ধনৱান হব বিছাৰে যদি আজিয়ে কৰক এই উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 6, 2021

ধনৱান হব বিছাৰে যদি আজিয়ে কৰক এই উপায় : Religious Studies

Religious Studies

মহালয়া মানে হৈছে, এই দিনটোত দূৰ্গা মা পৃথিৱীলৈ নামি আহে সকলো মা ভক্তক আশীৰ্বাদ প্ৰদান কৰিবলৈ। এই মহালয়া দূৰ্গা পূজা আৰম্ভ হোৱাৰ ৭দিন আগত হয় আৰু মহালয়াৰ দিনা পৰা দেৱী মাৰ প্ৰতিমূৰ্তিক সজাঁই তুলা হয়। সেয়ে, মহালয়া দিনা যদি আপুনি সম্পূর্ণ বিশ্বাস আৰু নিষ্ঠা সহকাৰে এই উপায় কৰে, তেতিয়া নিশ্চিত ভাৱে আপুনি ইয়াৰ শুভ ফল লাভ কৰিব। ( Religious Studies )

অপৰাজিতা ফুল গছ ঘৰত থাকাটো কিমান মংগল হয়তো এই কথা সকলোৱে জানে। এই অপৰাজিতা ফুল গছ থাকিলে ঘৰৰ পৰা বাস্তু দোষ দূৰ হয় আৰু সেই ঘৰখনত সুখ সমৃদ্ধিয়ে বিৰাজ কৰে। লগতে এই অপৰাজিতাৰ আছে অনেক আলৌকিক গুণ। এই অপৰাজিতা ফুল গছ হৈছে, মা লক্ষ্মী তথা ভগৱান বিষ্ণুৰ অত্যন্ত প্ৰিয়। সেয়ে এই প্ৰৱিত্ৰ মহালয়া দিনত অপৰাজিতা ফুল দি কৰক ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ পূজা অৰ্চনা। তেতিয়া ভগৱান বিষ্ণু তথা মা লক্ষ্মীৰ অশেষ কৃপা লাভ কৰিব। দুহাত ভৰি আৰ্শীবাদ দিব। ফলত ভাগ্যত পৰিৱৰ্তন ঘটিবলৈ সময় নালাগিব। ( Religious Studies )


গতিকে এই প্ৰৱিত্ৰ মহালয়া দিনা পুৱা সোনকালে উঠি স্নান আদি কৰি এজোপা অপৰাজিতা ফুল গছৰ পৰা এপাহ অপৰাজিতা ফুল চিঙি আনি প্ৰৱিত্ৰ মনেৰে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পূজা আৰাধনা কৰক। আৰু পূজা শেষত অপৰাজিতাৰ ফুল পাহ, ৰূপৰ, তামৰ, নাইবা যিকোনো এটি শুদ্ধ পাত্রত ভৰাই, আপোনাৰ টকা পইচা ৰখা আলমাৰিত নি ৰাখিব। ইয়াৰ ফলত অৰ্থ বা ধনৰ দিশত থকা বাধা দূৰ হব আৰু ধনৰ ক্ষেত্রত থকা যিকোনো চিন্তা বা সমস্যা আপোনাৰ অন্ত পৰিব। 


গতিকে যি অৰ্থ সমস্যাৰ সন্মুখীন, তেওঁৰ বাবে এই অপৰাজিতা ফুল হৈছে আৰ্শীবাদ স্বৰূপ। সেয়ে এই প্ৰৱিত্ৰ মহালয়া দিনটিত এপাহ অপৰাজিতা ফুলেৰে কৰি চাওক এই এটি সহজ সৰল উপায়। নিশ্চিত ভাৱে আপুনি ইয়াৰ শুভ ফল লাভ কৰিব। কিন্তু আপুনি এই উপায় সম্পূর্ণ ভক্তি নিষ্ঠাৰ সহিতে সম্পূর্ণ বিশ্বাস ৰাখি কৰিব লাগিব। তেতিয়া হে আপুনি ইয়াৰ শুভ ফল লাভ কৰিবলৈ সক্ষম হব। (সংগ্ৰহিত)

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

No comments:

Post a Comment

Advertisement

Pages