ভিটামিন E টেবলেটৰে সৌন্দৰ্য্য বঢ়োৱাৰ গোপন টিপছ্ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 20, 2021

ভিটামিন E টেবলেটৰে সৌন্দৰ্য্য বঢ়োৱাৰ গোপন টিপছ্ : Assamese Fact

Assamese Fact


প্ৰিয় পাঠকসকল যদি আপোনালোকে নিজৰ ছালখনক সতেজ আৰু উজ্জ্বল কৰি তুলিব বিচাৰে আৰু কিবা ভাল বস্তুৰ অপেক্ষাত আছে। তেতিয়া আপোনালোকে ভিটামিন E টেবলেটৰ ব্যৱহাৰ কৰিব লাগে।Assamese Fact )

 ভিটামিন E টেবলেট আপোনালোকে যিকোনো মেডিকেল ষ্টৰত Evion 400 নামেৰে বহুত কম দামতে পাব। আপোনালোকক জনাম যে ভিটামিন E টেবলেটৰ কি কি লাভ আছে আৰু ইয়াক কেনেদৰে ছাল আৰু চুলিৰ বাবে ব্যৱহাৰ কৰিব পাৰি।


বজাৰত পোৱা ছালৰ লগত জড়িত সকলোধৰণৰ বস্তুসমূহত ভিটামিন E টেবলেট ব্যৱহাৰ কৰা হয়। সেই কাৰণে ইয়াক ছালৰ কেপচুল বুলি ও কোৱা হয়।এই টেবলেটো আপোনালোকে নিজৰ ছাল আৰু চুলি সতেজ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা লগতে দাগ, গুটি বা শালমইনা , শুকান চাল আদি ভাল কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। কাৰণ ভিটামিন E টেবলেটত Antioxidant বহুত বেছি মাত্ৰাত পোৱা যায়। যি বয়সৰ চাপ কমাই। ইয়াৰ বহুত লাভ আছে তাৰ বিষয়ে জানো আহঁক-


১ঃ আপোনালোকে ভিটামিন E টেবলেট মুখমণ্ডলত দাগ আতঁৰাবলৈও ব্যৱহাৰ কৰিব পাৰে। মুখমণ্ডলত গুটি বা শালমইনা ফলত বা বেলেগ কাৰণত যদি দাগ হৈছে । তেতিয়া আপোনালোকে ইয়াক বহুত সহজতে ভিটামিন E টেবলেটৰ সহায়ত নাইকীয়া কৰিব পাৰিব।  ইয়াৰ কাৰণে আপোনালোকে ভিটামিন E টেবলেট এচামুচ বাদামৰ তেলত মিলাই লৈ এইখিনি চেহেৰা বা য'ত দাগ আছে তাত লগাব লাগে। আপোনালোকে ইয়াক ৰাতি লগাইও থ'ব পাৰে। ইয়াৰ পৰা বহুত ভাল ৰিজাল্ট আপোনালোকে পাব। সেই কাৰণে ইয়াক ৰাতি ব্যৱহাৰ কৰিব বা লগাই থ'ব ।


২ঃ ভিটামিন E টেবলেট আপোনালোকে ওঁঠটো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে নিজৰ ওঁঠটো কোমল কৰি তুলিবলৈ ভিটামিন E টেবলেট ব্যৱহাৰ কৰিব পাৰে। কাৰণ ভিটামিন E টেবলেটে ওঁঠটো উজ্জ্বল আৰু কোমল কৰি তোলে। ইয়াৰ বাবে আপোনালোকে ভিটামিন E টেবলেটৰ তেলখিনি উলিয়াই তাক বাদামৰ তেল আৰু গ্লিচাইনৰ লগত মিলাব লাগিব। তাৰ পাছত এইখিনি নিজৰ ওঁঠত লগাব লাগিব। ইয়াৰ লাভ বা ৰিজাল্ট আপোনালোকে কিছুদিনৰ ভিতৰতে দেখিবলৈ পাব। আপোনালোকৰ ওঁঠ কোমল আৰু উজ্জ্বল হৈ উঠিব।


৩ঃ ভিটামিন E টেবলেট আপোনালোকে ৰাতি লগোৱা ক্ৰীমৰ দৰেও ব্যৱহাৰ কৰিব পাৰে।যদি আপোনালোকে নিজৰ চেহেৰাটো বেছি কোমল আৰু উজ্জ্বল কৰি তুলিব বিচাৰে। তেতিয়া ইয়াৰ বাবে আপোনালোকে ভিটামিন E টেবলেট আধা চামুচ এল'ভেৰা জেলত মিলাই নিজৰ চেহেৰাত লগাই ভালকৈ মালিচ কৰিব লাগিব।মালিচ কৰা পাছত ইয়াক গোটেই ৰাতি এনেদৰেই থৈ দিব।যাতে ই আপোনাৰ চেহেৰাত ভালকৈ কাম কৰিব পাৰে আৰু আপোনালোকে ভাল এটা ৰিজাল্ট পাব পাৰে। ইয়াৰ উপৰিও আপোনালোকে ভিটামিন E টেবলেট যিকোনো মইচ'ৰাইজাৰৰ লগত মিলাই ৰাতি সানিব পাৰে।Assamese Fact )


৪ঃভিটামিন E টেবলেট আপোনালোকে ষ্ট্ৰেচ মাৰ্ক দূৰ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। ষ্ট্ৰেচ মাৰ্ক হঠাৎ চালত হ'ব পাৰে। লগতে বেছিকৈ ষ্ট্ৰেচ মাৰ্ক গৰ্ভৱতী হোৱাৰ পিছত বা শিশু জন্ম হোৱাৰ পিছত দেখা যায়।ভিটামিন E টেবলেট ব্যৱহাৰ কৰি আপোনালোকে ষ্টেচ মাৰ্ক নাইকীয়া কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে আধা চামুচ ক'কৱা বাটাৰ আৰু ১০ টা ভিটামিন E টেবলেট মিলাই ষ্টেচ মাৰ্কত লগাব লাগে। ইয়াৰ উপৰিও আপোনালোকে ভিটামিন E টেবলেটত বাদামৰ তেল বা নাৰিকলৰ তেল মিলাই ও নিজৰ ষ্ট্ৰেচ মাৰ্কত লগাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ষ্ট্ৰেচ মাৰ্কৰ দাগ পাতল হৈ যাব আৰু লাহে লাহে নাইকীয়া হৈ যাব।


৫ঃ ভিটামিন E টেবলেট আপোনালোকে নিজৰ চকুৰ বাবে ও ব্যৱহাৰ কৰিব পাৰে। বহুতসংখ্যক মানুহৰ চকুৰ তলত ক'লা দাগ পৰে আৰু তাৰ বাবে তেওঁলোক বহুত চিন্তিত হৈ পৰে। যদি আপোনালোকে চকুৰ তলত হোৱা ক'লা দাগ আতঁৰাব বিচাৰে । তেতিয়া আপোনালোকে ভিটামিন E টেবলেট ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে ভিটামিন E টেবলেটৰ তেলখিনি উলিয়াই লৈ চকুৰ তলত সানি ৰাতিটো থৈ দিব পাৰে। এনেকুৱা কৰাৰ ফলত ইয়াৰ লাভ আপোনালোকে কিছুদিনৰ ভিতৰতে দেখিবলৈ পাব আৰু লাহে লাহে আপোনালোকৰ দাগ নাইকীয়া হৈ পৰিব।


৬ঃ আপোনালোকে ভিটামিন E টেবলেটৰ ব্যৱহাৰ বগা হ'বলৈও কৰিব পাৰে। ভিটামিন E য়ে আমাৰ ছালখন শুকান হোৱাৰ পৰা বচাই আৰু উজ্জ্বল কৰি তুলে। ইয়াৰ বাবে আপোনালোকে ভিটামিন E টেবলেট ৰাতি শুৱাৰ সময়ত বাদামৰ লগত মিলাই , সেইখিনি লাহে লাহে মালিচ কৰি চেহেৰাত লগাব লাগে। আপোনালোকে ইয়াক মইচ'ৰাইজাৰ বা লোচনৰ লগত মিলাই ও ব্যৱহাৰ কৰিব পাৰে।



