নৱৰাত্ৰিৰ পঞ্চম দিনাৰ ৰহস্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 10, 2021

নৱৰাত্ৰিৰ পঞ্চম দিনাৰ ৰহস্য : Religious Studies

Religious Studies


২০২১ বৰ্ষৰ নৱৰাত্ৰিৰ পঞ্চম বাৰটো হৈছে ১০অক্টোবৰ দেওবাৰ। এই দিনা মাৰ পঞ্চম ৰূপ মা স্কন্দমাতাক পূজা অৰ্চনা কৰা হয়। ( Religious Studies )


প্ৰকৃততে কোৱা হয়, মা স্কন্দমাতা কাৰ্তিকৰ মাতৃ হয়। মা স্কন্দমাতাৰ ৪খন হাত। ৪খন হাতত কমল, বৰ মুদ্ৰা বিৰাজমান।কমলৰ সিংহাসনত মাৰ এই ৰূপ। তেখেতৰ বাহন হৈছে সিংহ। 


নৱৰাত্ৰিৰ পঞ্চম দিনা, মা স্কন্দমাতাক পূজা অৰ্চনা কৰি সন্তান প্ৰাপ্তি হব পাৰে।মা স্কন্দমাতাই বুধ গ্ৰহক প্ৰতিনিধিত্ব কৰে।  মাৰ এই ৰূপক পূজা অৰ্চনা কৰি জনম কুণ্ডলিৰ বুধ গ্ৰহ যদি দুৰ্বল অৱস্থাত আছে, পিৰিত অৱস্থাত আছে, বুধ গ্ৰহৰ যদি দোষ আছে, তেতিয়া নৱৰাত্ৰিৰ মাৰ পঞ্চমদিনাৰ ৰূপ মা স্কন্দমাতাৰ পূজা অৰ্চনা কৰি, সন্তষ্ট কৰি মা স্কন্দমাতাৰ আৰ্শীবাদ লাভ কৰিব পাৰে আৰু আপোনাৰ জনম কুণ্ডলিৰ বুধ গ্ৰহৰ দোষ খণ্ডন কৰিব পাৰে। ( Religious Studies )


নৱৰাত্ৰিৰ পঞ্চম দিনা, মা স্কন্দমাতাক কলৰ ভোগ দিব। আৰু যিকোনো হালধীয়া ৰংৰ ফুল মা স্কন্দমাতাক অৰ্পণ কৰিব। 

মা স্কন্দমাতাক সন্তষ্ট কৰিবলৈ

 "ঔম এং ক্লিং ক্লিং স্কন্দমাতায়ে নমঃ"

ৰাতি শুৱাৰ আগে, দূৰ্গা মাৰ ফটো, অখণ্ড জ্যোতি, কলহৰ আগত, মাটিত এখন আসন পাতি বহি লৈ, আপুনি এক মালা, এই গুপ্ত মন্ত্রটি জপ কৰিব।

এই মন্ত্রৰ দ্বাৰা আপুনি স্কন্দমাতাক সন্তষ্ট কৰিব পাৰে আৰু আপোনাৰ জীৱনত মা স্কন্দমাতাৰ অশেষ কৃপা লাভ কৰিব পাৰে।। 


(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰ পৰা সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages