা ইমান ধনী শক্তিশালী নহয় সেইবাবে ইহঁতৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ সাহস কৰা নাছিল। 


এদিন বোৱাৰী দেউতাকে তাইক এই কষ্টকৰ জীৱনৰ পৰা উদ্ধাৰ কৰি নিজৰ ঘৰলৈ নিবলৈ আহিছিল কিন্তু চৌধুৰীৰ পৰিয়ালে তেওঁলোকৰ সন্মান হানি হব আমাৰ ঘৰৰ বোৱাৰীয়ে এনেকৈ ঘৰ এৰি গলে ইত্যাদি নানা কথা কৈ নয়নাৰ পিতৃৰ লগত ডাঙৰ হতাহতি লাগিল তেওঁলোকে  প্ৰায় পৰিস্থিতি মাৰ পিটলৈ লৈ গল। লগত তেতিয়া নয়নাৰ ককায়েক আহিছিল তেওঁ তেতিয়া মিষ্টাৰ চৌধুৰীক চিঞৰি কৈ গৈছিল মোৰ  ভনীৰ ওপৰত ইমান অত্যাচাৰ আজি মোৰ দেউতাৰ ওপৰত হাত তোলা চাই  লম আপোনাৰ পুত্ৰক অকলশৰে কৰবাত পালে হল একেবাৰে শেষ কৰি দিম।

       

ৰক্তিমৰ প্ৰশ্ন কিন্তু আপুনি ইমানবোৰ কথা কেনেকৈ জানিলে?

   

চাহ দোকানী জনে কলে ছাৰ  মই প্ৰথমে তেওঁলোকৰ ভাৰাঘৰত আছিলো নয়না মাজনীৰ সহায় হব কাৰণে তেওঁলোকৰ ঘৰৰ কাম কিছুমানো কৰি দিছিলো চাহ দোকান খন দিয়া বেছিদিন হোৱা নাই।

      

আপুনি ইমানবোৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ আপোনাৰ দৰে মানুহৰ প্ৰয়োজন আছে আমাক এইবুলি দুয়োজন অফিচাৰে তেওঁক ধন্যবাদ দি তাৰপৰা উলাই গল।

        

গাড়ীত গৈ থাকোঁতে দুয়ো জনে পাতিলে এই নয়নাৰ ককায়েকে হয়তো হত্যাকাৰী আৰু নয়নাই হয়তো কিবা জানে মুখ খোলাব লাগিব আৰু মিষ্টাৰ চৌধুৰীয়েও মিছা মাতিছিল।

       

দুয়ো অফিচাৰ পুনৰ চৌধুৰীৰ বাংলোত গল মিষ্টাৰ চৌধুৰী আপুনি প্ৰথমদিনা মিছা মাতিছিল আচল কথা কোৱা নাছিল আজি কওঁক কিয়  লোকোৱালে পুএৰ অবৈধ ব্যৱসায়ৰ কথা বোৱাৰী অত্যাচাৰৰ কথা।

         

এইবোৰ কোনে কৈছে অফিচাৰ এইবোৰ সকলো মিছা।

 

ৰক্তিমে ধমক দি কলে আপুনি কবনে আমাক নে আমি অন্য ধৰনে মুখ খুলিম আপোনাৰ।

    

কৈছো ছাৰ মোৰ লৰাৰ অবৈধ ব্যৱসায়ৰ কথা মই জানো কিছুমানত মই নিজেও আওপকীয়াকৈ জড়িত কেইবাবাৰো সি ধৰা পৰিছে বিভিন্ন ধৰণৰ চিণ্ডিকেটত কিন্তু মোটা অংকৰ ধন দি আমি বাছি গৈছিলো।


কাঠ, ড্ৰাগছ, কয়লা, নাৰী আদি বিভিন্ন অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল এইবাৰো কথা নয়নাই গম পাই গৈছিল সেয়েহে তাইক কতো যাব দিয়া নাছিলো ইয়াৰ পৰা মাৰ পিত কৰিছিলো আৰু এইবাৰ তাইক লৈ ভয় আছিল সেয়েহে হত্যা কৰাৰ পৰিকল্পনাই কৰি আছিলো কেতিয়া সকলো কথা তাই পুলিচক অৱগত কৰি দিয়ে ভয় কৰিছিলো। 

          

বাহ বাহ চৌধুৰী টকা সম্পতিৰ লোভত আপুনি হত্যাকাৰীও বনিবলৈ সংকোচ নকৰে। এইবাৰ মিচেচ নয়না আপুনি কওঁক আপোনাৰ ভাতৃয়ে অৰিন্দমক হত্যাৰ ভাবুকি দিছিল নহয়নে তেওঁয়ে হত্যা কৰিছে আপুনি সকলোবোৰ জানে আৰু আপুনিও জড়িত ইয়াত।

            

নয়নাই  কান্দি কান্দি কলে নহয় অফিচাৰ মোৰ ভাতৃয়ে ভাবুকি দিছিল কিন্তু দাদাই হত্যা কৰা নাই তেওঁক আৰু মই অৰিন্দমৰ সকলো কু- কৰ্মৰ কথা জানিছিলো কিন্তু যিমান যি হ'লেও তেওঁ মোৰ স্বামী যিমান যি হলেও নিজৰ শিৰৰ সেন্দুৰকন নিজেই আতৰোৱাৰ অপৰাধ মই নাইকৰা ছাৰ।

         

ঠিক আছে বাৰু আপোনাৰ মাতৃগৃহতহে আচল ৰহস্য উলাব আৰু মিষ্টাৰ চৌধুৰী আপুনি হত্যাকাৰী নহলেও অবৈধ ব্যৱসায় আৰু বোৱাৰী অত্যাচাৰৰ লগত জ্ড়িত আছিল আপুনি আমাৰ লগত বলক আপুনি লকআপৰ আলহী এতিয়া।



        আগলৈ---------


জাহ্নবী কেওঁট


( Assamese Storyboard )

বিঃদ্ৰঃ উক্ত ধাৰাবাহিকটি জাহ্নবী কেওঁটৰ দ্বাৰা লিখিত ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


ৰহস্যময়ী হত্যাকাণ্ড  খণ্ড নং  ৩ -  https://www.smj24.in/2021/11/3-assamese-storyboard.html

No comments:

Post a Comment

Advertisement

Pages