দুটা তুলসী পাতৰ এই সহজ উপায়ৰ দ্বাৰা মা লক্ষ্মী হয় প্ৰসন্ন : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 6, 2021

দুটা তুলসী পাতৰ এই সহজ উপায়ৰ দ্বাৰা মা লক্ষ্মী হয় প্ৰসন্ন : Religious Studies

 

Religious Studies

যদিহে মহালয়া দিনটিত ২টি তুলসী পাতেৰে কৰিব পাৰে, এই সহজ সৰল উপায়, তেতিয়া বুজিব আপোনাৰ জীৱনত সুখ ,শান্তি, সমৃদ্ধিৰ অভাৱ নঘটে। লগতে মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰখনত সৰ্বদা থাকিব। ( Religious Studies )


এই মহালয়া দিনৰেপৰা পিতৃ পক্ষৰ আৱাহন ঘটি দেৱী পক্ষৰ সূচনা হয়। এই মহালয়া দিনটোত মা দূৰ্গা মৰ্ত্যলে নামি আহে ভক্তসকলক আৰ্শীবাদ দিবৰ বাবে। এই দিনাৰেপৰা দূৰ্গা মাৰ প্ৰতিমূৰ্তিক সজাঁই তুলা হয়। গতিকে এই প্ৰৱিত্ৰ দিনটিত দুটি তুলসী পাতেৰে যদি এই উপায়টি কৰিব পাৰে, তেন্তে আপোনাৰ জীৱনৰ পৰা দোষ কষ্ট নিমিষতে দূৰ হব। আৰু সেই ঘৰখনত মা লক্ষ্মীৰ বাস হব। এই তুলসী হৈছে অতি প্ৰৱিত্ৰ তথা দেৱ গছ। শাস্ত্র অনুসাৰে তুলসীৰ বিশেষ মহত্ব আছে। ভগৱান বিষ্ণুৰ পূজাত তুলসী অবিহনে পূজা কেতিয়াও সম্পূর্ণ নহয়।( Religious Studies )


মহালয়া দিনটোত পোৱা সোনকালে শুই উঠি স্নান আদি কৰি শুদ্ধ বস্ত্র পৰিধান কৰি, তুলসী তলত পানী ধালিব। আৰু এই মন্ত্রটি তিনিবাৰ জপ কৰিব। "এম সুভ্ৰদায়ে নমাহঃ"। তাৰপাছত ২টি তুলসী পাত চিঙি আনি ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ শ্ৰী চৰণত ৰাখি থব। ইয়াৰ পাছত সন্ধ্যা সময়ত গোসাঁই ঘৰত শুদ্ধ প্ৰদীপ প্ৰজলিত কৰিব। আৰু এটি প্ৰদীপ তুলসী তলত প্ৰজলিত কৰিব। আৰু পূজা অৰ্চনা কৰিব। আৰু তুলসী তলত এই মন্ত্রটি ১১বাৰ জপ কৰিব। 

" এম নমাহঃ ভগৱতে বাসুদেৱায়ে"।


তাৰপাছত তুলসী পাত দুটি ওচৰলৈ গৈ, ভগৱান বিষ্ণু মা লক্ষ্মীৰ ওচৰত হাতজুৰি এই মন্ত্রটি ১১বাৰ জপ কৰিব। "এম শ্ৰী শ্ৰীয়ে নমাহঃ"। এই মন্ত্রটি জপ কৰি, সেই তুলসী পাত দুটি শ্ৰদ্ধা ভাৱেৰে তুলি আনি শুৱা বিছনা তলত বা গাৰু তলত ৰাখি শোৱ। আৰু পাচদিনা ৰাতিপুৱা সেই তুলসী ২টি পাত কোনো জলাশয়ত উতুৱাই দিব। এনে কৰিলে আপোনাৰ দুখ, সমস্যা, বাধা, বিঘিনী দূৰ হব। আৰু ঘৰখনত সুখ শান্তি বিৰাজ কৰিব।।(সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

No comments:

Post a Comment

Advertisement

Pages