৭ঃভিটামিন E টেবলেটৰ সহায়ত আপোনালোকে নিজৰ শৰীৰৰ বয়সৰ ৰেখা বা ছালখন কোচ কোচ খোৱাৰ দৰে হোৱাৰ পৰাও বাচিব পাৰে। বয়স বঢ়াৰ লগে লগে আমাৰ ছালখনত বিভিন্ন ৰেখা বা ছালখন কোচ কোচ খাই যোৱাৰ দৰে হয় আৰু চেহেৰাটোহে প্ৰথমতে এইসমূহ সমস্যাৰ চিকাৰ হয়।যদি আপোনালোকে বয়স বাঢ়ি যোৱাৰ ফলত হোৱা এই সমস্যাবোৰৰ পৰা বাচিব বিচাৰে তেতিয়া ভিটামিন E টেবলেট ব্যৱহাৰ কৰক। ভিটামিন E টেবলেট আপোনালোকে পোনপটীয়াকৈ চেহেৰাত লগাব পাৰে বা আপোনালোকে ইয়াক নাৰিকল তেল বা বাদামৰ তেল আৰু জেইটুনৰ তেলৰ  লগত মিলাইও সানিব পাৰে।


৮ঃ  আপোনালোকে ভিটামিন E টেবলেট নিজৰ চুলিৰ বাবেও ব্যৱহাৰ কৰিব পাৰে। ছালৰ বাবে ভিটামিন E টেবলেট বহুত ভাল আৰু ইয়াৰ লগতে ইয়াত থকা শক্তিশালী Antioxidant গুণৰ বাবে ইয়াৰ ব্যৱহাৰ চুলিৰ বিভিন্ন সমস্যা দূৰ কৰিবলৈ ও কৰা হয়।ভিটামিন E টেবলেটৰ ব্যৱহাৰ আপোনালোকে সময়ৰ আগতে চুলি পকাৰ পৰা বাচিবলৈ ও কৰিব পাৰে। ভিটামিন E টেবলেট সদায় ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলি আনৰ তুলনাত বেছি উজ্জ্বল হৈ উঠিব। আপোনালোকে নিজৰ চুলি দীঘল আৰু ঘন কৰি তুলিবলৈ  ভিটামিন E টেবলেটৰ লগত এচামুচ আৰন্দীৰ তেল মিলাই চুলিত লগাই ভালকৈ মালিচ কৰক ইয়াৰ ফলত আপোনালোকৰ চুলিৰ সমস্যা নাইকীয়া হ'ব।


৯ঃ আপোনালোকে ভিটামিন E টেবলেট ভৰিৰ তলুৱা ফঁটা ভাল কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে।  ছালখন উজ্জ্বল কৰি তোলাৰ লগতেই আপোনালোকে ভিটামিন E টেবলেট ভৰিৰ তলুৱা ফঁটা ঠিক কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে ভিটামিন E টেবলেট যিকোনো মইচ'ৰাইজাৰ ক্ৰীম যেনে- ভেচলিন আদিৰ লগত মিলাই ল'ব আৰু তাৰ পাছত সেইখিনি  ভৰিৰ তলুৱাত ভালকৈ লগাই গোটেই ৰাতিটো থৈ দিব আপোনালোকে ভিটামিন E টেবলেট নাৰিকল তেলৰ লগত মিলাই ও ব্যৱহাৰ কৰিব পাৰে। নিজৰ ভৰিত ভালকৈ লগাই লোৱা পাছত আপোনালোকে নিজৰ ভৰিত মুজা পিন্ধি দিব । এনেদৰে এইটো কিছুদিন কৰাৰ পিছত আপোনালোকে দেখিব যে ভৰিৰ তলুৱা ফঁটা ভাল হৈ গৈছে।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages