মা শৈলপুত্ৰী পূজা কৰিলে এই গ্ৰহৰ দোষ খণ্ডন হব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 7, 2021

মা শৈলপুত্ৰী পূজা কৰিলে এই গ্ৰহৰ দোষ খণ্ডন হব : Religious Studies

Religious Studies


২০২১বৰ্ষৰ নৱৰাত্ৰিৰ প্রথম দিন পতিপদাৰ দিন পৰিছে, 

৭অক্টোবৰ বৃহস্পতিবাৰ। এইদিনটো নৱৰাত্ৰিৰ প্ৰথম দিন। মা দূৰ্গাৰ প্রথমটো ৰূপ মা শৈলপুত্ৰী পূজা আৰাধনা কৰা হব। ( Religious Studies )

শৈলপুত্ৰী, নৱৰাত্ৰিৰ ৯টা দিনৰ প্রথম দিনৰ পতিপদাৰ দূৰ্গা মাৰ প্রথমটো ৰূপ শৈলপুত্ৰী। কোৱা হয়, পৰ্ৱতৰাজ হিমালয়ৰ পুত্রী হয় তেওঁ। শৈলপুত্ৰী প্ৰকৃততে দেৱী পাৰ্ৱতীৰ আন এটা ৰূপ। তেওঁ এয়া দ্বিতীয় জনম। পূৰ্ব জনমত তেওঁ ব্ৰহ্মাৰ মানস পুত্র দক্ষৰ পুত্ৰী আছিল। দ্বিতীয় জনমত মা পাৰ্ৱতী শৈলপুত্ৰী ৰূপে জন্ম গ্ৰহণ কৰে। প্ৰকৃততে শৈলপুত্ৰী হৈছে সতীৰ দ্বিতীয় ৰূপ। শৈলপুত্ৰীৰ বাহন হৈছে এটা সাড় গৰু। হাতত সকলো সময়তে ত্ৰিশূল আৰু কমল থাকে। সাম্বিত বা পাৰ্ৱতী শৈলপুত্ৰীৰ আন এটা নাম। 


শৈলপুত্ৰী দেৱীক পূজা কৰিলে কি কি প্ৰাপ্ত কৰিব পাৰি! কি কি ফল লাভ কৰিব পাৰি! 


প্ৰথমে সু স্বাস্হ্য আৰু ভয়ৰপৰা মুক্তি পাব পাৰি শৈলপুত্ৰী দেৱীক সন্তষ্ট কৰিলে। শৈলপুত্ৰী হৈছে অত্যন্ত শক্তিশালী। যিহেতু দেৱী পাৰ্ৱতীৰ অন্য এটা ৰূপ। দেৱী মাৰ প্রথম ৰূপ। মাৰ প্ৰথম ৰূপ অত্যন্ত প্ৰৱিত্ৰ। অত্যন্ত শক্তিশালী। শৈলপুত্ৰীৰ পূজা অৰ্চনা কৰিলে আপোনাৰ জনম কুণ্ডলিৰ চন্দ্র দোষ খণ্ডন কৰিব পাৰে। চন্দ্র যদি আপোনাৰ জনম কুণ্ডলিত দুৰ্বল হয়, তেন্তে এই শৈলপুত্ৰীৰ মাৰ কৃপাত চন্দ্র দোষ বা দুৰ্বল চন্দ্র শক্তিশালী হয়। 

মাতাৰ ৯টা ৰূপে এটা এটা গ্ৰহক প্ৰতিনিধিত্ব কৰে। প্ৰতিগৰাকী মাতাৰ প্ৰত্যেকটো ৰূপক আপোনি পূজা আৰাধনা কৰি আপুনি আপোনাৰ জনম কুণ্ডলিত থকা সেই বিশেষ গ্ৰহৰ দোষ আপুনি খণ্ডন কৰিব পাৰে। 



সেইদিনা শৈলপুত্ৰী মাতাক কি ফুল অৰ্পণ কৰিব! 

সেইদিনা শৈলপুত্ৰী মাতাৰ প্ৰিয় ফুলক মাতাৰ সন্মুখত অৰ্পণ কৰিব। ৰঙা জবা ফুল। শৈলপুত্ৰী মাতাৰ ৰঙা জবা ফুল হৈছে অত্যন্ত প্ৰিয় ফুল। ( Religious Studies )


সেইদিনা শৈলপুত্ৰী মাতাক ভোগ হিচাপে অলপমান ঘীউ, বিশুদ্ধ গৰু ঘীউ ভোগ হিচাপে অৰ্পণ কৰিব। সেইদিনা অখণ্ড জ্যোতি নিশ্চয় জ্বলাব। সেইদিনা ৰাতিৰ শুৱাৰ আগে মাতা আগত বহি এখন আসন পাৰি আসনত বহি এই মন্ত্রটি এক মালা জপ কৰি শুৱ। কাৰণ এই মন্ত্র হৈছে শৈলপুত্ৰী মাতাৰ বিশেষ মন্ত্র। এই মন্ত্র জপ কৰি প্ৰত্যেক জন ভক্তই শৈলপুত্ৰী মাতাৰ কৃপা লাভ কৰিব পাৰে। সেই গুপ্ত মন্ত্রটি হৈছে

"ঔম এং হিলিং ক্লিং শৈলপুত্ৰী নমাহঃ"। আসনত বহি ৰুদ্ৰাক্ষ মালা লৈ চকু মুদি, এডাল মালাত ১০৮ টা মণি থাকে। এক মালা আপুনি জপ কৰিব। তেতিয়া শৈলপুত্ৰী মাতা সন্তষ্ট হব। 


সেইদিনা শৈলপুত্ৰী মাতাৰ শ্রী চৰণত ঘিউ ভোগ দিব, আৰু ৰঙা জবা ফুল অৰ্পণ কৰিব। 


এটা কথা মন কৰিব, যি লোকে ব্ৰতত আছে তেওঁলোকে গোটেই দিনটো যাতে, খং, ৰাগ, যুক্তি, তৰ্ক, হাই ,কাজিয়া, হুলস্থুল পৰিৱেশৰ পৰা যাতে বিৰত থাকে। মিছা কথা, বেয়া চিন্তা, বেয়া সংগৰপৰা, সমস্ত সম্পূর্ণ আপুনি নিজকে বিৰত কৰিব। বিশেষ কৰি মন কৰিব, এই ৯টাদিনত যাতে, কোনো মহিলা, নাৰী বা ছোৱালীক যাতে বেয়া ব্যৱহাৰ নকৰে। খং ৰাগ নকৰে। প্ৰত্যেক গৰাকী নাৰীৰ মাজতে এই সময়ত মহা নৱৰাত্ৰিৰ ৯টা প্ৰৱিত্ৰ দিনত মা যথেষ্ট জাগ্ৰত অৱস্থাত থাকে। সেয়ে আপুনি কোনো, মহিলা, নাৰী বা ছোৱালীক কথাৰ দ্বাৰা বা ব্যৱহাৰৰ দ্বাৰা আঘাত নিদিব। 


(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰ পৰা সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages