দুৰ্গা পূজাত এই চাৰিবিধ ফুল অৰ্পন কৰিলে পূৰ্ণ হব আপোনাৰ মনোকামনা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, October 8, 2021

দুৰ্গা পূজাত এই চাৰিবিধ ফুল অৰ্পন কৰিলে পূৰ্ণ হব আপোনাৰ মনোকামনা : Religious Studies

 

Religious Studies

মা দূৰ্গা মৰ্ত্যলে আহে, তেওঁৰ ভক্ত সকলৰ মনৰ ইচ্ছা পূৰ্ণ কৰা বাবে। হিন্দু শাস্ত্ৰ অনুসৰি দেৱী দূৰ্গাই বিশেষ কিছু ফুল পচন্দ কৰে। গতিকে এই দূৰ্গা পূজাত যদি এই ফুল সমূহ দেৱী দূৰ্গা ওচৰত নিবেদন কৰিব পাৰে, বা তেওঁৰ আৰাধনা কৰিব পাৰে, তেতিয়া আপোনাৰ মনৰ ইচ্ছা সকলো পূৰ্ণ হব। ( Religious Studies )


প্ৰথমে পদুম ফল : 

এই পদুম ফুল হৈছে মা দূৰ্গাৰ অতিকে প্ৰিয়। আৰু এই পদুম ফুলৰ অবিহনে মা দূৰ্গাৰ পূজা সম্পূর্ণ নহয়। সেয়ে মা দূৰ্গাৰ পূজা সম্পূর্ণ কৰিবলৈ হলে, নৱমী দিনা মা দূৰ্গাৰ ওচৰত এই পদুম ফুল নিবেদন কৰক। তেতিয়া মা দূৰ্গাই আপোনাৰ সকলো ইচ্ছা আকাংক্ষা পূৰ্ণ কৰিব। আপুনি আপোনাৰ সফলতাৰ দিশত অগ্ৰহৰ হব পাৰিব। শাস্ত্ৰ মতে এই বিশেষ দিনটিত এই ফুল দি মা দূৰ্গাৰ আৰাধনা কৰিলে, দেৱী দূৰ্গা খুবেই প্ৰসন্ন হয়। ফলত মা দূৰ্গাৰ আৰ্শীবাদত যিকোনো বেয়া ঘটনা আদি ঘটাৰ আশংকা কমি যায়। 


দ্বিতীয়তে শেৱালি ফুল :

শেৱালি ফুলৰ অবিহনে শৰত কাল সম্পূর্ণ নহয়। ঠিক তেনেদৰে দূৰ্গা মাতাৰ আৰাধনা কৰোঁতে শেৱালি ফুল অপৰিহাৰ্য। দূৰ্গা পূজাৰ অঞ্জলি সময়ত শেৱালি ফুল মাৰ শ্রী চৰণত অৰ্পণ কৰক। তেতিয়া দূৰ্গা মায়ে আপোনাৰ সমস্ত মনোকামনা পূৰ্ণ কৰিব। এই কথা বিশ্বাস কৰা হয় যে, দূৰ্গা পূজাত যদি শেৱালি ফুল দি মাৰ আৰাধনা কৰা হয়, তেতিয়া যিকোনো সম্পর্কৰে উন্নতি ঘটাৰ সময় নালাগে। বিশেষ কৰি পিতৃ মাতৃ আৰু সন্তানৰ মাজৰ সৰ্ম্পকত ই বিশেষ ফল দায়ক হয়। ( Religious Studies )


তৃতীয়তে নাৰ্জী ফুল : 

নাৰ্জী ফুল দি, দেৱী দূৰ্গাৰ পূজা অৰ্চনা কৰিলে আশাদেখা কাৰ্য্যত আপুনি সহজে সাফল্য লাভ কৰিব পাৰে। হিন্দু শাস্ত্ৰ অনুসাৰে নাৰ্জী ফুল দি দেৱী দূৰ্গাৰ পূজা অৰ্চনা কৰিলে, পৰিয়ালৰ মাজত কোনো কণ্ডল বা অশান্তি আদি সহজে আহিব নোঁৱাৰে। 


চতুৰ্থতে, জবা ফুল :

দেৱী দূৰ্গাৰ আৰাধনাত জবা ফুল খুবেই অপৰিহাৰ্য। মা দূৰ্গাই জবা ফুল বহুতে পচন্দ কৰে। আৰু জবা ফুলৰ দ্বাৰা মা দূৰ্গা বহুতে সন্তষ্ট হয়। যদি মাৰ মন জয়ী কৰিব বিচাৰে, তেন্তে দূৰ্গা পূজাত, মাৰ শ্রী চৰণত জবা ফুল অৰ্পণ কৰিব। (সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages