জীৱনত উন্নতি বিছাৰে যদি আজিয়ে কৰক এই কাম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 19, 2021

জীৱনত উন্নতি বিছাৰে যদি আজিয়ে কৰক এই কাম : Religious Studies

 

Religious Studies

এই শৰৎ পূৰ্ণিমা বা লক্ষ্মী পূৰ্ণিমা আগে আমি ঘৰ দোৱাৰ চাফ চিকুণ কৰো। আৰু এনে সময়ত যদি ঘৰৰপৰা এনে কেইবিধ মান বস্তু দূৰ কৰিব পাৰো, তেন্তে এয়া অতি মংগলজনক। ( Religious Studies )

আমাৰ ঘৰৰ বিভিন্ন ব্যৰ্থ হৈ যোৱা বস্তু ওপৰত আমাৰ মায়া জন্মে বাবে আমি সেইবোৰ সাঁচি ৰাখো। আৰু সেই বস্তু আমি পেলাই দিবলৈ মন নকৰোঁ। ঘৰখনৰ কোনো ঠাইত ভালদৰে ৰাখি থওঁ। কিন্তু এনে কিছু বস্তু আছে, যাক ঘৰত ৰখাটো সঠিক নহয়। এই বস্তুসমূহে ঘৰখনত নিগেটিভ এনাৰ্জি সৃষ্টি কৰি থাকে। সেয়ে লক্ষ্মী পূজা আগত যদি ঘৰ দুৱাৰ চাফ চিকুন কৰা সময়ত এই বস্তু সমূহ ঘৰৰপৰা দূৰ কৰিব পাৰোঁ, তেন্তে দেৱী লক্ষ্মী আনন্দ মনে আমাৰ ঘৰত প্ৰৱেশ কৰিব। 


সেই বস্তু সমূহ হৈছে


১/ভঙা আইনা

ভঙা আইনা ঘৰত থকাটো অশুভ মনা হয়। ইয়ে ঘৰখনত নিগেটিভ এনাৰ্জি উৎপন্ন কৰি থাকে। ইয়াৰ ফলত ঘৰখনৰ সদস্য সকলৰ মাজত সমস্যা দেখা দিব পাৰে। গতিকে লক্ষ্মী পূজা আগে,ভঙা আইনা  ঘৰত থাকিলে, সেয়া দূৰ কৰক। 


২/লক্ষ্মী পূজা আগত

ঘৰত বেয়া হৈ যোৱা যিকিনো ইলেকট্রনিক সামগ্রী থাকিলে, সেয়া ভাল কৰি লওক। নহলে ঘৰৰপৰা দূৰ কৰাটো মংগল। কাৰণ ইয়ে ঘৰখনত বাস্তু দোষ উৎপন্ন কৰি থাকে। ( Religious Studies )


৩/বন্ধ হৈ যোৱা ঘড়ী। 

এই বন্ধ হোৱা ঘড়ী ঘৰত ৰাখিলে, ই ঘৰলৈ দুৰ্ভাগ্য মাতি আনে। লগতে উন্নতিৰ পথত বাধা সৃষ্টি কৰি থাকে। গতিকে লক্ষ্মী পূজা আগতে, ঘৰত বন্ধ হৈ যোৱা ঘড়ী থাকিলে, সেয়া দূৰ কৰক। 


৪/ঘৰত ভঙা দৰ্জা থাকিলে, সেই দৰ্জা নতুন লগাবলৈ চেষ্টা কৰক। কাৰণ ভঙা দুৱাৰেদি মা লক্ষ্মী প্ৰৱেশ কৰাত বাধা পায়। 


৫/ভঙা ফটো ফ্ৰেম

এই বস্তু ঘৰত থাকিলে, ঘৰখনৰ কোনো এজন সদস্য অসুস্থ হব পাৰে। এনে বস্তু ঘৰত ৰখাটো একেবাৰে উচিত নহয়। 


৬/ঘৰৰ ফাৰ্নিচাৰ সমূহ

বেয়া হোৱা পাচতো ঘৰৰ কোনো ঠাইত ৰাখি থোৱা হয়। কিন্তু এনে কৰা একেবাৰে উচিত নহয়। ইয়াৰ ফলত দৰিদ্ৰতা আমাৰ লগৰীয়া হব পাৰে। (কথাখিনি সংগ্ৰহিত)।

Religious Studies )

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

No comments:

Post a Comment

Advertisement

Pages