তাৰ কথাৰ সুৰ শুনি ৰিয়াই খিলখিলাই হাঁহি দিলে,"আপুনিও যে নহয়, মইতো ধেমালি কৰি আছিলোঁ। আপুনি একেবাৰে চিৰিয়াছ হৈ গল।"( Assamese Storyboard )
তাক এনেদৰে জোকাই তাই ওলাই যাব লওঁতে ৰিংকুয়ে বুজি পালে যে ইমান দেৰি তাই তাক জোকাইহে আছিল। সি দৌৰি আহি দুৱাৰখন লক কৰি কলে," তাৰমানে তুমি মোক ইমান দেৰি আমনি কৰি আছিলা?"
ৰিয়াই ৰিংকুক এনেদৰে কাষত পাই লাজতে ইফালে সিফালে চাব ধৰিলে,"ৰিংকু দা , চাওক এইটো অফিচ হয় ঘৰ নহয় । মোক যাবলৈ দিয়ক।"
ৰিংকু: নহব, তুমি মোক এনেদৰে আমনি কৰি পলাই যাব নোৱাৰা।
ৰিয়াই নিজৰ কাণত ধৰি বৰ মৰমেৰে কলে,"ছ'ৰি মই আৰু এতিয়া একেবাৰে আমনি নকৰো। এতিয়া যাবলৈ দিয়ক। বাহিৰত ষ্টাফৰ মানুহে কি ভাবিব?"
ৰিংকু: কেৱল চ'ৰি কেলেই নহব।
তাৰ পাছত সি তাৰ ওঁঠ জুৰীৰ ফালে ইংগিত দি কলে," যোৱাকালিও আধৰুৱা হৈ ৰল আৰু এতিয়া যে মোক আমনি কৰিলা তাৰ জৰিমনা দিয়া। অৱশ্যে অফিচ ষ্টাফৰ কথা চিন্তা নকৰিবা। তেওঁলোকে গম পায় যে আমি স্বামী স্ত্ৰী হয় আৰু বন্ধ দুৱাৰৰ পিছফালে কি হয় সেইয়া তেওঁলোকে ভালদৰেই জানে।"
সি দুষ্টমীৰ দৃষ্টিৰে ৰিয়াৰ ফালে চোৱাত তাই আৰু লাজতে ৰঙা পৰিল। তাইক সি আৰু কাষলৈ টানি নিলে আৰু তাইৰ চকুলৈ চাই কলে," মই ভাবিছোঁ তিনি বছৰৰ পৰা বাকী থকা বোৰো সুতৰ সৈতে লৈ লওঁ। " ইফালৰ পৰা দুৱাৰত কোনোবাই মাত লগালে।
ৰিয়াই তাৰ পৰা হাতখন আঁতৰাই আনি লাহেকৈ দুৱাৰ খুলিলে। সন্মুখত ৰুদ্ৰই ৰৈ মিচিকিয়াই আছিল। ৰিংকুয়ে যেতিয়া তাক দেখিলে সি তাক চকু দেখুৱাই কলে," অলপ সময় পাছত আহিব নোৱাৰিলা? সকলো মোৰ ৰোমাঞ্চৰ শত্ৰু হৈ আছে।"
ৰুদ্ৰই তাৰফালে চাই মিচিকিয়াই কলে,"তোমালোক দুজনে ইয়াত একেলগে কি কৰি আছিলা?"
ৰিংকুয়ে মিচিকিয়াই কলে," আমি কিবা দৰকাৰী কাম কৰি আছিলোঁ।"
তেতিয়া ৰুদ্ৰই কলে,"তেন্তে দুৱাৰখন কিয় বন্ধ আছিল?"
এইবাৰ ৰিয়াই লাজ কৰিলে। ৰিংকুয়ে কলে,"ভুলতে বন্ধ হৈ গল।"
ৰুদ্ৰই নিজৰ হাঁহি লুকুৱাই কলে," আজিলৈকে তো মই ভুলতে কেতিয়াও লক কৰি পোৱা নাই। তোমাৰ দ্বাৰা কেনেকৈ লক হৈ গল? কামৰ নামত বেলেগ কিবা হোৱা নাছিল তো? বাৰু ছ'ৰি ছ'ৰি । আচলতে কল্পনা খুৰীয়ে বহুত দেৰীৰ পৰা তোমালোক দুয়োকে ফোন কৰি আছে কিন্তু উঠোৱা নাই তোমালোকে। সেইবাবে তেওঁ মোক ফোন কৰিলে। তেওঁ তোমালোকক আজি সোনকালে ঘৰলৈ মাতিছে।"( Assamese Storyboard )
তেতিয়াই ৰিয়াৰ মনত পৰিলে যে তাইৰ ফোনটো তাই নিজৰ টেবুলতেই থৈ আহিলে।তাই কলে," আচলতে মোৰ ফোনটো মোৰ টেবুলতেই থাকি আহিল। আৰু মায়ে মোক অহাৰ সময়ত সোনকালে যাবলৈ কৈ পঠিয়াইছিল।" কিছুসময় পাছত দুয়ো ঘৰলৈ ওলাই গল।
ৰিংকু আৰু ৰিয়া যেতিয়া ঘৰলৈ গৈ পালে তেতিয়া সকলো হলতেই বহি আছিল।তাত বামুণ জনো উপস্থিত আছিল বেদান্তই ৰিংকুক দেখি তাৰ ওছৰলৈ গৈ কলে," দাদা, মায়ে সোনকালে বিয়া পাতি দিব বিচাৰে। সেইবাবে এওঁক বিয়াৰ তাৰিখ চাবলৈ মাতিছে।"
কথাবোৰ শুনি ৰিয়া লাজতে ৰঙা পৰিল। কল্পনাই দুয়োকে ওচৰলৈ মাতি বহুৱাই ললে।
বামুনজনে কিছুসময় পাছত কলে," যদি আপোনালোকৰ কোনো অসুবিধা নহয় তেন্তে আঙুঠি পিন্ধোৱাৰ শুভ লগন এটা পৰহিলৈ আছে। আৰু তাৰ এসপ্তাহ পাছতেই বিয়াৰ শুভ ক্ষণ আছে যিটো অতি উত্তম। এই শুভ ক্ষণত হোৱা বিয়াবোৰ সাত জনমৰ বাবে মজবুত হয় বুলি কোৱা হয়।"
তেওঁৰ কথাষাৰ শুনি কল্পনাই কলে,"তেন্তে আমি এই শুভ ক্ষণতেই বিয়া আৰু আঙুঠি পিন্ধোৱা পৰ্ব কৰিম।"
তেতিয়া ৰাধিকাই কলে,"কিন্ত্ত ইমান সোনকালে এই সকলোবোৰ কেনেকৈ হব?"
কল্পনা: আপুনি কোনো কোঠাৰ বাবে চিন্তা কৰিব নালাগে। সকলো হৈ যাব।
ৰাধিকাই কলে," আমি ৰিয়াক অন্তৰৰ পৰা নিজৰ ছোৱালী ৰূপত মানিছোঁ গতিকে ছোৱালীৰ বিয়াৰ সকলো নিয়ম আমি কৰিম। আৰু আঙুঠি পিন্ধোৱা নিয়মটো আমাৰ ঘৰত হোৱাটোৱেই বিচাৰো।"
কল্পনা: কোনো কথা নাই তেন্তে। আমি ইয়াতেই আঙুঠি পিন্ধাম আৰু বিয়া গুৱাহাটীত পাতিম।
তেতিয়া ৰিংকুয়ে কলে," নহয় মা, আমি বিয়া শিৱসাগৰত পাতিম। তুমি চিন্তা নকৰিবা মই তাত সকলো যোগাৰ কৰাই দিম। আঙুঠি পিন্ধোৱাৰ পিছদিনাই আমি ইয়াৰ পৰা গুৱাহাটীলৈ গুচি যাম আৰু তাৰ প্ৰস্তুতি বোৰ চাই লৈ শিৱসাগৰলৈ ৰাওনা হম।"
বেদান্ত আৰু ৰিয়াই কথাষাৰ শুনি বহুত ফুৰ্তি পালে। ৰিংকুক ইয়াৰ বাবে ইংগিত দি ধন্যবাদ দিয়াত সি মিচিকিয়াই দিলে। কিন্তু ৰাধিকা এতিয়াও চিন্তিত আছিল যে ইমান সোনকালে এইবোৰ যা যোগাৰ কেনেকৈ হব। তেতিয়াই ৰুদ্ৰ আৰু মিঠু তালৈ আহিল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
Bhut bhut val lgise bt ru olp besikoi dile val asile
ReplyDeleteভাল লাগিল, লগতে
ReplyDeleteভাল ভাল লিখনী পঢ়িবলৈ আমাৰ Website ত Visit কৰিব।