ৰহস্যময়ী হত্যাকাণ্ড (খণ্ড নং 1) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 23, 2021

ৰহস্যময়ী হত্যাকাণ্ড (খণ্ড নং 1) : Assamese Storyboard

Assamese Storyboard

কপিলী নদীখনৰ উত্তৰ পাৰে সুন্দৰপূৰ নামৰ এখন গাওঁ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ। গাঁওখনত প্ৰায় জনবসতি ঘন। সুন্দৰ পৰিৱেশ চাহ বাগানৰ মাজে মাজে কোনোবা কোনোবা ডোখৰ বিশাল অৰণ্য তথা হাবি জংঘলেৰে ভৰা।( Assamese Storyboard )

             

সেই খন গাওঁৰে নিবাসী বুধেশ্বৰ বৰুৱা অতি দৰিদ্ৰ মানুহ কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটো পোহ পাল দি আছে  পৰিয়ালত তেওঁৰ মৰমৰ দুজনী জীয়াৰী পপী আৰু সৰু জনী সুৰভি আৰু লৰাটো একেবাৰে সৰু পাপু।বৰুৱাৰ পত্নী ধুকোৱা প্ৰায় ছমাহ হৈছে। দুৰাৰোগ্য ৰোগত নিয়তীয়ে তেওঁৰ প্ৰাণ কাঢ়ি নিলে চিকিৎসাৰ বাবে টকাৰো অভাৱ আছিল।

            

বৰুৱাৰ ডাঙৰ জী পপী বি:এ পাছ কৰিছে এইবাৰ পঢ়া শুনা সকলোতে প্ৰতিভাৱান হোৱাৰ লগতে ৰুপে গুণেও খুব ধুনীয়া তাই সকলো কামতে দেউতাকৰ ওপৰত নিৰ্ভৰ নকৰি তাঁত বৈ কাপোৰ বেচাৰ লগতে টিউচন কৰি নিজৰ খৰচ পাটি যোগাৰ কৰি লৈছিল।

           

যিহেতু তাই বি:এ পাছ কৰাৰ পিছত উচ্চশিক্ষা অথাৎ এম.এ পঢ়াৰ খুব ইচ্ছা আছিল সেয়েহে দেউতাকৰ সাচতীয়া টকা কেইটাৰ লগতে গাওঁৰ ৰাইজৰ সহায় সহযোগত গুৱাহাটীলৈ অহাৰ যো- জা কৰিছিল।যিহেতু গাওঁখনত শিক্ষিত মানুহ তেনেকৈ নাই সেয়েহ গাওঁবাসী তাইক লৈ খুব আশাবাদী সেয়েহে সকলোৱে সহায় সহযোগিতা কৰিছিল।

        

এনেদৰে সকলোৰে সহায় সহযোগিতাৰ মাজেৰে তাই নিজৰ লগতে সকলোৰে সপোনবোৰ পূৰ কৰাৰ পথত খোজ দিলে।( Assamese Storyboard )

         

প্ৰায় ছমাহ মান যোৱাৰ পিছত তাই দেউতাকৰ কষ্টৰ কথা চিন্তা কৰি গুৱাহাটীত পঢ়াৰ লগতে এটা পাৰ্ট টাইম কাম কৰিব ললে।

          

দিন বাগৰিল সকলো ঠিকেই আছিল তাৰ মাজতে তাইৰ জীৱনটো এক ন দিশে গতি কৰিল তাইৰ পৰিচয় হল গুৱাহাটীৰ এখন নামী দামী হোটেলৰ মেনেজাৰ অৰিন্দম চৌধুৰীৰ সৈতে দেখাত সুন্দৰ সুঠাম ভদ্ৰ যুৱক লাহে লাহে দুয়োৰে মাজত চা - চিনাকী হল প্ৰায় কথা বতৰা চলিব ধৰিল ঘনিষ্ঠতা বাঢ়ি আহিল আৰু প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল  কেতিয়াবা পপীয়ে নিজৰ ক্লাছ আৰু কাম খতি কৰিও অৰিন্দমৰ লগত যত ততে ফুৰিব যাব ধৰিলে।তাকে দেখি তাইৰ লগৰে ৰুণজুণে তাইক কলে ইমান সহজে ইমান কম সময়ৰ ভিতৰতে এজন মানুহক বিশ্বাস কৰাটো ভাল হোৱা নাই মই তোৰ ভালৰ বাবে কৈছোঁ পপী তই তাৰ বিষয়ে বিশেষ একোৱে গম নাপাওঁ কেতিয়াবা বিপদত পৰিবি কিন্তু পপীয়ে ওলোটাই তাইকহে খং কৰি কলে তই আমাৰ সম্পৰ্ক দেখি জলিচ সেইবাবে এনেকৈ কৈছ মই জানো অৰিন্দম তেনেকুৱা লৰা নহয় বিশ্বাস আছে মোৰ তাৰ ওপৰত।

       

এনেকৈয়ে তাই তাৰ লগত ক্লাব , বাৰ, হোটেল এইবোৰত ঘূৰি ফুৰি মায়ানগৰী গুৱাহাটীৰ আধুনিকতা আৰু মাদকতাৰ মাজত উটি ভাঁহি যাব ধৰিলে আজিকালি ঘৰখনলৈও চিন্তা নকৰা হল খা - খবৰ নোলোৱা হল সিফালৰ পৰা কৰিলেও ভীষণ ব্যস্ত দেখাই অলপ কথা পাতি ফোন কাটি দিয়ে।

 

আগলৈ-----------


জাহ্নবী কেওঁট।


( Assamese Storyboard )

বিঃদ্ৰঃ উক্ত ধাৰাবাহিকটি জাহ্নবী কেওঁটৰ দ্বাৰা লিখিত ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages