নৱৰাত্ৰিৰ দ্বিতীয় দিনাৰ ৰহস্য আৰু পূজাৰ নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, October 8, 2021

নৱৰাত্ৰিৰ দ্বিতীয় দিনাৰ ৰহস্য আৰু পূজাৰ নিয়ম : Religious Studies

Religious Studies


নৱৰাত্ৰিৰ দ্বিতীয় দিন হৈছে ৮ অক্টোবৰ শুক্ৰবাৰ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা নৱ দূৰ্গাৰ দ্বিতীয় ৰূপ মাতা ব্ৰহ্মচাৰিণীক পূজা অৰ্চনা কৰা হয়। দেৱী দূৰ্গাৰ দ্বিতীয় ৰূপ হৈছে,মাতা ব্ৰহ্মচাৰিণী। সেইদিনা সকলোৱে মা ব্ৰহ্মচাৰিণীক পূজা অৰ্চনা কৰিব।( Religious Studies )


ব্ৰহ্মচাৰিণী মাতাক সন্তষ্ট কৰি আপুনি কি কি লাভ কৰিব পাৰে! 

আপুনি ব্ৰহ্মচাৰিণী মাতাক সন্তুষ্ট কৰি আপুনি আপোনাৰ জীৱন যুদ্ধত জয়ী হোৱাৰ কঠুৰ সাধনাৰ ফল আপুনি পাব পাৰে। কঠুৰ সময়ত বিচলিত নোহোৱা, আপোনাক কোনেও হৰাব নোঁৱাৰা, কোনেও আপোনাক পৰাজিত কৰিব নোঁৱাৰা, লক্ষ্যস্হানত উপনিত হোৱাৰ আৰ্শীবাদ আপুনি ব্ৰহ্মচাৰিণী মাতাক সন্তষ্ট কৰি লাভ কৰিব পাৰে। দেৱী দূৰ্গাৰ দ্বিতীয় ৰূপ হৈছে মাতা ব্ৰহ্মচাৰিণী। ব্ৰহ্ম অৰ্থাৎ তপস্যা আৰু চাৰিণী অৰ্থাৎ যি কোঠোৰ তপস্যা কৰে। কোৱাহয় মহাদেৱ শিৱক স্বামী হিচাপে পাবলৈ পাৰ্ৱতীয়ে ১০০বছৰ কঠোৰ তপস্যা কৰিছিল। তাৰ ফল স্বৰূপে শিৱক স্বামী ৰূপে পাইছিল। সেইবাবে মাতাৰ অন্য এটা ৰূপক ব্ৰহ্মচাৰিণী বোলা হয়। 


ব্ৰহ্মচাৰিণী মাতাৰ সোঁহাতত মালা আৰু বাওঁহাতত ঘটি থাকে। ব্ৰহ্মচাৰিণী মাতাই শুভ্ৰ বস্ত্র পৰিধান কৰে। মাতাৰ এই দ্বিতীয় ৰূপ যথেষ্ট শক্তিশালী। 


ব্ৰহ্মচাৰিণী মাতাক আৰাধনা কৰি আমি জনম কুণ্ডলীৰ গ্ৰহৰ দোষ খণ্ডন কৰিব পাৰোঁ। মাতাৰ দ্বিতীয় ৰূপ ব্ৰহ্মচাৰিণী মাতাই প্ৰকৃততে মংগল গ্ৰহক প্ৰতিনিধিত্ব কৰে। আপোনাৰ যদি মংগল গ্ৰহৰ দোষ আছে, আপোনাৰ যদি জনম কুণ্ডলীত মংগল গ্ৰহ দুৰ্বল, তেন্তে নৱৰাত্ৰিৰ দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী মাতাৰ পূজা অৰ্চনা কৰি, সন্তুষ্ট কৰি, আপোনাৰ জনম কুণ্ডলীত থকা মংগল গ্ৰহৰ দোষ খণ্ডন কৰিব পাৰে। নৱৰাত্ৰিৰ ৯টা দিনে ৯টা গ্ৰহক প্ৰতিনিধিত্ব কৰে। নৱৰাত্ৰিৰ ৯টা দিন মাৰ পূজা অৰ্চনা কৰি, ৯টাগ্ৰহৰ দোষ যদি আপোনাৰ জনম কুণ্ডলীত আছে, তেতিয়া আপুনি সেয়া খণ্ডন কৰিব পাৰে। ( Religious Studies )


নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাতা ব্ৰহ্মচাৰিণীক ভোগ হিচাপে দিব, মিচিৰি, চেনি, বা পঞ্চঅমৃত, ভোগ হিচাপে আগবঢ়াব। 


নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ শ্রী চৰণত ফুলপাহৰ সংস্কৃত নাম হৈছে, গুলবাবৰী (ফুলপাহৰ অসমীয়া নামটো নাজানো) ফুল অৰ্পণ কৰিব। এই ফুল যদি দিব নোঁৱাৰে, তেতিয়া দেৱী মাৰ শ্ৰী চৰণত প্ৰত্যেক দিনাই ৰঙা জবা ফুল দিব পাৰে। 


নৱৰাত্ৰিৰ দ্বিতীয় দিনাৰ গুপ্ত মন্ত্র হৈছে, ৰাতি শোৱাৰ আগতে, অখণ্ড জ্যোতি, মা মূৰ্তি আৰু কলহৰ আগত আসন পাতি বহি লৈ, ব্ৰহ্মচাৰিণী মাতাৰ এই বিশেষ মন্ত্রটি এক মালা জপ কৰিব। সেই বিশেষ মন্ত্রটি হৈছে, 

"ঔম এং ক্লিং ক্লিং ব্ৰহ্মচাৰিণী নমঃ"। এই মন্ত্রটি আসনত বহি এক মালা জপ কৰিব। এই মালা জপ কৰাৰ পাছতহে শুৱলৈ যাব। আপুনি জপ কৰা এই বিশেষ মন্ত্রটি দ্বাৰা, এক মালা জপ কৰাৰ পৰা আপুনি আপোনাৰ জীৱনত দেৱী মাৰ প্ৰভাৱ পাব। 


যিসকলে ব্ৰত কৰিছে, প্ৰত্যেক দিনা যাতে, ব্ৰতৰ সময়ত কোনো ধৰণৰ খং ৰাগ নকৰে। কোনো ধৰণৰ হাই কাজিয়া, যুক্তি তৰ্ক, কৰিব নালাগে আৰু বিশেষ কৰি মহিলা, নাৰী, বা ছোৱালীক কথাৰে বা ব্যৱহাৰে আঘাত নকৰিব।। 


(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰ পৰা সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages