দুৰ্গা মাৰ আশীষ বিছাৰে যদি এনেদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, October 4, 2021

দুৰ্গা মাৰ আশীষ বিছাৰে যদি এনেদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত : Religious Studies

Religious Studies


পবিত্ৰ নৱৰাত্ৰিৰ ব্ৰত আপুনি কিদৰে পালন কৰিব?এই নৱৰাত্ৰিত প্ৰত্যেকে নিজৰ ঘৰত থাকি কলহ স্থাপন কেনেদৰে কৰি দেৱী দূৰ্গাৰ পূজা অৰ্চনা কৰিব সেই বিষয়ে এই লেখাৰ জৰিয়তে জানো আহক।( Religious Studies )


Religious Studies
২০২১বৰ্ষৰ নৱৰাত্ৰি আৰম্ভ হব ৭অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰু দশমী অৰ্থাৎ শেষ হব ১৫অক্টোবৰ, শণিবাৰে। ৯ অক্টোবৰ দিনটোত তৃতীয়া আৰু চতুৰ্থী একেলগে পৰিছে। প্ৰকৃততে নৱৰাত্ৰি ব্ৰত আৰম্ভ হব ৭অক্টোবৰৰ পৰা আৰু নৱৰাত্ৰি ব্ৰত শেষ হব, ১৪অক্টোবৰৰ দিনা। নৱৰাত্ৰী ব্ৰত বছৰটোৰ আটাইতকৈ কঠোৰ ব্ৰত আৰু পবিত্ৰ ব্ৰতৰ ভিতৰত পৰে। ৯টা দিনৰ নিৰবিচ্চিন্নভাৱে একেলেথাৰীয়ে কৰা ব্ৰত। নৱৰাত্ৰি ব্ৰত কৰিবলৈ হলে যথেষ্ট মানসিক আৰু শাৰিৰীক ত্যাগ কৰিব পৰাকৈ সক্ষম হব লাগিব। 


গতিকে যি সকলে দেৱী পূজা কৰে, যি সকলে দেৱী পূজাত বিশ্বাসী, যি সকলে এই ব্ৰত কৰিবলৈ আগ্ৰহী,সেইসকলে এই ব্ৰত ৰাখিব পাৰে। নৱৰাত্ৰি ব্ৰত সকলো ধৰণৰ মানুহে কৰিব পাৰে। ইয়াত প্ৰকৃততে প্ৰয়োজন হয় আগ্ৰহ আৰু দ্বিতীয়তে প্ৰয়োজন শৰীৰটো। শৰীৰটো বৰ দৰকাৰী বস্তু। যিকোনো লোকে নৱৰাত্ৰি ব্ৰত কৰিব পাৰে। কেৱল এটা কথা মন কৰিব গৰ্ভৱতী মহিলা, বৃদ্ধাসকলে এই ব্ৰত নকৰাই ভাল, কাৰণ এই ব্ৰতত যথেষ্ট ত্যাগ আছে আৰু কষ্ট আছে। এইসকলৰ বাহিৰে পুৰুষ মহিলা, লৰা ছোৱালী সকলোৱে এই ব্ৰত কৰিব পাৰে ।ভাৰতৰ বিভিন্ন ৰাজ্যত লৰা ছোৱালীয়ে এই ব্ৰত পালন কৰে। ব্ৰত মানে কি? ত্যাগ কৰা। কিহৰ বাবে ত্যাগ কৰিছে? দেৱী দুৰ্গাৰ শ্রী চৰণত ত্যাগ কৰিছে। আপুনি যদি নৱৰাত্ৰিৰ ব্ৰত ৰাখে, তেন্তে এই ব্ৰতৰ সুফল জীৱনত নিশ্চয় পাব। আমি কৰা প্ৰত্যেক ত্যাগৰে ফল আছে। সেয়া নিৰ্ভৰ কৰে, আপোনাৰ শক্তি আৰু সামৰ্থৰ ওপৰত । 


২০২১বৰ্ষৰ ৭অক্টোবৰৰ বৃহস্পতিবাৰৰ দিনা, আপুনি পুৱা সময়ত নৱৰাত্ৰিৰ কলহ স্থাপন কৰিব। পোন প্ৰথমে আপুনি ঘৰৰ গোসাঁই ঘৰ চাফ চিকুণ কৰি লব। যি সকলে নৱৰাত্ৰিৰ ব্ৰত ৰাখিব, তেওঁলোকৰ ঘৰত মা দুৰ্গাৰ সৰু ফটো থকাটো প্ৰয়োজনীয় । ৭অক্টোবৰৰ দিনা ৰাতিপুৱা ঘৰৰ গোসাঁই ঘৰত এটা স্বস্তিক চিহ্ন আঁকিব। স্বস্তিক চিহ্নৰ ওপৰত পান এখিলা, চাউল কেইটামান দিব। তাৰে ওপৰত দুৰ্গা মাতাৰ এখন ফটো ৰাখিব। সেই দুৰ্গা মাতাৰ ফটোৰ বাঁওহাতে কলহ স্থাপন কৰিব আৰু সোঁহাতে অখণ্ড জ্যোতি জ্বলাব। সেইদিনা প্ৰথমে চাফ চিকুন কৰি দুৰ্গা মাতাৰ এখন ফটো ৰাখিব তাৰ আগতে আপুনি সেই স্থানত গংগা জল ছটিয়াই লব। এতিয়া আপুনি এটা মাটিৰ বা পিটলৰ কলহ লব,কিন্তু সেই কলহ ষ্টিলৰ বা লোহাৰৰ হব নালাগে । মাটি বা পিতলৰ কলহ লৈ, সেই কলহত ডিঙিলৈকে পানী ভৰাই লব। কলহটোৰ যত চেপা খোৱা অংশ তাতে ৰঙা ৰছী ঘূৰাই ঘূৰাই ৩টা গাঁঠি মাৰিব। সেই কলহত আপুনি সেন্দুৰেৰে চাৰিওফালে চাৰিটা স্বস্তিক চিহ্ন আঁকিব। এটা গুটা চুপাৰি, অলপমান দুৱৰি বন, এটকীয়া মুদ্রা এটা, পঞ্চৰত্ন সৰ্ব বৃদ্ধি, অলপ কুমকুম আৰু অলপ চাউল এই ৬টা বস্তু আপুনি কলহৰ পানীত মিহলাব। এতিয়া আপুনি এটা আমডালি আনিব। আমডালিত চাব যাতে ৭খিলা, ৯খিলা, ১১খিলা বিজুৰীয়া সংখ্যাত আম পাত থাকে আৰু আমপাত যাতে ডালত লাগি থাকে৷ বিশেষ ভাৱে মন কৰিব, সেই আমপাত যাতে ক্ষত বিক্ষত নহয়। যদি বেছিকৈ পাত থাকে, তেতিয়া সেই পাত কমাই ৯খিলা কৰি ডালটো সোমোৱাই দিব। কলহটোত পাত বোৰ ধুনীয়া কে ওলাই থাকিব লাগে। এতিয়া আপুনি এটা গোটা নাৰিকল লব। এই নাৰিকলটো গুচোৱা হব নালাগে। ( Religious Studies )


বিশেষ ভাৱে মন কৰিব, আপুনি যি নাৰিকল লব সেই নাৰিকলত অকমাণিকে হলেও থাৰি থাকিব লাগিব আৰু নাৰিকলটো পানী থকা নাৰিকল হব লাগে। ইয়াৰ পাছত আপুনি ১.২৫মিটাৰ ৰঙা কাপোৰ আনি সেই নাৰিকলত মেৰিয়াব। ৰঙা কাপোৰ যেতিয়া মেৰিয়াব, তেতিয়া ৰঙা ৰছীৰে তিনিটা গাঁঠি দিব। সেই নাৰিকলটো কলহৰ ওপৰত এনেদৰে ৰাখিব যাতে, সেই নাৰিকলৰ ঠাৰিটো আপোনাৰ ফালে থাকে আৰু জুঙা অংশটো দেৱী দুৰ্গাৰ ফালে থাকে। এটা কথা মন কৰিব, নাৰিকল থোৱা পাছত যাতে, আমপাতবোৰ সুন্দৰকৈ ওলাই থাকে। এতিয়া কলহৰ চাৰিওফালে বালি আৰু জ(ধানৰ দৰে এবিধ শস্য। এইটো পূজা সামগ্রী দোকানতে পাব) আনি প্রথমে এটা কাম কৰিব,জʼখিনি আপুনি এৰাতি পানীত তিয়াই ৰাখিব। জʼখিনি বালিৰ লগত মিহলাই, কলহৰ চাৰিওফালে গোট খুৱাই দিব। এয়া হল কলহ স্থাপনৰ নিয়ম বিধি।। এতিয়া আপুনি এটা ডাঙৰ ঘিঁউৰ বন্তি জ্বলাব । শলিতাডাল দীঘল কৰি লব। বন্তি জ্বলোৱা আগতে, তাত কেইটামান চাউল দি লব। সন্মুখত দুৰ্গা মাতাৰ ফটো , তাৰে কাষত কলহ স্থাপন কৰি বন্তি জ্বলাই আপুনি একান্তমনে ধ্যান হৈ, দুৰ্গা মাতাৰ আৰাধনা কৰিব লাগিব। প্ৰথমে আপুনি ব্ৰতৰ সংকল্প লব লাগিব যে, "হে মা দুৰ্গা, নৱৰাত্ৰিৰ প্রথম দিনা আজি, ৯টা দিনৰ মই অখণ্ড জ্যোতি জ্বলাইছো তোমাৰ চৰণত। মোৰ যদি কিবা দায় দোষ হৈছে, তেন্তে ক্ষমা কৰিবা। মোৰ জীৱনৰ সমস্ত দোষ কষ্ট নাশ কৰি মোক শক্তি দিয়া। আজি এই মহত্ত্বপূৰ্ণ  ৯ দিনিয়া কাৰ্য্যসূচীৰে মই ব্ৰতৰ সংকল্প লৈছো।" এই সংকল্পৰ পৰা আপোনাৰ নৱৰাত্ৰিৰ ৯ দিনীয়া ব্ৰতৰ আৰম্ভ হব আৰু এই গোটেই কামখিনি মাটিত বহি কৰিব, কেতিয়াও থিয় হৈ নকৰিব। অখণ্ড জ্যোতি জ্বলালে পুৱা গধূলি চাই থাকিব কাৰণ এই বন্তি নুমাব নালাগে। সেইবাবে চাকিগছি ডাঙৰ লব। মিঠাতেলৰ নহয়, ঘিঁউৰ চাকি নিঃসংকোচে জ্বলাব । মা দুৰ্গা দেৱীয়ে সেই ঘিঁউ দামতকৈ বহু বেছি গুণে আপোনাক দিব। মাজে মাজে আপুনি বন্তিগছিত ঘিঁউ দি থাকিব , যাতে বন্তিগছি ৯ দিন পৰ্যন্ত জ্বলি থাকে । অখণ্ড জ্যোতি একেৰাহে নৱৰাত্ৰিৰ ৯টা দিন জ্বলি থাকিব লাগে, সেই ঠাইলৈ বতাহ সোমাব নোঁৱাৰা ব্যৱস্থা কৰিব লাগে। সকলো সময়তে আপুনি চাকিগছি লৈ মন দিব। স্বাভাৱিক অৱস্থাত কেতিয়াবা চাকিগছি নোমায় যাব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ জীৱনলৈ দুৰ্যোগ বিপদ আহিব , তেনে কোনো কথা নাই। চেষ্টা এটাই, সেই ৯দিনৰ অখণ্ড জ্যোতি অখণ্ড হৈ ৯ দিন জ্বলি থকাটো। যদি নুমায় যায়, তেতিয়া চিন্তা কৰিবলৈ একো নাই। তেতিয়া আপুনি দেৱী দুৰ্গাৰ চৰণত সেৱা কৰি, আপুনি পুনৰ সেই অখণ্ড জ্যোতি জ্বলাব। 


৭অক্টোবৰ ৰাতিপুৱা পৰা

আৰম্ভ হব, নৱৰাত্ৰিৰ ব্ৰত তথা নৱৰাত্ৰি পূজা। আপুনি প্ৰতিদিনে ৰাতি শুৱাৰ আগতে, এডাল ৰুদ্ৰাক্ষ মালা লব, অখণ্ড জ্যোতি আগত বহি মন্ত্র জপ কৰিব । কি মন্ত্র জপ কৰিব ? গায়ত্রী মন্ত্র জপ কৰিব। গায়ত্রী মন্ত্র এনে মন্ত্র, যি সকলো পূজাতে লাগে। ইয়াত কে আৰু ডাঙৰ মন্ত্র একো নাই আৰু প্ৰত্যেক দিনা দুৰ্গা মাতাৰ আৰাধনা কৰিব। নৱৰাত্ৰিৰ ৯ টা দিন-ৰাতি শুৱাৰ আগতে, গায়ত্রী মন্ত্র জপ কৰি শুৱ।আপুনি নিশ্চই মা দুৰ্গাৰ আশীষ লাভ কৰিবলৈ সক্ষম হব (কথাখিনি অসমীয়া বাস্তুশাস্ত্ৰ পৰা সংগ্ৰহিত ।)

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages