ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 2 ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 24, 2021

ৰহস্যময়ী হত্যাকাণ্ড ( খণ্ড নং 2 ) : Assamese Storyboard

Assamese Storyboard

অৰিন্দমৰ লগত ইমানেই ঘনিষ্ঠ হৈ উঠিছিল সিহঁতৰ মাজত শাৰীৰিক সম্পৰ্কও গঢ় লৈ উঠিল প্ৰথমতে তাই অমান্তি হৈছিল যদিও তাৰ ওপৰত থকা বিশ্বাসৰ বাবে সকলো কৰিছিল ।( Assamese Storyboard )  


কিন্তু সময়ত সকলোৰে আচল ৰুপ ওলাই এইবাৰ তাই অৰিন্দমৰ সন্তানৰ মাতৃ হল আৰু বিবাহৰ বাবে তাক জোৰ দিলে কিন্তু অৰিন্দমে তাইক নানান অসহনীয় কথাৰে তূচ্ছ তাচ্ছিল্য কৰিলে তোমাৰ দৰে এজনী গাওঁৰ দুখীয়া ছোৱালীক মই মোৰ পত্নী কৰিম হা হা ভাবিলা কেনেকৈ তুমি মোৰ প্ৰয়োজন আছিলা সেয়া পূৰণ হল আৰু শুনা মই বিবাহিত মোৰ ঘৰত নজনী ধুনীয়া পত্নী আৰু এটা লৰা আছে এইবুলি কৈ হোটেলৰ কোঠাতে তাইক এৰি যাবলৈ ওলাল তাই বাৰে বাৰে তাক কাবৌ কাকূতি কৰিলে প্লিজ মোক এৰি নাযাবা মই কি মুখ দেখুৱাম সমাজত মোৰ ঘৰৰ মানুহক কিন্তু অৰিন্দমে তাইৰ একো কথাই নুশুনিলে এৰ বুলি কৈছো নহয় গতিয়াই তাৰ পৰা গুচি গল।

     

বেচেৰী পপীৰ চকুপানীৰে বাট নেদেখা হল লগৰ জনীয়ে কোৱা কথাবোৰ বাৰুকৈয়ে মনত পৰিল এতিয়াহে যেন তাইৰ হুচ আহিছে দুখীয়া বাপেকৰ কষ্ট পৰিয়াল আৰু গাওঁৰ মানুহবোৰলৈ বাৰুকৈয়ে মনত পৰিল এয়া মই কি কৰিলো বুলি কান্দিবলৈ ধৰিলে আৰু নিজক শেষ কৰাৰ কথা ভাবিলে কিন্তু তাৰ মাজতে তাই ভাবিলে নাই মই কিয় মৰিম মোৰ পেটত থকা সন্তানটোৰটো কোনো ভূল নাই মৰিব সেই অৰিন্দম নামৰ পাষণ্ডটো এনেকৈ ভাবি সহজ হৈ  চকুৰপানী মুচি কাপোৰ কানি ঠিক কৰি তাই নিজৰ ৰুমলৈ গুচি আহিল।

        

দুদিন পিছতে বাতৰিত ফটোসহ ওলাল বিখ্যাত ব্যৱসায়ী অৰিন্দম চৌধৰীৰ মৃত্যু ডিঙি ৰেপি কোনোবাই হত্যা কৰিছে ডিঙি আৰু মুৰত দাঢ়েৰে ৰেপা গভীৰ আঘাতৰ চিন এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে শুধা পুছা আৰু অন্যান্য তথ্যৰ তদন্ত আৰম্ভ কৰিবলৈ ধৰিলে এই কেছটোৰ দায়িত্ব ক্রাইম বাঞ্চৰ  দুজন বিশেষ অফিচাৰক দিয়া হল পাৰ্থসাৰথি নাথ আৰু ৰক্তিম ফুকন।( Assamese Storyboard )

            

দুয়ো খৰতকীয়াকৈ কাম আৰম্ভ কৰি দিলে পোন প্ৰথমে দুয়ো অৰিন্দম যিখন হোটেলৰ মেনেজাৰ আছিল তাত গল তাত তাৰ লগৰ ব্যৱসায়ৰ অংশীদাৰ নীলাভ দুৱাৰাক শুধা পোছা আৰম্ভ কৰিলে তাত গম পালে যে অৰিন্দম বিবাহিত যদিও বহুত ছোৱালীৰ লগত তাৰ অবৈধ সম্পৰ্ক আছে আৰু এইকেইদিনত সি পপী নামৰ এজনী ছোৱালীক নিজৰ প্ৰেমৰ জালত ফচাই তাইৰ লগতে ঘুৰা ফুৰা কৰিছিল আৰু শেষবাৰৰ বাবে তাইৰ লগতে যোৱা বুলি মই গম পাওঁ ইয়াৰ বাহিৰে মই বিশেষ একো নাজানো অফিচাৰ।


তেনেতে ৰক্তিমে মাত লগালে আপুনি আপোনাৰ বন্ধুক এইবোৰ কু - কৰ্ম কৰাৰ পৰা এবাৰো কিয় বাধা দিয়া নাছিল কেনেবাকৈ আপুনিয়ে কিবা ব্যৱসায়ীক স্বাৰ্থৰ বাবে তেওঁক হত্যা কৰা নাইতো?


নাই নাই ছাৰ যিমান যি হলেও সি মোৰ বন্ধু মই কিয় তাক হত্যা কৰিম।মই বাধা দিছিলো ছাৰ বহুবাৰ কিন্তু সি মোক পাটনাৰশ্বিপ ভাঙি দিয়াৰ ভাবুকি দিছিল তাৰ ব্যক্তিগত জীৱনত দখল দিলে মোৰ বহুত লোকচান হল হৈ ছাৰ সেয়েহে মই নোকোৱা হলো।

       


আগলৈ-----------


জাহ্নবী কেওঁট


( Assamese Storyboard )

বিঃদ্ৰঃ উক্ত ধাৰাবাহিকটি জাহ্নবী কেওঁটৰ দ্বাৰা লিখিত ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


ৰহস্যময়ী হত্যাকাণ্ড (খণ্ড  নং 1) - https://www.smj24.in/2021/11/1-assamese-storyboard.html

No comments:

Post a Comment

Advertisement

Pages