নৱৰাত্ৰিৰ ব্ৰত ৰাখে যদি এইসমূহ নিশ্বই জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 6, 2021

নৱৰাত্ৰিৰ ব্ৰত ৰাখে যদি এইসমূহ নিশ্বই জানি লওক : Religious Studies

Religious Studies


৭অক্টোবৰ বৃহস্পতিবাৰৰ দিনা পৰা, ৯দিনীয়া কাৰ্য্যসূচীৰে নৱৰাত্ৰি ব্ৰত আৰম্ভ হৈছে। এই ৯টা দিন আপুনি কোনো ধৰণৰ নিমখ থকা খাদ্য খাব নোঁৱাৰিব।( Religious Studies )

 এয়া নাভাবিব যে, বেলি যোৱাৰ পাছত আপোনাৰ ব্ৰত শেষ হল, ৰাতি আহাৰ খালে। পুনৰ পুৱা ব্ৰত আৰম্ভ হল। এয়া ব্ৰত এনে নহয়। এই নৱৰাত্ৰি ব্ৰত ৯টা দিনৰ পাছতহে ভাঙিব। আপুনি দিনটোত ১বাৰ বা সূৰ্য্য ডুবাৰ পাছত এবাৰ খাদ্য খাব পাৰে। 


কি কি খাদ্য খাব! 

এটা কথা মন কৰিব আপুনি, গাখীৰৰ যিকোনো মিঠাই খাব পাৰিব। কিন্তু মিঠাই যাতে, বেচন বা আটাৰ হব নোঁৱাৰিব। ফল মূল আপুনি নিঃসন্দেহে খাব পাৰিব। গাখীৰ খাব পাৰিব। চাহ, কফি, খাব পাৰিব। কোনো ধৰণৰ ভাত খাব নোঁৱাৰিব। কোনো ধৰণৰ ৰুটি খাব নোঁৱাৰিব। ৯টা দিন এনেদৰে থাকিব লাগিব। ৯টা দিনৰ ত্যাগৰ ফল বহুত মিঠা। যিসকল মানসিক ভাৱে প্ৰস্তুত, যি সকলৰ শক্তি আছে। কাৰণ এই ব্ৰত কৰিবলৈ যথেষ্ট শক্তি লাগে। আপুনি যদি ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে, তেন্তে সেই শক্তি ঈশ্বৰে আপোনাক প্ৰদান কৰিব। কিন্তু আপুনি সেই ৯টা দিন কেৱল ফল মূল খায় থাকিব লাগিব। কোনো ৰুটি বা ভাত নহয়। আৰু কোনো খাদ্যত যাতে নিমখ নাথাকে। নিমখ মিহলি খাদ্য খালে আপোনাৰ নৱৰাত্ৰি ব্ৰত লগা লগে ভাঙিব।


ব্ৰত মানে কি! আমি নিমখ ত্যাগ কৰিব লাগিব। নিমখ মানে কি! নিমখক সুৱাদ বুলি কয়। সেই সুৱাদ আমি এৰিব লাগিব। সেয়াহে ব্ৰত হব। (বজাৰত সান্ধ্য নিমখ উলাইছে। সেয়া খায়। কিন্তু সেয়া কেতিয়াও হব নোৱাঁৰে)। নৱৰাত্ৰিৰ ৯টা দিন আপুনি ফল মূল, গাখীৰ আদি খায়ে থাকিব লাগিব। আপুনি আহাৰ ২বাৰো খাব পাৰে। দিনতো আৰু ৰাতি শুৱাৰ আগতে। বা ১বাৰো খাব পাৰে। সেয়া লৈ কোনো কথা নাই। কিন্তু আপুনি যি খাদ্য খাব, সেয়া যাতে কেৱল ফল মূল হয়। ড্ৰাই ফুদ খাব পাৰে। চাব যাতে, ড্ৰাই ফুদ নিমখ থকা নহয়। নিমখ জড়িত আপুনি খাব নোঁৱাৰিব। গাখীৰ খাব। পুৱা গধূলি গাখীৰ খোৱাটো বহুতে দৰকাৰী। কাৰণ সেই সময়ত শৰীৰটো বহুতে দুৰ্বল হৈ থাকে। নেমু পানী খাব। নিমখ নিদিয়াকৈ। নেমু পানীয়ে আপোনাক সকলো সময়তে শক্তি দিব। নেমু পানীত কেৱল চেনি দিব। নিমখ নিদিব। ৭অক্টোবৰৰ পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ ৯টা দিন। ৯অক্টোবৰ তাৰিখে তৃতীয়া আৰু চতুৰ্থী একেলগে পৰিছে। অৰ্থাৎ আমাৰ নৱমী পৰিছে ১৪অক্টোবৰ তাৰিখে। অৰ্থাৎ ১৪অক্টোবৰ তাৰিখে নৱৰাত্ৰিৰ ব্ৰত সামৰণি পৰিব। ( Religious Studies )


১৪অক্টোবৰ তাৰিখে আপুনি কি কি কৰিব! 


আপোনাৰ ঘৰৰ ওচৰ পাজৰে যদি গায়ত্রী মন্দিৰ আছে। তেতিয়া হলে আপুনি সেই মন্দিৰলৈ গৈ, যজ্ঞত অংশ গ্ৰহণ কৰিব। এয়া সকলোতকৈ ভাল।


প্ৰকৃততে নৱৰাত্ৰিৰ ৯টা দিনৰ ব্ৰত কিদৰে ভাঙিব! ২০২১বৰ্ষৰ শাৰদীয় নৱৰাত্ৰি ১৪অক্টোবৰ বৃহস্পতিবাৰে দিনা ৯গৰাকী নাৱালিকা কন্যা আৰু ১টা সৰু লৰাক ভোজন কৰাব লাগিব। যি ভোজন কৰায়। তেওঁলোকক কিবা কিবি উপহাৰ দিব লাগিব। এই ৯গৰাকী নাৱালিকা কন্যাক,  প্ৰকৃততে দেৱী দূৰ্গাৰ নৱৰাত্ৰি ৯টা দিনৰ ৰূপ বুলি ধৰি লোৱা হৈছে। তেওঁলোকক আপুনি ভোজন কৰাব লাগিব। আৰু ভৰি চুই সেৱা কৰিব লাগিব। সেয়া প্ৰকৃততে দেৱী দূৰ্গাৰ ৰূপ হয়। আপুনি যদি সেইদিনা গায়ত্রী মন্দিৰলৈ যায়, তেন্তে সেইদিনা গায়ত্রী মন্দিৰলৈ নাৱালিকা কন্যা আহে। যজ্ঞ কৰি যদি আপুনি কন্যাক অন্ন দিয়ে, উপহাৰ দিয়ে, সেয়া সকলতকৈ শ্ৰেষ্ঠ। যি সকলৰ ঘৰৰ ওচৰত গায়ত্রী মন্দিৰ আছে, সেইদিনা গায়ত্রী মন্দিৰলৈ গৈ, নৱৰাত্ৰিৰ ৯টা দিনৰ ব্ৰত আপুনি ভাঙিব। ইয়াতকৈ উত্তম আৰু একোৱেই হব নোঁৱাৰে। আপুনি অন্নক খোৱাই, নিজে অন্ন গ্ৰহণ কৰিব পাৰিব। অন্ন গ্ৰহণ কৰাৰ আগে, আপুনি ঘৰত স্হাপন কৰা কলহৰ কিনাৰত বালি আৰু জ আছিল, তাত আপুনি প্ৰত্যেক দিনাই পানী দিব লাগে। তেতিয়া জ'ৰ গঁজালি সোনাকালে ওলাই। জ'খিনিৰ গঁজালি ওলাব লাগে। জ'খিনি ধানৰ দৰে এটা শস্য। প্ৰথমে আপুনি ঘটত সেৱা কৰিব, আৰু কব যে, হে মা, আজি নৱৰাত্ৰিৰ ৯টা দিনৰ ব্ৰত সামৰিছো। গতিকে কিবা দায় দোষ হলে ক্ষমা কৰিব। সেই ঘটত যি পানী আছিল, সেয়া আম পাত জুবুৰিয়াই ঘৰৰ চাৰিওফালে, ভিতৰি বাহিৰে আপুনি চটিয়াব। 


আৰু যি পানী বাকী থাকে, সেই পানী আম গছ বা তুলসী গছৰ তলত ধালি দিব। আৰু ঘটত যি গোটা চুপাৰি আৰু ১টকীয়া মুদ্রা দিছিলে, সেয়া ৰাখি থব। আপোনাৰ লকাৰ বা গোঁসাই ঘৰত। ঘটত থকা বাকী সামগ্রী আম গছৰ গুড়িত বা তুলসী গুড়িত দিব। আৰু যদি ঘট পিতলৰ হয়, তেন্তে বিসৰ্জন দিব নালাগে। যদি ঘট মাটিৰ হয়, তেন্তে সেয়া বুৱতি নদীত প্ৰবাহিত কৰিব লাগিব। আৰু সেইদিনা বন্তিগচিত ঘীউ নিদিব। চাকিগচি নিজে নিজে নুমায় যাবলৈ দিব। যেতিয়া বন্তি গচি নুমায় যাব, তেতিয়া সেই চাকিগচিও প্ৰৱাহিত নদীত উতোৱাই দিব। নৱৰাত্ৰি ৯টা দিনত বিশেষভাৱে মন কৰিব, প্ৰত্যেক দিনাই দেৱী দূৰ্গাৰ শ্রী চৰণত ৰঙা ফুল দিবলৈ নাপাহৰিব। সদায়ে ২পাহ, ২পাহ ৰঙা ফুল দিব। সেন্দূৰ বা ৰঙা চন্দন লগাব। আৰু প্ৰত্যেক দিনা শুৱাৰ আগে গায়ত্রী মন্ত্র জপ কৰিব।(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰ পৰা সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages