নৱৰাত্ৰিত যিকোনো বস্তু দান কৰাৰ পূৰ্বে এইসমূহ জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 7, 2021

নৱৰাত্ৰিত যিকোনো বস্তু দান কৰাৰ পূৰ্বে এইসমূহ জানি লওক : Religious Studies

Religious Studies


 নৱৰাত্ৰিৰ দিন কেইটা আমি দেৱী দূৰ্গাৰ আৰাধনা কৰোঁ। যাতে আমাৰ জীৱনলৈ সুখ, সমৃদ্ধি আহে। কেতবোৰ এনে বস্তু আছে যিবোৰ দান কৰিলে, হয়তো আমি বিচৰা সমূহ আমাৰ জীৱনলৈ নাহিব পাৰে।ইয়াৰ ওলোটাহে হব পাৰে।( Religious Studies )

 দান কৰা মহৎ কাম। কিন্তু কেতিয়াবা আমি অজ্ঞানতাৰ বাবে, এনে বস্তু দান কৰি দিওঁ যিয়ে আমাৰ অপকাৰ হে কৰে। সেয়ে নৱৰাত্ৰিত এনে বস্তু কিছু দান কৰিব নালাগে। 


সৰ্বপ্ৰথম হল, 

নৱৰাত্ৰিৰ সময়ত কমল ফুল কেতিয়াও কাকো দান নকৰিব। সাধাৰণতে দেৱী দূৰ্গাৰ ওচৰলৈ অৰ্পণ কৰিবলৈ লৈ যোৱাৰ সময়ত কোনোৱে যদি আপোনাক কমল ফুল বিচাৰে, যে, মোকো এপাহ কমল ফুল দিয়ক, মইও দেৱী শ্রী চৰণত অৰ্পণ কৰিম, তেতিয়া আপুনি আপোনাৰ লগত থকা কমল ফুল নিদিব। যদি আপুনি কমল ফুল আনক দান কৰে, তেতিয়া আপোনাৰ সূৰ্য্য দুৰ্বল হব। গতিকে যিকোনো ৰাশিৰ ব্যক্তিয়ে কমল ফুল দান কৰিব নালাগে। কেৱল মা দূৰ্গাৰ শ্রী চৰণত কমল ফুল অৰ্পণ কৰিব বা কোনো সৰু ছোৱালী, কুমাৰী ছোৱালী, যি দেৱী ৰূপ হয়। তাইক দিব পাৰে। যদি তাই লব বিচাৰে। 


নৱৰাত্ৰিৰ দিন কেইটাত প্লাষ্টিকৰ বস্তু কেতিয়াও কাকো দান কৰিব নালাগে। কোৱা হয় এনে কৰিলে উন্নতি স্হবিৰ হয় পৰে আৰু ব্যৱসায় বাণিজ্যত ক্ষতি হয়। 


নৱৰাত্ৰিৰ দিন কেইটাত ঝাড়ু কেতিয়াও দান নকৰিব। কোনোৱে বিচাৰিলে বা দান হিচাপে ঝাড়ু কেতিয়াও নিদিব। কাৰণ কোৱা হয়, এনে কৰিলে মা লক্ষ্মী অসন্তোষ হয়। ইয়াৰ দ্বাৰা আপোনাৰ জমা ধন সম্পত্তি হানি হবলৈ ধৰে। ( Religious Studies )


নৱৰাত্ৰিৰ দিন কেইটাত কেতিয়াও পিন্ধা কাপোৰ আনক দান কৰিব নালাগে। বিশেষ ভাৱে, পিন্ধি খুলি থোৱা কাপোৰ কেতিয়াও দান নকৰিব। যদি কোনো দৰিদ্ৰ লোকক দিব বিচাৰে, তেতিয়া আপুনি তেনে কাপোৰ ধুই লৈ দিব। 


নৱৰাত্ৰিৰ দিনত বাহি আহাৰ কাকো দান কৰিব নালাগে। এনেও আগদিনা ৰৈ যোৱা আহাৰ কাকো দান কৰিব নালাগে। কিন্তু বিশেষ কৰি নৱৰাত্ৰিৰ দিন কেইটাত, আগ দিনা ৰৈ যোৱা আহাৰ কেতিয়াও কাকো ভুলটো দান নকৰিব। এনে কৰিলে ঘৰখনত বাদ বিবাদ বাঢ়িব। ক'ৰ্ট কাছাৰিত টকা পইচা খৰচ হব। 


নৱৰাত্ৰিৰ দিনত আনে যিমান বিচাৰিলেও জোঙা, কেচি, চুৰি, দা, কটাৰি, ইত্যাদি বস্তুবোৰ নৱৰাত্ৰিৰ দিনকেইটাত কাকো দান নকৰিব। এনে বস্তু দান কৰিলে, বা দিলে আপোনাৰ বেয়া দিন আৰম্ভ হব। লগতে আপোনাৰ ঘৰখনৰ সুখ শান্তি নাইকিয়া হব। (সংগ্রহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages