কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬৫ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 7, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ৬৫ ) ? Assamese Storyboard

Assamese Storyboard

 

ৰিয়াই এইবাৰ মুখখন ফুলাই কলে,"ঠিক আছে তেন্তে শুই থাকক মই উৰ্মিৰ ওচৰলৈ যাওঁ।"

ৰিংকু: কিয় যাব লাগে নো?ইয়াতে শুই যোৱা বহুত ঠাই আছে ইয়াত। আকৌ ৰোহিয়ে যদি ৰাতি উঠি মাকক বিচাৰে মই কি কৰিম?Assamese Storyboard )

ৰিয়াই কলে,"নিবিচাৰে তাই, দেখা নাই জানো আপোনাক দেখি কেনেকৈ শুবলৈ গল আপোনাৰ লগত। মই অহাৰ পাছত আজি প্ৰথমবাৰ এনেকুৱা হৈছে যে তাই বেলেগ কাৰোবাৰ লগত শুব গৈছে। আপুনি মোৰ পৰা মোৰ ছোৱালী জনিও  কাঢ়ি নিলে।"

ৰিংকুয়ে তাইৰ গাল দুখনত চিকুটি কলে," মোৰ ধুনীয়া পুতলা জনীয়ে মোক হিংসা কৰিছে।"

ৰিয়াই গালৰ পৰা তাৰ হাত দুখন আঁতৰাই কলে,"আপোনাৰ এই অভ্যাসটোৱেই মোৰ ভাল নালাগে। যেতিয়াই তেতিয়াই মোৰ গালখনত চিকুটি থাকে। মই আকৌ দেউতাক আপোনাৰ কথা কৈ দিম।"

ৰিংকু: দেউতাৰ গোলাম।

ৰিয়াই বাহিৰলৈ ওলাই গল তাক জিভা দেখুৱাই আৰু গৈ উৰ্মিৰ লগত শুই থাকিল।

আজি সেইখন ঘৰৰ সকলোৰে চকুত সুখ আৰু শান্তিৰ নিদ্ৰা আছিল। সকলোতকৈ বেছি শান্তি বেদান্তই পাইছিল। আজিলৈকে সি নিজকে দোষাৰোপ কৰি আছিল সিহঁত দুয়ো বেলেগ হোৱাৰ কাৰণে কিন্তু আজি দুয়োকে লগত দেখি সি মনত বহুত শান্তি পাইছে।

পিছদিনা ৰিয়া ৰিংকুৰ সৈতে অফিচলৈ গৈ পোৱাত সকলোৱে তাইক সন্মানেৰে স্বাগতম জনালে। তাইৰ এইবোৰ বহুত অজিব লাগিছিল। তাই সকলোৱে


তাই সকলোৰে আগত হাত যোৰ কৰি নম্ৰভাৱে কলে,"আপোনালোকে আগতে যিদৰে মোৰ লগত ব্যৱহাৰ কৰিছিল প্লিজ এতিয়াও কৰিব। কোম্পানীৰ বাবে মইও আপোনালোকৰ দৰে এজন কৰ্মচাৰী হয় বিশেষ কোনো নহয়।"

তাই এনেদৰে কোৱাত সকলোৱে তাইক ধন্যবাদ জ্ঞাপন কৰিলে। প্ৰিয়াই আগবাঢ়ি আহি তাইক ক্ষমা বিচৰাত তাই প্ৰিয়াক ক্ষমা কৰি কলে," আগলৈ মনত ৰাখিবা যাতে সম্পূৰ্ণ কথাটো নজনাকৈ কাৰো ওপৰত আঙুলি নুঠুৱা।" তেতিয়াই সন্মুখৰ পৰা মিঠু আৰু ৰুদ্ৰ আহিল আৰু তেওঁলোকৰ লগত কেবিনলৈ গুচি গল। ৰিংকু ৰুদ্ৰৰ লগত নিজৰ কেবিনলৈ গল আৰু ৰিয়াই বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ টেবুললৈ গল। তাই জানিছিল যে এতিয়া তাই গুৱাহাটীলৈ ঘূৰি যাব লাগিব গতিকে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবই লাগিব। যাতে তাই গুচি যোৱাৰ পাছত কোম্পানীৰ কোনো ধৰণৰ ক্ষতি নহয়।

কাম কৰি থাকোতেই তাইৰ চকু কাচৰ ৱালৰ ইপাৰে পৰিল। ৰিংকু নিজৰ কেবিনত অকলে আছিল আৰু কিছুসময় সি তাৰ নিজৰ হাতখন চাই ৰৈ আছিল।তাই তাক ইংগিত দি কামত মন দিবলৈ কলে। তাই একো শুনি নোপোৱাৰ বাবে ওচৰলৈ গৈ পৰ্দা খন পেলাই দিলে।Assamese Storyboard )

ৰিংকু: পৰ্দা কিয় পেলাই দিলা? মই এতিয়া তাইক কেনেকৈ চাম?

ৰিয়াই মিচিকিয়াই কলে," তেন্তে আপুনি ইমানেই মগন হৈ আছে যে এইটো ও গম নাপায় মই ইয়াত আছোঁ নে তাত ?" তাৰ পাছত ৰিংকুৰ ওচৰলৈ গৈ কলে," অফিচ কাম কৰিবৰ বাবে হয় কাৰোবাক চাই থাকিবলৈ নহয়। অৱশ্যে আপুনি মোক এৰি কাক চাই আছে?"

ৰিংকুয়ে আকৌ সেই মগন হৈ উত্তৰ দিলে,"মইতো মোৰ পত্নীক চাই আছো। বেলেগ কাৰোবাক নাই চোৱা নহয়।"


তেতিয়া ৰিয়াই মিচিকিয়াই ৰিংকুৰ কাণৰ ওচৰত গৈ কলে,"কিন্তু মইতো ইয়াত আছো , তেন্তে কোন দ্বিতীয় পত্নী আহিল আপোনাৰ?"

 নিজৰ কাণৰ ওচৰত ৰিংকুয়ে ৰিয়াৰ মাতষাৰ শুনি নিজৰ অৱস্থালৈ ঘূৰি আহিল,"তুমিতো এতিয়া নিজৰ টেবুলত আছিলা তেন্তে ইয়াত কেতিয়া আহিলা?"

ৰিয়াই তাক চকু দেখুৱাই কলে,"মইতো ইয়াত বহুত দেৰীৰ পৰা আছোঁ কিন্তু আপুনিটো বেলেগ কাৰোবাক চোৱাত ব্যস্ত। সেইবাবে আপুনি মোক দেখি পোৱা নাই। মই আপোনাৰ লগত কথা নাপাতো যাওক।"

ৰিংকু: নহয় নহয় ৰিয়া , ভগৱানৰ শপত মই তোমাক চাই আছিলোঁ। মইনো বেলেগক কিয় চাম? আৰু মোৰ ৰিয়াতকৈ ধুনীয়া ইয়াত কোনো নাই।" তাইৰ ফালে মৰমত চাই কলে।

কিন্তু ৰিয়াই ৰিংকুক জোকাব বিচাৰিছিল,"তাৰমানে যদি কোনোবা মোতকৈ ধুনীয়া পায় তেন্তে আপুনি চাব ।"

ৰিংকু: একদম নাচাও , মইনো বেলেগক কিয় চাম?

ৰিয়াই নিজৰ হাঁহিটো চেপি ধৰি কলে,"মিছা কথা নকব, এতিয়াই আপুনি কলে যে ইয়াত মোতকৈ ধুনীয়া আৰু কোনো নাই। তাৰমানে এইটো যে আপুনি সকলো মহিলা কৰ্মচাৰীক ভালদৰে লক্ষ কৰিছে। মোৰ আপোনাৰ ওপৰত খং উঠিছে আৰু মই কথা নাপাতো।"

তেতিয়া ৰিংকুয়ে নিজৰ মূৰটো খজুৱাই কলে," ৰিয়া কিয় মোক জোকাই আছা? তুমিতো ভালদৰেই জানা যে মই কেতিয়াও কোনো ছোৱালীক নাচাও।"

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতিদিনে দিনৰ ঠিক ১১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

Advertisement

Pages