নৱৰাত্ৰিৰ তৃতীয়া আৰু চতুর্থী দিনৰ ৰহস্য : Religious Studies to - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 9, 2021

নৱৰাত্ৰিৰ তৃতীয়া আৰু চতুর্থী দিনৰ ৰহস্য : Religious Studies to

 

Religious Studies

 ২০২১বৰ্ষৰ শাৰদীয় দূৰ্গা পূজাৰ নৱৰাত্ৰিৰ তৃতীয় দিন পৰিছে, ৯অক্টোবৰ শণিবাৰ। এই ২০২১ বৰ্ষৰ শাৰদীয় নৱৰাত্ৰিৰ ৯তাৰিখ শণিবাৰে তৃতীয়া আৰু চতুর্থী একেলগে পৰিছে। ( Religious Studies )


মাতাৰ তৃতীয়া ৰূপ হৈছে, মা চন্দ্ৰঘন্টা। তেখেতৰ কপাঁলত আৰু তেখেতৰ মূৰত এটা এটা অৰ্ধ চন্দ্রৰ দৰে চিহ্ন থকাৰ বাবে, মাতাক চন্দ্ৰঘন্টা বুলি কোৱা হয়। বাঘৰ ওপৰত বিৰাজমান মা চন্দ্ৰঘন্টা। মা চন্দ্ৰঘন্টাৰ ১০খন হাত আছে। অস্ত্র শস্ত্ৰ লৈ, যুদ্ধলৈ ওলোৱা, মাৰ অন্য এটা ৰূপ। মহিষাসুৰক বধ কৰিবলৈ সমস্ত দেৱ দেৱীয়ে অস্ত্র শস্ত্ৰ বিদ্যা দিছিল, এই নৱ দূৰ্গাক প্ৰস্তুত কৰিবলৈ। 


নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘন্টাৰ পূজা অৰ্চনা কৰি, সন্তষ্ট কৰিব পাৰিলে, অতি শীঘ্রে ফল পোৱা যায়। আপুনি যদি মা চন্দ্ৰঘন্টাক সুখী কৰিব পাৰে, তেতিয়া সুন্দৰ সুগন্ধি পাব, আৰু সুন্দৰ ধ্বনি শুনা পাব। বিশেষ কৰি সকলো ধৰণৰ বাধা বিঘিনি নাশ কৰাত আপোনাৰ সহায়তা কৰে মাতা চন্দ্রঘন্টাই।( Religious Studies )

নৱৰাত্ৰিৰ তৃতীয় ৰূপ চন্দ্রঘন্টা মাতাক সন্তষ্ট কৰিলে, আপোনাৰ জনম কুণ্ডলিৰ শুক্র গ্ৰহৰ বেয়া প্ৰভাৱ নাইকিয়া হয়। শুক্র গ্রহ হৈছে, সুখ, বিলাস, ধৰ্মশ্বাৰ্য্যৰ প্ৰতীক। শুক্র গ্রহৰ বেয়া প্ৰভাৱ, আপোনাৰ জনম কুণ্ডলিত দুৰ্বল অৱস্থাত আছে, শুক্র গ্ৰহৰ যদি দোষ আছে, তেতিয়াহলে এই সমস্ত দোষ খণ্ডন হব মা চন্দ্ৰঘন্টাৰ আৰ্শীবাদত। 


নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘন্টাক গাখীৰৰ যিকোনো সামগ্রী ভোগ হিচাপে দিব। 

চন্দ্ৰঘন্টা মাতাৰ প্ৰিয় ফুল হৈছে, পদুম ফুল। 

মা চন্দ্ৰঘন্টাৰ গুপ্ত মন্ত্র হৈছে

 "এম এং ক্লিং ক্লিং চন্দ্ৰঘন্টায়ে নমঃ"। 

এই বিশেষ মন্ত্রটি আপুনি শোৱাৰ আগে, এক মালা জপ কৰি আপুনি চন্দ্রঘন্টা মাতাৰ বিশেষ কৃপা লাভ কৰিব পাৰে।।(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰ পৰা সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages