লক্ষ্মী পূজাৰ দিব্য উপায়, এটা অসাধাৰণ প্ৰয়োগ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 19, 2021

লক্ষ্মী পূজাৰ দিব্য উপায়, এটা অসাধাৰণ প্ৰয়োগ : Religious Studies

 

Religious Studies

আমাৰ এটা বছৰত ১২মাহত ১২টা পূৰ্ণিমা থাকে। কম বেছি পৰিমাণে সকলো পূৰ্ণিমা শুভ। আমাৰ প্ৰত্যেকটো পূৰ্ণিমা এটা শুভ দিন। ( Religious Studies )

তাৰে ভিতৰত যি কেইটা পূৰ্ণিমা অত্যন্ত শক্তিশালী, যি পূৰ্ণিমাৰ মাহাত্ম অত্যন্ত বেছি। যি কেইটাই পূৰ্ণিমাই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। তাৰে ভিতৰত এটা পূৰ্ণিমা হৈছে লক্ষ্মী পূৰ্ণিমা। যি পূৰ্ণিমা আগন্তুক দিনত আহি আছে। লক্ষ্মী পূৰ্ণিমা আৰম্ভ হৈছে, ২০২১বৰ্ষৰ ১৯অক্টোবৰ মংগলবাৰে ৰাতি ৭বাজি ৩মিনিটৰ পৰা। পূৰ্ণিমা বুলিলে দুটা দিনত পৰে। আমাৰ মূল বিষয়টো পূৰ্ণিমাৰ শুভ সময়টো কেতিয়া সেয়া বেছি প্ৰয়োজনীয়। পূৰ্ণিমা বুলিলে ৰাতি সময়চোৱা। যিতো দিনত পৰে, সেইদিনাখন আমি, নীতি, নিয়ম, কৰ্ম। প্ৰকৃততে লক্ষ্মী পূজা আৰম্ভ হৈছে ১৯অক্টোবৰ সন্ধ্যা বা ৰাতি, ৭বাজি ৩মিনিটৰপৰা। অৰ্থাৎ ১৯তাৰিখে গোটেই নিশা পূৰ্ণিমাৰ শুভ সময়। লক্ষ্মী পূৰ্ণিমা ২০তাৰিখ বুধবাৰৰ লৈকে আছে। সেই দিনা সন্ধ্যা ৮বাজি ২৬মিনিটত আমাৰ লক্ষ্মী পূৰ্ণিমা শেষ হৈছে। অৰ্থাৎ পূৰ্ণিমা ৰাতি বুলিলে, ২০তাৰিখ ৰাতি নহয়। পূৰ্ণিমাৰ শুভ সময় হৈছে, ১৯তাৰিখ মংগলবাৰে ৰাতি সময়চোৱা হল পূৰ্ণিমাৰ ৰাতিৰ শুভ সময়। বছৰটোৰ এটা শুভ দিন। লক্ষ্মী পূৰ্ণিমাৰ ওচৰত বহু শক্তি আছে। কাৰণ এই লক্ষ্মী পূৰ্ণিমা এনে এটা পূৰ্ণিমা, যত গ্ৰহ নক্ষত্রৰ এক মহা মিলন হয়। সকলো পূৰ্ণিমাৰ বশিষ্ঠ বেলেগ বেলেগ হয়। লক্ষ্মী পূৰ্ণিমাৰ মহত্ব ১২টা পূৰ্ণিমাৰ ভিতৰত এক অন্যতম শ্ৰেষ্ঠত্বম পূৰ্ণিমা। এই পূৰ্ণিমাক ৰাস পূৰ্ণিমা বুলি কয়। শাস্ত্ৰত কঠিত আছে, এই পূৰ্ণিমাৰ নিশা বিন্দাবন, মথুৰাত ভগৱান শ্ৰী কৃষ্ণই গোপীসকলৰ লগত ৰাস লীলা কৰিছিল। এই দিনটো লক্ষ্মী পূৰ্ণিমা বুলিও কয় যে, এইদিনাখন দেৱী লক্ষ্মী পৃথিৱীলৈ আগমন হয়। এই দিনাখন লক্ষ্মীৰ সৃষ্টি হৈছিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন স্হানত সেই দিনটোত লক্ষ্মী পূৰ্ণিমা হিচাপে পালন কৰা হয়। ২০২১বৰ্ষৰ ১৯অক্টোবৰ ৰাতি সময়চোৱা লক্ষ্মী পূৰ্ণিমা পাইছে। 


লক্ষ্মী পূৰ্ণিমা দিনা কি কি কাম নকৰিব! পূৰ্ণিমা দিনা যদি ব্ৰত কৰে, উপবাস কৰে, তেন্তে অত্যন্ত শুভ। যদি ব্ৰত নকৰে বা কৰিব নোঁৱাৰে বা কৰিবলৈ ইচ্ছা নাই তেনেহলে কোনো কথা নাই। কিন্তু এটা কথা চাব যে, সেইদিনাখন যাতে, মাছ, মাংস, কণী ভক্ষণ নকৰে। অৰ্থাৎ সেইদিনাখন সম্পূর্ণ নিৰামিষ ভোজী। সেইদিনা বাবে যিসকল বিবাহিত পুৰুষ মহিলা আছে সেইদিনা ৰাতি সম্ভোগ নকৰিব। পূৰ্ণিমাৰ ৰাতি সম্ভোগৰ ৰাতি নহয়। ( Religious Studies )


লক্ষ্মী পূৰ্ণিমা দিনা কি কৰিব। 


লক্ষ্মী পূৰ্ণিমা দিনা আপুনি সন্ধ্যা সময়ত ৭বাজি ৩মিনিটৰ পৰা ১৯অক্টোবৰ মংগলবাৰে পূৰ্ণিমাৰ শুভ সময় আৰম্ভ হৈছে। ৭বাজি ৩মিনিট যোৱাৰ পাছত আপুনি সেইদিনাখন পায়স বনাব। বিশুদ্ধ গৰু ঘীউৰে। গাখীৰৰ পেকেট পৰিহাৰ কৰি চলিব এই দিনটো বাবে। বিশুদ্ধ গৰু গাখীৰ জোগাৰ কৰিব। পায়সত অলপ গংগা জল দিব। গংগা জলৰ লগত অলপ, ঘীউ, চেনি দিব। এই পায়স মহিলাই বনালে শুভ। বিশুদ্ধ মনেৰে, ভক্তি ভাৱেৰে পায়স বনাব। পৌৰাণিক দিনত এই পায়স মুকলি আকাশৰ তলত জোনৰ পোহৰত ৰূপৰ পাত্রত বনায়। সেইদিনাখন পায়স বনোৱাৰ পাছত মুকলি আকাশৰ তলত এটা মাটিৰ পাত্ৰত ৰাখিব। এনেদৰে ৰাখিব তাত যাতে পায়সত ৩-৪ঘন্টা জোনৰ পোহৰ পৰে। এনেকুৱা ঠাইত ৰাখিলে নহব যত জোনৰ পোহৰ পৰাত বাধা আছে। যেতিয়া পায়স ৰাখিব, ওপৰত এখন চালনি ৰাখিব। অৰ্থাৎ জোনৰ পোহৰ চালনিৰ মাজেৰে পাত্ৰত থকা পায়সত পৰিব লাগে। ৩/৪ঘন্টা এনেদৰেই ৰখাৰ পাছত পায়স পাত্ৰ আপুনি ভিতৰলৈ আনি ৪টা ভোগ লগাব। প্রথম ভোগ অশ্বিনী কোমাৰ। দ্বিতীয় ভোগ ঈশ্বৰলৈ। তৃতীয় ভোগ চৰাই চিৰিকটিলৈ। চতুর্থ ভোগ কোনোবা দৰিদ্ৰ লোকলৈ। আৰু বাকী থকা পায়স ঘৰৰ সকলোৱে খাব। সেইদিনা এনে এটা সন্ধিক্ষণ যিদিনা জোনৰ পোহৰ চন্দ্রমা ষোল্লবিধ কলাৰে বিভূষিত হৈ থাকে। বছৰটোৰ একমাত্র দিন। আৰু সেইদিনা চন্দ্রৰ পোহৰত অমৃত বৰষে। এয়া অমৃত, পায়স নহয়। সেই পায়স চন্দ্রৰ পোহৰত অমৃত হৈ পৰিব।


চন্দ্র দুৰ্বল হলে কি হয়! 


যি লোকৰ চাক্ৰাইটিছ প্ৰবলেম আছে, নাৰ্ভৰ প্ৰবলেম, এডনৰ্মেল, যি লোকৰ অলপতে মোদ সলনি হয়, এই গোটেইখিনি চন্দ্র দোষ। অৰ্থাৎ চন্দ্র মানে আমাৰ মন। চন্দ্র ঠিকে থাকিলে আপোনাক মন ঠিকে থাকিব। এই নিয়মৰ দ্বাৰা আপুনি জনম কুণ্ডলীৰ চন্দ্র দোষ আঁতৰাব। যথেষ্ট সুফল পাব। এয়া নতুন কথা নিশ্চয় নহয়। এয়া হয়তু বছৰ ধৰি চলি অহা পৰ্থা। বৈদিক যুগৰ এটা গুপ্ত ৰহস্য। সেইদিনা আপুনি জোনক ১০,১৫মিনিট সময় চাব। কাৰণ সেইদিনা জোনৰ উজ্জ্বলতা বছৰটোৰ আনদিনাৰ দৰে কেতিয়াও নাপায়। সেইদিনা আপোনাৰ দেহত চন্দ্র পোহৰ পৰিব লাগে। গৰ্ভৱতী মহিলাইও, সেইদিনা চন্দ্রৰ পোহৰ নিজৰ দেহত পৰিবলৈ দিব। এয়া আহিবলগা সন্তানৰ বাবে শুভ। এই নিয়মৰ দ্বাৰা আপুনি বহু সুফল পাব। আৰু এনে কৰিলে দেৱী লক্ষ্মী অত্যন্ত প্ৰসন্ন হয়। কাৰণ সেইদিনা লক্ষ্মী পূৰ্ণিমা। আপোনাৰ ধন, টকা, পইচা, যি অভাৱ আছে, সেয়া চিৰদিনৰ বাবে নাইকিয়া হব পাৰে। এটা কথা মন কৰিব, এই বিশেষ দিনটো ৰাস পূৰ্ণিমা বুলিও কয়। লক্ষ্মী পূৰ্ণিমা বা শৰৎ পূৰ্ণিমাও বুলে। এই কৰিব লগা উপায় মাত্র বছৰেকত এইটো এটা একমাত্র দিন। এইদিনাখন কৰিলেহে ইয়াৰ সুফল পাব। অন্য পূৰ্ণিমাত কৰিলে ইয়াৰ সুফল নাপায়।।। (কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰ পৰা সংগ্ৰহিত)।( Religious Studies )

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


No comments:

Post a Comment

Advertisement

Pages