নৱৰাত্ৰিৰ ৯ টা বিশেষ নিয়ম জানি লেওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 5, 2021

নৱৰাত্ৰিৰ ৯ টা বিশেষ নিয়ম জানি লেওক : Religious Studies

Religious Studies


নৱৰাত্ৰিৰ সময়ছোৱাত ভক্তবৃন্দসকলে মাতা ৰাণীক, পবিত্ৰ অন্তৰে আৰাধনা কৰি মাতাক প্ৰসন্ন কৰে। দুৰ্গা দেৱীৰ ৯ টা দিনত ভক্তই দেৱী মাৰ অনেক ৰূপৰ উপাসনা কৰে( Religious Studies )।


নৱৰাত্ৰিৰ উৎসৱক প্ৰেম উৎসাহেৰে মনা হয় । এই সময়ছোৱাত দুৰ্গা দেৱীৰ ৯টা ৰূপৰ আৰাধনা কৰা হয়। যদি আপুনি নৱৰাত্ৰিত উপবাস কৰিব, তেন্তে আপুনি নৱৰাত্ৰিৰ এই ৯টা নিয়ম মানি চলাটো উচিত। 


১/পূজা পাঠ কৰোঁতে মন্ত্রসমূহ পবিত্ৰ অন্তৰে শুদ্ধকৈ  উচ্চাৰণ কৰিব, বিশেষকৈ মন্ত্ৰসমূহ উচ্চাৰণত কোনোধৰণৰ ক্ৰটি যাতে নহয় সেই দিশলৈ মন কৰিব।


২/পূজাস্থলী আৰু গৃহ নৱৰাত্ৰিৰ ব্ৰতৰ সময়ছোৱাত যিমান পাৰে সিমানেই পৰিষ্কাৰ - পৰিচ্ছন্নকৈ ৰাখিব আৰু কোনো ধৰণৰ অপৰিষ্কাৰ, আৱৰ্জনাৰ সৃষ্টি হবলৈ দিব নালাগে ।  পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহৰ জীৱনত ধনাত্মক শক্তিৰ সৃষ্টি কৰে।


৩/ব্ৰত ৰখা ব্যক্তিজনে ৰাতিপুৱা সূৰ্য উদয় নোহোৱাৰ পূৰ্বেই উঠি স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰি দেৱীৰ আৰাধনা কৰিব লাগে।  অপৰিষ্কাৰ বা, নোধোৱা বস্ত্ৰ ভুলতো পৰিধান নকৰিব।


৪/নৱৰাত্ৰি ব্ৰতৰ সময়তছোৱাত যিমান পাৰে , দিনত টোপনি যোৱাটো বহিস্কাৰ কৰক। পৰাপক্ষত দিনত টোপনি যাব নালাগে। এই অভ্যাসটোৱে মানুহৰ জীৱনলৈ ঋণাত্মক প্ৰভাৱ পেলায়।


৫/নৱৰাত্ৰিৰ ব্ৰত ৰখা ব্যক্তিজনে মাছ - মাংস , মাদক দ্ৰব্য সেৱন , আৰু যৌন মিনল আদি ভুলতো কৰিব নালাগে। ঘৰৰ আন সদস্য সকলেও পৰাপক্ষত এনে কাৰ্য্য কৰিব নালাগে।( Religious Studies )


৬/নিৰাহাৰে থাকিলে কোনো কথা নাই। কিন্তু ফলাহাৰৰ নিয়মখিনি মানি চলিব লাগে। বাৰে বাৰে ফল খোৱাটো উচিত নহয়। ফল কেৱল দিনটোত ২ বাৰহে গ্ৰহণ কৰিব।


৭/ব্ৰতৰ সময়ত আহাৰত চাউল আৰু নিমখ খাব নালাগে। চাবুদানা, ফল, বুট, আদি গ্ৰহণ কৰিব পাৰে। 


৮/যদি আপুনি দুৰ্গা চালিচা , দুৰ্গা মন্ত্র, সপ্তসতী পাঠ বা চণ্ডী পাঠ কৰিছে, তেতিয়া ভালদৰে এইসমূহৰ নিয়ম মানি চলক। পাঠ কৰি থকা সময়ত মাজতে আনৰ লগত কথা পাতিব নালাগে। 


৯/ নৱৰাত্ৰিৰ এই পবিত্ৰ সময়ছোৱাত চুলি , দাড়ি, নখ, আদি কাটিব নালাগে । এনে কাৰ্য কৰিলে আপোনাৰ ব্ৰত ভংগ হৈ পৰিব। এই সকলো নিয়মসমূহ মানি চলি আপুনি মা দুৰ্গা দেৱীৰ আৰাধনা কৰক আৰু আপোনাৰ জীৱনত মা দুৰ্গা দেৱীৰ বিশেষ আশীৰ্বাদ লাভ কৰি সকলো মনোবাঞ্ছা পূৰ্ণ কৰাৰ সুযোগ লাভ কৰক ।।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages