ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 3 ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 25, 2021

ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 3 ) : Assamese Storyboard

Assamese Storyboard


এইবাৰ পাৰ্থই কলে বাৰু আপুনি পপী নামৰ ছোৱালীজনীৰ ঠিকনা দিব পাৰিবনে?( Assamese Storyboard )


নিশ্চয় অফিচাৰ এবাৰ অৰিন্দমে কৈছিল মোক তাই কত থাকে। পপীৰ ঠিকনা লৈ দুয়ো তাৰপৰা বিদায় ললে ।

      

অৰিন্দমৰ ঘৰত শুধ পুছ কৰিব কাইলৈ যাম তাৰ আগতে এই পপী নামৰ ছোৱালীজনীৰ ওচৰত যোৱাটো জৰুৰী দুয়ো লগত এগৰাকী লেডী অফিচাৰ লৈ পপীৰ ৰুমত গল।

 

আপুনিয়ে মিচ পপী বৰুৱা? 


হয় কওঁকচোন আপোনালোক কোন আৰু কিয় ইয়াত আহিছে? 

   

আমি ক্রাইম ব্ৰাঞ্চৰ পৰা আহিছো নিজৰ আইডি দেখাই পৰিচয় দিলে।

      

আপুনি নিশ্চয় অৰিন্দম চৌধুৰীৰ হত্যাকাণ্ডৰ কথা গম পাইছে আৰু হত্যাৰ আগছোৱাত তেওঁক শেষবাৰ আপোনাৰ লগত দেখা গৈছিল আৰু তেওঁৰ বন্ধু নিলাভৰ মতে আপোনালোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল কি কব আপুনি তেওঁৰ হত্যাৰ সম্পৰ্কত।( Assamese Storyboard )

   

হয় অফিচাৰ আছিল প্ৰেমৰ সম্পৰ্ক আমাৰ মাজত মোৰ লগতে আছিল শেষবাৰ কিন্তু সি মোৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু কান্দি কান্দি তাইৰ লগত হোৱা সকলোবোৰ কথা কলে তাই যে তাৰ সন্তানৰ মাতৃ হব লৈছে সেয়াও কলে।

      

তাৰ মানে আপুনিয়ে তেওঁক হত্যা কৰিলে মিচ পপী পাৰ্থসাৰথিৰ প্ৰশ্ন পপীলৈ।

   

নাই নাই ছাৰ মই তাক নাইমৰা মই প্ৰতিশোধ লম বুলি ভাবিছিলোঁ সঁচা কিন্তু মই সেই সুযোগ নাপালো যি কিয়ে নহওক সেই পাষণ্ডটোৰ লগত এনেকুৱাই হব লাগে মই  সুখী বহুত।

        

হব বাৰু মিচ পপী দৰকাৰ হলে আকৌ আহিম ইয়াৰ পৰা কতো নাযাব প্ৰকৃত হত্যাকাৰী নোলোৱালৈকে । তাৰ পৰা গুচি আহিল তেওঁলোক ।

 

পিছদিনা দুয়ো অফিচাৰ অৰিন্দমৰ আচল ঘৰ নলবাৰী তাত গৈ পত্নী আৰু মাক দেউতাকক শুধ পুছ কৰিল অৰিন্দমৰ কাৰোবাৰ লগত কিবা শক্রতা আছিল নেকি দেউতাকে কান্দি কান্দি কলে নাই সি তেনে লৰা নহয় মই জনাত তেনেকুৱা একো নাই। পুএৰ শোকত মাক একো কব পৰা অবস্থাত নাছিল। হোটেলৰ লগতে আৰু ক'ত  ক,ত তেওঁৰ ব্যৱসায় আছিল আপুনি গম পাইনে? নাই মই একো গম নাপাওঁ  পাৰ্থই আচৰিত হৈ কলৈ মিষ্টাৰ চৌধুৰী আপুনি নিজ পুত্ৰৰ কথা নাজানে আচৰিত।


নহয় মানে ছাৰ এতিয়া দায়িত্ব বুজা সংসাৰৰ মূল বুজা হল সি সেয়েহে মইও  ইমান সুধি নাথাকো আৰু ঘৰত প্ৰায় নাথাকে সি সেয়েহে ইমান কথা নহয় আমাৰ মাজত এইবাৰ ৰক্তিমে মাত লগালে হব বাৰু আমি এবাৰ অৰিন্দমৰ ৰোমটো চাব খোজো ৰোমটোত বিশেষ একো তেওলোকৰ চকুত নপৰিল হঠাতে অৰিন্দমৰ পত্নীয়ে কৈ উঠিল ইয়াত চাই একো নাপায় অফিচাৰ , নামত মোৰ হাজবেণ্ড আছিল সি সংসাৰ কৰি সন্তান জন্ম দিয়ে সি দায়িত্ব এৰিলে ঘৰ বাৰী এৰি বাহিৰতে থকা হল। দুয়ো অফিচাৰে অৰিন্দমৰ পত্নীৰ মুখত কোনো দুখৰ ভাব নেদেখিলে অলপ অলপ সন্দেহ হল অৰিন্দমৰ পত্নী নয়নালৈ কিন্তু সেই সময়ত কাকো  একো নকৈ দৰকাৰ হলে আকৌ আহিম বুলি আৰু কেছটো চলভ নোহোৱালৈকে তেওঁলোকক কতো নাযাবলৈ কৈ তাৰ পৰা বিদায় ললে।


   আগলৈ-----


জাহ্নবী কেওঁট


( Assamese Storyboard )

বিঃদ্ৰঃ উক্ত ধাৰাবাহিকটি জাহ্নবী কেওঁটৰ দ্বাৰা লিখিত ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 2 ) - https://www.smj24.in/2021/11/2-assamese-storyboard.html

No comments:

Post a Comment

Advertisement

Pages